ছাত্ৰ সংগঠন আৰু সামাজিক দায়বদ্ধতা
জাতিৰাম কামান
গোগামুখ
অসম অৰুনাচল মিৰি ছাত্ৰ সন্মিলনৰ পৰা সদৌ অসম মিচিং ছাত্ৰ সংগঠন হৈ টাকাম মিচিং পৰিন কৗবাঙলৈকে এক সুদীৰ্ঘ পৰিক্ৰমা।সেই বিষয়ে বিভিন্নজনে ভালেসংখ্যক প্ৰৱন্ধ পাতি লিখিছে,ছাত্ৰ সমাজ তথা সুধী সমাজে সেই লিখনিবোৰৰ পৰা পঢ়ি মেলি জানিব পাৰিব।মিচিং ছাত্ৰ সন্থাৰ ইতিহাস লিখি দীঘলীয়া কৰাৰ প্ৰয়োজনীয়া নেদেখোঁ;মাত্ৰ চমুকৈ ছাত্ৰ সমাজৰ সামাজিক দায়বদ্ধতাৰ কথাহে থুলমূলকৈ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।
আজিৰ ছাত্ৰ কালিলৈৰ দেশৰ ধৰণী।এই কথাষাৰ সৰ্বজনবিদিত।এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে ছাত্ৰ সমাজৰ ওপৰত।ভাল শিক্ষাৰে শিক্ষিত ছাত্ৰহে দেশৰ বাবে ভাল কাম কৰিব পাৰে।সেইক্ষেত্ৰত প্ৰয়োজন ভালশিক্ষা ব্যৱস্থা।ভাল শিক্ষা ব্যৱস্থাহে ছাত্ৰ ছাত্ৰীক সুশিক্ষা প্ৰদান কৰাত প্ৰভূত পৰিমাণে অৰিহণা যোগায়।ধৰ্মীয় আবেগেৰে পৰিচালিত শিক্ষা ব্যৱস্থাই ছাত্ৰসমাজৰ মনত ধৰ্মান্ধতাৰ বীঁজহে সিঁচি দিয়ে,সমাজ সংষ্কাৰ কৰিবলৈ প্ৰেৰিত নকৰে।তাৰ বদলি বাস্তৱসন্মত বৈজ্ঞানিক চিন্তাধাৰাৰে পুষ্ট ব্যৱহাৰিক শিক্ষাহে আধুনিক সমাজৰ বাবে উপযোগী।অৱশ্যে এইক্ষেত্ৰত নৈতিক শিক্ষাৰো প্ৰয়োজনীয়তা আছে, সুশিক্ষিত হোৱাৰ লগতে নীতিনিষ্ঠ হবলৈ।নৈতিকতাবিহীন শিক্ষাই প্ৰখৰ মেধাসম্পন্ন ছাত্ৰৰ হয়তু জন্ম দিব পাৰে কিন্তু সুনাগৰিকৰ সৃষ্টি কৰিব নোৱাৰে।নীতি বিবৰ্জিত শিক্ষা, সমাজ ধবংসৰ কাৰণো হব পাৰে।কাজেই নীতিনিষ্ঠ শিক্ষা হ'ল সুনাগৰিক গঢ়াৰ পূৰ্বচৰ্ত।
বিশ্বৰ অন্য বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ সংগঠনৰ কথা নাজানো কিন্তু ভাৰত তথা অসমত ছাত্ৰ সংগঠনসমূহৰ জনপ্ৰিয়তা থকাৰ লগতে সামাজিক মৰ্য্যদাও আছে।জনপ্ৰিয়তা আৰু সামাজিক মৰ্য্যদাৰ লগতে ছাত্ৰ সংগঠনসমূহক সমাজে ক্ষমতাশালীও কৰিছে,কাৰণ ছাত্ৰসংগঠন সমূহে সমাজ সংষ্কাৰৰ কাম কৰাৰ লগতে সমাজত গা কৰি উঠা অন্যায় অনীতি,দুৰ্নীতিৰ বিপক্ষে মাত মাতি আহিছে।সামাজিক দায়বদ্ধতা থকা বাবেই সমাজে ছাত্ৰসমাজক মৰম আদৰ কৰাৰ লগতে ক্ষমতাসীন কৰাত উদগনি যোগাই আহিছে।
ভাৰতবৰ্ষত থকা সৰ্বভাৰতীয় ছাত্ৰ সংগঠন বুলি ক'লে মুখ্যত NSUI(National Student's Union of India),SFI(Student Federation of India),ABVP(Akhil Bharatia Vidyarthi Parishad)আদিয়েই প্ৰধান।ইয়াৰে NSUI জাতীয় কংগ্ৰেছৰ প্ৰভাৱাধীন আৰু ABVP বিজেপি আৰ এছ এছ'ৰ দ্বাৰা প্ৰভাৱিত অন্যহাতে SFI হল বামপন্থী চিন্তাধাৰাৰে পৰিচালিত ছাত্ৰ সংগঠন।ছাত্ৰসংগঠনবোৰক যিমানেই অৰাজনৈতিক নোবোলক কিয় ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ প্ৰভাৱমুক্ত নহয়!
আশীৰ দশকৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত ASSU(All Assam Student's Union)বা সদৌ অসম ছাত্ৰ সন্থাই বিশ্ব ইতিহাসত এক মাইলৰ খুটি স্থাপিত কৰিবলৈ সক্ষম হৈছিল।আছু'ৰ ভাৱমূৰ্তি বিশ্ব মানসত সিমানেই উজ্জ্বল হৈ পৰিছিল যে 'আছু'ৱে অসমৰ ইতিহাসত স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হ'ল।সেই অসম আন্দোলনৰ সময়তেই পৰিপূৰকভাৱে অসমৰ জনজাতীয় ছাত্ৰ সংগঠনসমূহো গা কৰি উঠিছিল অধিক সক্ৰিয় হৈ।পৰৱৰ্তী কালত অসমৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰসংগঠনবোৰ নিষ্ক্ৰিয় অৱস্থাৰ পৰা অধিক ৰূপত সক্ৰিয় হৈ উঠিল স্বাধিকাৰৰ প্ৰশ্নত।আজিকালি আনকি সংখ্যালঘূ তথা বাংলাভাষী সমন্বিতে ভিন ভিন্ অনা অসমীয়া জাতিগোষ্ঠীসকলৰো পৃথকে পৃথকে ছাত্ৰ সংগঠন হ'ল।লিখি গৈ থাকিলে ছাত্ৰসংগঠন সমূহৰ লিষ্টখন দীঘলীয়া হব।
Takam Misi´ng Porin Ke´bang চমূকৈ TMPK ও আশীৰ দশকৰ পৰা অধিক সক্ৰিয় ৰূপত আত্মপ্ৰকাশ কৰিলেহি।সাম্প্ৰতিক কালৰ অসমৰ জনজাতীয় ছাত্ৰ সংগঠনসমূহৰ ভিতৰত ABSU(All Bodo Student's Union)ৰ পাছতেই TMPK দ্বিতীয় বৃহৎ জনজাতীয় ছাত্ৰ সংগঠন।
ASSU অৰাজনৈতিক ছাত্ৰ সংগঠন হলেও আছু'ৰ গৰ্ভতেই ৮৫ ত AGPৰ জন্ম হৈছিল আৰু সৌ সিদিনা AJP ৰো ভূমিষ্ঠ হল আছুৰপৰাই।গতিকে আছু অৰাজনৈতিক সংগঠন বুলি কোৱাতো স্ববিৰোধী স্থিতি।অৱশ্যে আছুৰ নেতাই ৰাজনৈতিক দলত যোগদান কৰাৰ পাছত আছুৰ প্ৰাথমিক সদস্য হৈ নাথাকে।আছু'ৰ মঞ্চৰ পৰা ওলাই আহি এজিপি,কংগ্ৰেছ,বিজেপি আদি বিভিন্ন দলত আছুৰ বহুজন প্ৰাক্তন নেতা সেই সেই ৰাজনৈতিক দলসমূহত দপ্ দপাই আছে আজিৰ তাৰিখত।আছু'ৰ প্ৰাক্তন দুগৰাকী সভাপতি অসমৰ মুখ্যমন্ত্ৰীও হ'ল।
TMPK ৰ মঞ্চৰ পৰাও "গনশক্তি"নামে ৰাজনৈতিক দলৰ জন্ম হ'ল সেয়া সকলোৰে বিদিত। TMPKৰ মঞ্চৰ পৰাও গৈ বহু ছাত্ৰনেতা MAC(Misi´ng Autonomous Council)ৰ EC(Executive Councillor)বা GC হল।সেইপিনৰ পৰা চালে TMPKও অৰাজনৈতিক চৰিত্ৰ বহন কৰা নাইকিয়া।ৰাজনীতি কৰিবলৈ পৰিষদীয় সদস্য হৈ কাম কৰি অথবা বেলেগ বেলেগ ৰাজনৈতিক দলবোৰত অংশগ্ৰহন কৰাত ৰাইজৰ একো আপত্তি থাকিব নোৱাৰে।কিন্তু পৰিষদীয় ৰাজনীতি কৰি TMPK ৰ মঞ্চত ৰাজনৈতিক প্ৰভাৱ খটুৱাই মৰ কামোৰ দি বহি থকাতহে মিচিং ৰাইজৰ আপত্তি আছে।TMPK এৰি কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক অথবা আন যি দলতেই নাথাকক সেয়া টি এম পি কে এৰা নেতাজনৰ নিজৰ কথা।এয়া তেওঁৰ মৌলিক তথা ৰাজনৈতিক অধিকাৰ।তাত মাত মাতিবলৈ কাৰো অধিকাৰ নাই।কিন্তু ৰাজনীতি কৰিবলৈ গৈ আকৌ ছাত্ৰ সংগঠনৰ মঞ্চ ঘোলা কৰাতো কাম্য নহয়।ASSU ABSU TMPK আদি যি ছাত্ৰ সংগঠনেই নহওক কিয় ছাত্ৰসংগঠন সমূহে সদায় অৰাজনৈতিক চৰিত্ৰ বহন কৰি সংগঠনটোৰ নিকা ভাৱমূৰ্তি বৰ্তাই ৰখাতো অতিশয় আৱশ্যকীয়।
