অইয়া অইচিৰি
ত্ৰিৰঞ্জন টাইড
লক্ষীমপুৰ
অইয়া অইচিৰি --
কিমানটা সুখৰ নদী অনুদান আগবঢ়ালে তুমি আজীৱন সুখী হৈ থাকিব পাৰিবা ?
অইয়া অইচিৰি !!
তোমাৰ সুখৰ কথা উপচাই কলহে কলহে নদী ভৰাই থৈছো মোৰ হৃদয় উপকূলত
ভৰাই থৈছো
দুখৰ ঘাঁ শুকোৱা আকাশভৰ্ত্তি অই-নিঃতম
অইয়া অইচিৰি !! সুখীনে তুমি ??
শুনা , শুনি শুনি চৰাই চিকুণুৱা চাপৰি হোৱা ,
কৈ থলো -
যিমানবোৰ ভালপোৱা সকলোবোৰ ভালপোৱা এবেলাও দেখোন ছুটি লব নোখোজে
তোমাৰ পৰা আঁতৰি
অইয়া অইচিৰি
তুমি মোৰ আচিনচক দগনৌ দকচিৰি ।।
(মিচিং শব্দৰ শব্দাৰ্থ -
অইচিৰি > অতি মৰমত মাতা নাম ,
প্ৰিয়জনক মাতা নাম ।
আচিনচক > মনৰ , হিয়াৰ , হৃদয়ৰ
দগনৌ>মুকুতা মনি , মোহিনীযুক্ত মনি
দকচিৰি > ডিঙিত পিন্ধা মুকুতা মালা)
No comments:
Post a Comment