ডাচবিনত ৰৈ যোৱা হৃদয়ৰ টুকুৰা
নয়ন জ্যোতি পাংগিং
জীৱন বাটত গচকি আগবাঢ়ি অহা মুহুৰ্তবােৰত কোন কেতিয়া কাৰ আপােন হয় আৰু কোন কাৰ শত্রু। এনে পৰিচিত অথবা অপৰিচিত বহুজনৰ মাজত কেতিয়া কাৰ হৃদয়ত লগপোৱাৰ সময় ক্ষণিকৰ বাবে হলেও গভীৰ সাঁচ বহুৱাই আৰু এই সাঁচে স্মৃতি মধুৰ অথবা যুগমীয়া কৰে চিৰ-জীৱনৰ হেঙুলীয়া বাটত। তেনে এক স্মৰণীয়া মূহুর্ত কঢ়িয়াই ফুৰিছিল সব্যসাচীয়ে । তাৰ মনত আজি বৰ আনন্দ, যেন ব্ৰহ্মপুত্ৰ পাৰৰ ঝাও বন বতাহত হালি-জালি থকাৰ দৰে ঢৌ তুলিছে তাৰ শৰীৰত। গধুলিৰ পৰা আৰম্ভ হােৱা কিন্ কিনিয়া বৰষুণজাক ৰাতিপুৱালৈকে দি আছিল সেয়ে আজি বতৰ সেমেকা। চহৰখনৰ চাৰিও দিশে অন্য এক যাত্রা। ব্যস্ত, কোলাহল পৰিৱেশত যেন সি আজি কাৰােবাৰ বাবে অপেক্ষা কৰিছে। পথেদি বহু মানুহ আহিছে গৈছে আহিছে গৈছে... পৰিচিত অথবা অপৰিচিত। ৰাতিৰ ভাগত বৰষুণজাক দিয়াৰ কাৰণে ৰাস্তাটোৰ খালবােৰত পানী ভৰি আছে। হঠাৎ সিপাৰত ৰৈ থকা ৰশ্মি আৰু জাহ্নৱীক দেখিলে দুয়ােজনীকে সি হাত বাউলি মাতিছে..., ঐ ছােৱালী, মই ইয়াত আছাে পাৰ হৈ আহা । ব্যস্ত চহৰখন আৰু গাড়ী-মটৰৰ শব্দৰ মাজেদি দুয়ােজনী পথ অতিক্রম কৰি সব্যসাচীক লগ ধৰিলে আৰু ক্রমশঃ এখােজ-দুখােজকৈ কলেজৰ প্ৰাচীৰ পত্রিকা আৰম্ভণিৰে পৰা উন্মােচিত হােৱাৰ মূহুৰ্তলৈকে স্মৃতিৰ স্বাক্ষৰ বহন কৰা অবুজ গাঠা আওঁৰালে ।
সব্যসাচী কলেজীয়া ছাত্র । সি স্নাতকোত্তৰ অর্থনীতি বিভাগৰ ছাত্ৰ। সেয়ে যােৰহাট চোলাধৰাত অভিজাত পৰিয়াল অচিনী খাউণ্ডৰ ভাড়া ঘৰত অন্য এজন বন্ধুৰ সৈতে ভাড়া লৈ থাকে। সব্যসাচীৰ SMS ৰ পৰা অভিজিত আৰু অপূর্ব দুয়াে বন্ধুৱে গম পাইছিল যে আজি কোনােবা অহাৰ কথা। কোন হ’ব পাৰে ...!!! অ’ জাহ্নৱী আৰু ৰশ্মি। সেয়ে সিহঁত দুয়াে দেৰি নকৰি মােৰ ৰােমত আহিছে। অভিজিৎ সব্যৰ অজন বন্ধু। ইতিমধ্যে অভিজিতৰ মন ৰশ্মিহঁতক লগ পােৱাৰ আপােন ভাৱনাত নিৰৱে বুৰযােৱা এটা কাহিনী। কিছুদিনৰ আগৰ পৰাই তাৰ ভাৱনাৰ সাগৰত ৰহস্যময় আপােন গন্ধীৰে এটি আলােকৰ ৰশ্মিয়ে ৰেখাপাত কৰাৰ কথা, সপােন কাৰেং ঘৰত কাৰ সৈতে ম’হৰ যুজ ছাব খােজে তাক অন্যবন্ধুৰ সৈতে জ্ঞাত কৰাইছিল।
মই দিব খােজো সমস্ত
সেউজীয়া চহৰখন, য’ত
কঙালৰ হাত লাজত লুকায়,
মই সপােন দেখাে…
সত্বাক উজাৰি দিয়া অথচ,
উকা হয় ৰৈ যায় বুকু
মােৰ দুহাত ...!! তথাপি!
