অতি সাম্প্ৰতিক
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ
এইযে
শুইছোঁ
উঠিছোঁ
বহিছোঁ
ৰান্ধিছোঁ
বাঢ়িছোঁ
খাইছোঁ
খুৱাইছোঁ
তাৰপিছত আকৌ
শুইছোঁ
উঠিছোঁ ......
এই সকলোৰে কিবা ধৰাবন্ধা নিয়মাৱলী
বা বাধ্য -বাধ্যকতা আছে নে এতিয়া
জীৱনটো যেন খুঁটি শুকান জেওৰাৰ
ৰস শব্দটো অভিধানত
খুচৰি চাবলৈ
অক্ষমতাৰ সাতামপুৰুষীয়া অজুহাত
অজগৰবোৰ ৰূপকথাতে থাকিল
অক্টোপাছ সময়ে খেদি ফুৰে
চহা পাঁচ ইন্দ্ৰিয় আৰু
জৈৱিক ( মৌলিক) প্ৰয়োজন কেইটিক
আজি মেৰিনেট কৰি
কালিলৈ ডীপ ফ্ৰাই
বাৰ্ষিক চক্ৰ কি এইবেলি আপোনাৰ?
ৰসাতলে মৰণম্?
নে সমুদ্ৰে ভাসনম্?
বিষন্ন হৈ পৰা আবেলিটোক আকৌ এবাৰ জুবুৰিয়াই লওঁ এপিয়লা ৰঙা চাহত
নিকটিন
সিদিনা পৰীক্ষা কৰাইছিলো
মোৰ দেহত তাৰ পৰিমাণ
ধপাত মোৰ বাবে অস্পৃশ্য
(যদিও
অস্পৃশ্যতা মোৰ প্ৰিয় শব্দ নহয় )
মোৰ দেহত( দেশত )কানিৰ বেহা
সোনকালেই মৰিম কিজানি
হয় ভুঁইকপত
নহয় কফত
নহয় ধঁপাতে খাব মোৰ কলিজা
শ্ৰাদ্ধলৈ নিমন্ত্ৰণ পত্ৰ খন দি থ'লো
আহিব
তাৰ পিছতো
ভূমুকি মাৰি চাব খোজে কোনোবাই
কোন হ'ব পাৰে
দুৱাৰত মামৰে ধৰা ( মজবুত) তলা
চাবি কোনোবা
সাগৰীয় জাহাজৰ লোহা- লঙ্কৰ
ছোঁ-ছোঁ সোমাই আহিব খোজে
টুকুৰিয়াই ভাঙে চনকা মনৰ এচকলা
মোৰ সংকুচিত প্ৰতিবিম্ব
(সৎ নে অসৎ
মই ধৰিব ( বুজিব) নোৱাৰোঁ)
মই ঘিন কৰোঁ
জন সমাগম
কোলাহল
অথবা
দুপাৰী দাঁত আৰু ওঁঠৰ কৃত্ৰিম কুচকাৱাজ
লুকাই- চুৰকৈ হাঁহিবলৈ মই শিকা নাই
ক্ষমা কৰিম আজি ধাৰলৈ দিব নোৱাৰিম এক / দুই কেজি সজীৱ হাঁহি
সঁচা কথা কোৱাটো কলা নে দৈন্যতা বাৰু
আজিও অমীমাংসিত
বিদ্যা কচম
বিদ্যা - অবিদ্যা
ধুৰ...
কৌটিকলীয়া( সেইবোৰক চেলাই পেলা....।)
ঠক্ ঠক্ ঠক্
ভাবৰ যতি
কোন হ'ব পাৰে চেনিটাইজ'ড
কোৱেচ'ন
চাবোনৰ অত্যাচাৰত
কেলধোপ্ কেলধোপ্
মোৰো আয়ুস ৰেখা!!
মাজে- মাজে হীৰু দালৈ বৰকৈ মনত পৰে
দুখৰ ঋতুত ফুলা ফুল পাহৰ নাম
কি আছিল বাৰু !!!
খৰিকাজাঁই নে ....
(কেতিয়াবা লগ পালে আপোনাকো সুধিম
তেতিয়ালৈ চাগ ভাল হ'ব
খোৱা শোৱা
উঠা বহাৰ অচিন ৰোগ....
যদিহে ঠিকে থাকে গৈ
অক্সিমিটাৰৰ লেভেল ..
তেতিয়ালৈকে
খোদা হাফিজ
চাঅ'নাৰা
আমিন..)
No comments:
Post a Comment