পৰিৱৰ্তন
অতুল চন্দ্ৰ বড়ো
মিছামাৰি, শোণিতপুৰ
পৰিবৰ্তন.. হব লাগে.,,গতিশীলতা কোনেনো নিবিচাৰে? আজিৰ অৱস্থাৰ পৰা আকাংক্ষিত এটা ভাল অৱস্থালৈ গতি কৰিব বিচৰা সমাজ এখনে পৰিবৰ্তন বিছাৰে । পৰিবৰ্তন বিছাৰে বানত ডুব গৈ থকা গাঁওখনে, পৰিবৰ্তন বিছাৰে দিন হাজিৰাৰে চলি থকা পৰিয়ালটোৱে,,,
ঠিকেই আছিল। ক্ৰমশঃ সলনি হৈ আহিছিল গাঁওখনৰ অবস্থা ।ৰংজুলী লৈ যেন ৰংঙৰ নৈ বৈ আহিল।বাৰিষা বোকা পানীৰে ভৰি থকা চহৰ সংযোগী একমাত্ৰ পথটোত বিভাগীয় কুচ-কাৱাচ আৰম্ভ হৈ গল । ৰংজুলী নৈখনৰ বাঁহৰ সাঁকো গুচি পকি দলং নিৰ্মাণ হল। এদিন সম্পূৰ্ণ হৈ উঠিল পথটো , দলংখন ।
আহঁতৰ তিনিআলিত ভদ্ৰেশ্বৰৰ দোকান হল । তেল-টেঙা, আলু-দালি,নিমখৰ বাবে এতিয়া আৰু তিনি কি:মি দুৰ কলাবাৰী চ'ক্ লৈ নগলেও হয় । অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা অনাৱশ্যকীয় সামগ্ৰীও সহজে উপলব্ধ এতিয়া গাঁওৰ দোকানতে ।
গাঁওত দিন হাজিৰা কৰি খোৱা জুৰু, টিকেনহঁতেও এতিয়া চহৰ অভিমূখী হল । গাঁওত মাজে-মাজে হে কাম পোৱা যায়, চহৰত কামৰ অভাৱ নাই ।
মিলেটাৰী কেম্পাচৰ কাম খোলাত বহু ঠিকাদাৰে ঠিকা পাইছে । মজদুৰ লাগে ।সপ্তাহত দৰমহা দিব । এনেই ঘৰতে বহি থকাতকৈ গাঁওৰ বহুত ল'ৰাই তালৈ ঢাপলি মেলিছে ।লাহে লাহে এজনী দুজনি ছোৱালীও যাবলৈ ধৰিলে । গাঁওখন লৈ যেন জীৱন-জীৱিকাৰ এক জাগৰণ আহিছিল । এতিয়া বিয়া-সবাহে ল'ৰা-ছোৱালী বিচাৰি নোপোৱা হল ।কামৰ আহৰি নাই । সমাজৰ দায়িত্ব লৈ কাম-কাজ চলাই নিয়া মানুহৰ অভাৱ হল। বছৰেকীয়া পুজাভাগত আগভাগ লওঁতাৰ অভাৱ হল ।
ভদ্ৰেশ্বৰৰ দোকানৰ নতুন সামগ্ৰীৰ আমদানী হল চহৰৰ পৰা । দোকানৰ গাঁতে লগাই টিনৰো সৰু চালি এখন দি চানা, পকৰি, ঘুগুনি ৰ পৰা আদি কৰি দেশী-বিলাতী সুৰাৰ বেহা আৰম্ভ কৰিলে তেওঁ । কামৰ শেষত উভতি আহি সন্ধ্যা ভদ্ৰেশ্বৰৰ টিনৰ চালিৰ তলতে আড্ডা বহা হল । আজি অলপ , কাইলৈ অলপ, আজি এজন, কাইলৈ চাৰিজন,ছয়জন ক্ৰমশঃ বাঢ়ি বাঢ়ি গৈ থাকিল টিনৰ চালিৰ তলৰ আড্ডাৰ সদস্য । বিলাতী সুৰাৰ চাহিদা বাঢ়িব ধৰিলে । পৰিবৰ্তন ভালকৈ হব ধৰিলে । ডাঙৰৰ আগত তামোল এখন খাবলৈ লাজ কৰা পিলিঙা কেইটায় চিগাৰেট,বিড়ী বিনাদ্বিধাই খাব শিকিলে । ভদ্ৰেশ্বৰৰ দোকান বেচ ভালেই চলিছে ।
কামৰ আহৰি নাই। মিলেটাৰী কেম্পাচত নতুন নতুন কনচট্ৰাকচন কোম্পানী আহিয়েই আছে । লগত আহিছে বিহাৰ,বেংগল,কেৰেলা আদি ঠাইৰ মজদুৰ,ঠিকাদাৰ,ইঞ্জিনিয়াৰ,ড্ৰাইভাৰ আদি ।
এয়াই সুযোগ । নিজাম কাবিলিৰ লগ লাগি টিকেনেও এটা চাইদৰ ছাব-কনটেক লৈছে । এতিয়া টিকেনেও গাঁওৰ বহুতক কাম দিব পৰা হল ।
ভদ্ৰেশ্বৰৰ দোকানখনো বাঢ়ি গৈ থাকিল। চানা-পকৰিৰ পৰা মাছ-মাংস হল । বাঢ়ি গৈ থাকিল টিকেন ৰ ছাব-কনটেক্সট, চাইদ-কনটেক্সটৰ কাম। বাঢ়ি গৈ থাকিল আড্ডাৰ পৰা পাৰ্টিলৈ পৰিসৰ, তাচ-জোৱাৰ মুকলি খেলা। বাঢ়ি গৈ থাকিল বাকি খৰছৰ খাতা । বাঢ়ি গৈ থাকিল খেতি বাদ দি মজদুৰী কৰা মানুহৰ সংখ্যা, বাঢ়ি গৈ থাকিল হিংসা-হিংসি, অৰিয়া-অৰি ।
ইফালে কমি গৈ থাকিল সমাজত ঠিয় দিয়া মানুহৰ সংখ্যা, দায়িত্ব লোৱা ব্যক্তিৰ সংখ্যা । কমি গৈ থাকিল অগ্ৰজক দিয়া সন্মান, কমি গৈ থাকিল স্কুল-কলেজ যোৱা লৰা-ছোৱালীৰ সংখ্যা ।
পৰিবৰ্তনে যেন ব্যৱধান আনি দিলে সমাজ জীৱনলৈ, ব্যক্তিৰ হৃদয়ৰ পৰা হৃদয়লৈ। পৰিবৰ্তনে আজুঁৰি লৈ গল সম্পৰ্ক,সন্মান,সংস্কৃতি । অৱক্ষয় আৰু উন্নতিৰ ধামখোমিয়াত ৰংজুলী যেন কেহেৰাজ হল ।
সিদিনা পুৱাতে হৈ-চৈ লাগি গ'ল। মাক পমিলি আৰু ভনীয়েক জয়াই অপ্ৰত্যাশিত খবৰটো শুনি কান্দি-কাটি আউলি-বাউলী হৈ দৌৰি গৈছে দলংখনৰ ফালে । পাছে পাছে গাঁওৰ মানুহবোৰ । ৰংজুলী নৈখনৰ দলংৰ তলত পৰি আছিল গাঁও খনৰ উঠি অহা ঠিকাদাৰজনৰ মৃতদেহ ক্ষত-বিক্ষত অবস্থাত ।
সুন্দৰ লিখনি ছাৰ।ভাল লাগিল।
ReplyDelete