"মই লাজ নকৰাে তােমাৰ সুৰৰ স্মৃতিতে ৰচিব খােজো গান অথবা ডাচবিনত ৰৈ যােৱা কবিতা… নিসংগতাই মানুহক দিয়ে ব্যাকুলতা আৰু যন্ত্রণা।" সমস্যা মানুহৰ কেতিয়াবা একেলগে আহে অৱশ্যে সামধানৰ পথাে থাকে কোনােবা এটা কোণত। জাহ্নৱী আৰু ৰশ্মি দুয়াে আহি ৰােমত সােমাল; সব্যই দুয়ােকে welcome জনাই বিচনাখনতে বহিব ক'লে। সব্য পঢ়ি থকা ছাত্র সেয়ে কোঠাটোৰ এটা কোণত পঢ়া টেবুলখন আনফালে কম্পিউটাৰ ৰাখিব পৰা এখন টেবুল। তাতে সব্যই ব্যৱহাৰ কৰা ফণি, আইনা, পাৰফিউম ইত্যাদি ইত্যাদি সামগ্রীবােৰ। অন্যফালে কোঠাটোত দুখন বিচনা, তাৰে এখন ডাঙৰ হােৱা কাৰণে তাতে সব্য আৰু বন্ধুজন একেলগে ৰাতিটো কটায়। আনখন বিচনাত কিতাপৰ আৰু কাপােৰৰ দ'ম। গা-ধােৱা ঘৰটো কাষতে লাগি আছে। কোঠাটো আধুনিক ভাৱে সঁজা সুন্দৰকৈ টাইলছ্ লগােৱা। সব্যই দুয়ােকে বিচনাত বহুৱালে আৰু কম্পিউটাৰৰ চুইচ অন কৰি জানমনি-২০১২ ডিচখন লগালে। ক্রমশ; কাহিনি আগবাঢ়ি গৈ আছে। বন্ধু অপূৰ্বৰ সৈতে পাকঘৰত সােমাই যা-যােগাৰ কৰিবলৈ গৈ দেখিলে বজাৰ বস্তু কমিব পাৰে, সেয়ে বজাৰ কৰিবলৈ বুলি ৫০ টকা মাংস, ২০ টকা আলু আৰু অন্যান্য কিনিবলৈ দিয়া হ’ল। তাতে নিজৰ হাতত টকা বুলিবলৈ মাথাে ১৭০ টকা। এক দুই বজাৰ কৰােতে হাতত থকা টকাখিনি প্রায় শেষ হৈ আহিছে। সেয়ে অপূর্বৰে পৰাই ২০০ টকা লৈ গেছ ভৰাবলগীয়া হৈছে। আচলতে মই নিজে নাজানাে গেছ আজি এনেধৰণে শেষ হৈ যাব, সেয়ে অকস্মাৎ বিমূর্ত পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হ’ল। সময় বাগৰিছে জানমণি-২০১২ কাহিনীও শেষ হ’ল। এতিয়া Doom হিন্দী দাবিং চিনেমাখন লগাই জাহ্নৱী আৰু ৰশ্মি একান্ত মনে উপভােগ কৰিছে, মাজে মাজে চিনেমাৰ কাহিনীৰ ওপৰটো মন্তব্য দিয়ে। আমােক চৰিত্ৰটো এনেকুৱা তামুক চৰিত্ৰটো তেনেকুৱা হ’ব লাগিছিল। অভিজিৎ উভতি আহিল মাংস ক’তাে বিচাৰি নাপালে।
অভিজিৎ ৰশ্মিহঁতৰ লগত কথা পাতি থাকোতে ময়াে নতুন এটা গেছ লৈ ওভতি আহিলাে। অপূর্বই গেছটো মােৰ পৰা লৈ জ্বলাব খুজিছে। লৈ ফুৰিব মধুৰতম সময়বােৰ ... আপােন হৃদয়ত। কেতিয়াবা কাৰােবাক সময়ৰ সোঁতত লগ পালেওঁ ব্যস্ত নগৰখন মানুহবােৰৰ দৰে অপৰিচিত হ’ব। আৰু হেৰাই যাব ব্যস্ত পথিকৰ পদস্থলত।
কর্মব্যস্ততাই মানুহক সুখৰ সময়বােৰ কাঢ়ি নিয়ে, যিহেতু দৈনন্দিন জীৱনত মানুহৰ বাবে কৰ্মই ধর্ম। কর্ম নকৰিলে তাৰ প্রতিফল ভােগ কৰিব লাগে। এতিয়া সময়ে ইংগিত দিয়ে দুয়ােজনী যাবলৈ। দুয়ােকে আগবঢ়াই দিবলৈ অভিজিৎ আৰু সভ্যসাচী ওলাই আহিল। ক্রমশঃ কোৰ্হাল নগৰখনৰ মাজত ক্রমে ক্রমে হেৰাই গ’ল। অভিজিত আৰু সব্য উদ্ধৱ দত্তৰ দোকানত সােমাল তাতে বহি অন্তৰ আলাপ কৰি সব্য পুনৰ ৰােমলৈ উভতি আহিল।
