মই নৈপৰীয়া লৰা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 13, 2021

মই নৈপৰীয়া লৰা

 

মই নৈপৰীয়া ল'ৰা

                 যোগেশ্বৰ লাগাছু

                   জীয়াঢল দিহিৰি , ধেমাজি




নৈ পাৰে পাৰে 

কঁহুৱা ফুল ফুলে

কংকান ঐ আহিবি

কঁহুৱা ফুলেৰে ভৰা থলীত

লুকভাকু খেলিম দুয়ো দুয়োৱে ।


মই নৈপৰীয়া ল'ৰা

উজাগৰী ৰাতি ৰাতি

নৈৰ স'তে পাতিছোঁ

সুখ-দুখৰ বহু কথা

নৈয়ে সদায়ে মোক কৈ যায়

মোৰ দৰে সাগৰ পাবলৈ

নীৰৱে-নিৰলে বৈ যোৱা

ভাগৰি নপৰিবা ।


মেঘমল্লাই নাচি-বাগি গীত গোৱা সময়ত

গাঁৱত বানত কলৰৱ

চাঙলৈ পানী

চাই ভয় নেখাবি

কলগছৰ বুৰেৰে

একৈছ শতিকাৰ জঙ্কি-পানৈ হ'ম

ফুৰিম ইপাৰে-সিপাৰে ।


বিধস্ত অঞ্চলৰ ল'ৰা বুলি

নাহো নাহো নকবি

ভৰ বাৰিষাত নহ'লেও খেতি

আহুধান সিচিম

আলি আঃয়ে লৃগাং পাতিম ।


তই হবি লৃগাং কনেঙ

মই হ'ম লৃগাং য়ামে

গোটেই ৰাতি নাচিম

গুমৰাগ

গুমৰাগ….


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages