ভাল পোৱাৰ অনুভৱ
মিথুন মণ্ডল
পুঠিমাৰি, বকো, কামৰূপ (ৰ)
ভাল পাওঁ তোমাক
ভাল পাওঁ এই পৃথিৱীৰ বাস্তৱতা
মই যি মোৰ সত্ত্বাক জানো, চিনো
ই কেতিয়াও মৰীচিকা নহয়….
এই জীৱন এটা সংগ্ৰামৰ নাম
সেয়ে হয়তো প্ৰতি টোপাল তেজত লিখাই আছিল
মোৰ আঘাতৰ উপৰি আঘাত
খোজে প্ৰতি পোৱা ক্ষত বোৰেও উমান দিছিল
যন্ত্ৰণাৰ গভীৰতাত
সেয়ে মই নিজকে চিনিব পাৰিলোঁ
কঠিন সত্যতাৰ মুখা মুখি হৈ
আজিও চিঞৰি চিঞৰি কওঁ
জীৱনৰ কঠিনতাক মই ভাল পাওঁ
এটাই মাথোঁ ভৰসা
ই যে কেতিয়াও প্ৰৱঞ্চনা নকৰে
এবাৰ কিয় হাজাৰ বাৰ কম
ভাল পাওঁ তোমাক।
তোমাৰ আগমনৰ খবৰে আজিও
বুকু খন কঁপাই যায়
নাজানো কিয় ?
ভাল পোৱাৰ তাৰণাত
নে জীৱনৰ বাস্তৱতাত
তোমাৰ দুৰ্বোধ্য অবোধ শিশু সুলভ
অভিমানবোৰে আজিও মোক বৰকৈ
আমনি কৰে
ভাল পোৱাৰ স্বপ্নীল অনুভৱবোৰ
কেতিয়াবা মনৰ অজানিতেই তোমাক বিচাৰি
ক্লান্ত কৰে দৃঢ় মনা গভীৰ চিন্তাধাৰা
ক'ত ক'ত বিচৰা নাই তোমাক
কোৱাচোন ক'তনো আছা বাৰু লুকাই ??
সঁচাকৈ কৈছোঁ
তোমাক বহুত ভাল পাওঁ
সেয়ে হয়তো আজি ৰাতিৰ বুকুৰ শূণ্যতাত
তোমাৰ সপোন দেও দি নাচে
সুখৰ কাৰেং ঘৰ সজাই
তুমি আহিবাচোন মোৰ এটি শেষ নিশাৰ
সপোন হৈ
কথা দিলোঁ
ৰাখিম মই বুকুত শুৱাই
সেয়ে কওঁ ভাল পাওঁ তোমাক।।
No comments:
Post a Comment