নিসংগতাই মানুহক ভাৱনাৰ সাগৰত ঢৌ-খেলাই আৰু নস্তালজিক হৈ পৰে। কেতিয়াবা কিছুমান মূহুর্তত বিস্মৃতিৰ গৰ্ভৰ পৰা স্মৃতিৰ গৰ্ভত সােমােৱাই তােলে। আৰু মানুহক যান্ত্রণা অথবা দুখৰ পাৰত তুলি দিয়ে। আমি ওলাই অহাৰ পাছত সব্যৰ ৰূমটোত অকলসৰে অপূর্ব ফোনত কাৰােবাৰ সৈতে কথা পাতি আছে। সি ইচাতি বিচাতি কৰি বিচনাখনত বহু পৰ কথা পাতিছে। সব্য তাৰ কাষ চাপিলে আৰু সিও মনে মনে কি পাতিছে তাকে শুনিবলৈ আৰু অপূর্বৰ কাষ চাপিলে। এয়াচোন চিনাকী মাত সি অলপ সময় শুনাৰ পাছত মাতটো ধৰিবলৈ বেছি সময় নালাগিল। সেইটো ছােৱালীৰ মাত খাতাং। তাই যেন অপূর্বক বহু কথা ক’ব খুজিছে কিন্তু তাই ক’ব পৰা নাই সেয়ে হুক হুকাই কান্দিছে। সব্যই তাইৰ কথাবােৰত যেন গভীৰ ৰহস্য উৎঘাটন কৰিছে। সেইজনী পলী যি বাস্তৱ জীৱনৰ অন্য এক স্বাক্ষৰ হিচাপে ৰৈ গ’ল।“পলী” যি অপূৰ্বৰ পূৰ্বৰ প্রেমিকা । যিহেতু তাই এতিয়া বিশাল জনসমাজত মাথাে এটি সাক্ষী হৈ ৰৈছে। তাই সৰু হৈ থাকোতে দেউতাকৰ মৃত্যু হৈছে। সেয়ে মাকৰ লগতে ডাঙৰ হৈছে। কিন্তু সেই মাকো আজি তাইৰ কাষত নাই। তাই HS পাছ কৰাৰ পাছতে মাকেও তাইক এৰি গুচি গ’ল। তাইক নিঠৰুৱা দেখি মােমায়েকে তাইক দুটা বর্ষ পঢ়ুৱাইছে। তাই দেখাত ধুনীয়া আৰু মৰমীয়াল হােৱা বাবে দৰা আহিছে। সময়ে মানুহক কিছু দিয়ে আৰু কেতিয়াবা মুলধন প্রাপ্যৰ পৰাও বঞ্চিত কৰায়। সেয়ে হেৰুৱাব নােখােজা জনাে আঁতৰি যায়, তাই এতিয়া বােৱাৰী হ’ল। মােমায়েকে তাইক বেলেগ এজনৰ লগত বিয়া দিছে…। সঁচা কিন্তু তাই সুখী হ’ব পৰা নাই। বিয়া হােৱাৰ পাছতাে যেন কিবা নাই নাই অনুভৱ কৰে। সেয়ে কিছু মনৰ কথা অপূর্বক ক’লেহে শান্তি পায়। তাইৰ কান্দোন যেন সকলাে সলনি হ’ব ধৰিছে। বিশাল বিচিত্র্য পথাৰখনত যেন একো নাই, গছৰ পাতবােৰ নিঠৰুৱা হৈছে। তাইৰ কান্দোনে ৰােমটো আৱৰি ধৰিছে। হুক হুককৈ কান্দি উঠা তাই বিননিত অপূর্বৰ লগতে সব্যৰাে হৃদয় জিনিছে। তাইৰ সেই বিননিত অপূৰ্বৰ বিশাল হৃদয়তাে তােলপাৰ কৰিছে আৰু দুচকু ৰঙা হৈ জিলিকি উঠিছে। তাইৰ জল জলীয়া চকুলোৰ ভাষাৰে ক’ব খুজিছে…
মই দিব খােজো সমস্ত
সেউজীয়া চহৰখন য'ত
মই সপােন দেখাে
সত্বাক উজাৰি দিয়া অথচ
উকা হয় ৰয় বুকু
মােৰ দুহাত ..
তথাপি মই লাজ নকৰাে।
পুৰণিৰ স্মৃতিত তাই ৰচিব খােজে গান, তাই চিঞৰিব খােজে ভালপােৱাবােৰ উভতাই দিবলৈ। তাই কাৰােবাৰ বাবে সপােন ৰচে। কাউৰীয়ে কা কা কৰে। লেচেৰি বুটলি কৰঙণিৰ চোকত লুকুৱাই থােৱা সিলিয়া তাই পুনৰ ভগায় খাব খােজে সেয়ে তাই লাজ নকৰে। নষ্টালজিয়াৰ দলিচাত তাই শুব খুজিও পৰা নাই শুব । তাইৰ স্মৃতিবােৰ ডাচবিনত ৰৈ গ’ল।
No comments:
Post a Comment