যেতিয়া কোনো জাতীয় ছাত্ৰ সংগঠনে এটা ৰাজনৈতিক দলৰ বহতীয়া হৈ পৰে তেন্তে সেই ছাত্ৰ সংগঠনটোৰ প্ৰতি জনসাধাণৰ আস্থা নাইকিয়া হয়।ছাত্ৰ সংগঠনবোৰ সমাজৰ অতন্দ্ৰ প্ৰহৰি।ছাত্ৰসমাজে সমাজৰ সকলো শ্ৰেনীৰ মানুহকে প্ৰতিনিধিত্ব কৰে।ছাত্ৰ ছাত্ৰীৰ চকুত কোনো জাত পাতৰ বিভেদ নাই।কোনো ৰাজনৈতিক দলৰ অধীন নহয় ছাত্ৰসমাজ।এখন সমাজত বিভিন্ন ৰাজনৈতিক দলৰ মানুহ থাকে যদিও তেওঁলোকৰ সামাজিক দাবী একেই।তেওঁবিলাকৰ মৌলিক দাবীসমূহ হল অন্ন বস্ত্ৰ বাসস্থানৰ লগতে শিক্ষা আৰু স্বাস্থ্য। সমাজৰ সকলো শ্ৰেনীকে ছাত্ৰ সমাজে প্ৰতিনিধিত্ব কৰে যেতিয়া সমাজৰ সকলো শ্ৰেনীৰ পক্ষেই মাত মাতিব লাগিব ছাত্ৰসমাজ।সমাজত চলা বেমেজালি,দুৰ্নীতি অনীতিৰ বিৰুদ্ধে আপোচহীন ভাৱে ছাত্ৰসমাজেহে মাত মাতিব পাৰে কাৰণ,ছাত্ৰ সংগঠনবোৰ নিৰপেক্ষ,ছাত্ৰ সংগঠন কোনো ৰাজনৈতিক দলৰ পক্ষপাতী নহয়।কিন্তু যেতিয়াই কোনো ছাত্ৰ সংগঠনে কোনো ৰাজনৈতিক দলৰ মুখপাত্ৰৰ ভূমিকা লয় তেতিয়াই ছাত্ৰ সংগঠনটোৱে নিজৰ নৈতিক চৰিত্ৰ হেৰুৱাই পেলায় আৰু ৰাইজেও সন্দেহৰ চকুৰে চাবলৈ লয় ছাত্ৰ সংগঠনটো,যিটো অতিশয় লজ্জাজনক স্থিতি আৰু দুৰ্ভাগ্যজনক কথা ছাত্ৰ সংগঠনটোৰ বাবে।
নেতা পালিনেতাই ৰাজনৈতিকভাৱে ৰাজহুৱা কাম কৰি থাকক,তাত আপত্তি নাই।কিন্তু সমাজৰ প্ৰতিভূ স্বৰূপ ছাত্ৰ সংগঠনবোৰ সদায়েই অৰাজনৈতিক চৰিত্ৰ বহন কৰি নিজৰ স্থিতিত অটল থাকক।তেহে ছাত্ৰসংগঠন সমূহৰ সামাজিক মূল্যবোধ বৰ্তি থাকিব।ছাত্ৰ সমাজ যদি ৰাজনীতিৰ পাশা হৈ পৰে তেন্তে জানিব লাগিব যে সমাজ ৰসাতলে গল!
ছাত্ৰ সংগঠনে যদি কোনো দল বা চৰকাৰৰ হকে কাম কৰিবলৈ লয় তেন্তে সেই ছাত্ৰ সংগঠনে চৰকাৰখনৰ দুৰ্নীতি কেনেকৈ ৰোধ কৰিব?শাসনাধিস্থিত দল-চৰকাৰখনে ৰাজনৈতিক মুনাফা লাভৰ বাবে যিকোনো পৰ্য্যায়লৈ যাব পাৰে এয়া সমাজৰ বিৰুদ্ধেই নাযাওক কিয়?তেনে পৰিপ্ৰেক্ষিত ত ৰাজনৈতিভাৱে বিক্ৰি যোৱা ছাত্ৰসংগঠনে সমাজৰ বাবে কি ঢেঁকীয়া ফুল ফুলাবনো?
সমাজৰ বাবে ছাত্ৰ সংগঠনৰ "অৰাজনৈতিক চৰিত্ৰ"ই হল শৌৰ্য বীৰ্য আৰু শক্তিৰ উৎস।সেই পৰাক্ৰমী শক্তিৰ উৎসক পংকিলময় ৰাজনীতিক সনাপিটিকাৰ পৰা বচাই ৰখাতো প্ৰত্যেকগৰাকী সচেতন ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য আৰু দায়িত্ব।তেহে ছাত্ৰ সংগঠনৰ ভাৱমূৰ্তি উজ্জ্বল হৈ থাকিব আৰু সমাজখনো সুন্দৰভাৱে পৰিচালিত হব॥


No comments:
Post a Comment