সিদ্ধান্ত
দিপাঞ্জলি দাস
শিৱসাগৰ
পুতেক বোৱাৰীয়েকক বস্তুবোৰ সামৰাত সহায় কৰি নির্মালিয়ে মনে মনে উচুপি উঠিল।ফুলকুমলীয়া বোৱাৰী জনীক নিজৰ মাতৃৰ দৰে বুকুত সাৱটি নির্মালি য়ে আৰ্শীবাদ কৰিলে আৰু মনে মনে বুকুৰ বুজা এটা পাতল হোৱাত সান্তনা লভিলে। পুতেকে মাকৰ সিদ্ধান্ত কোনো পধ্যেই মানি লব বিচৰা নাছিল আনকি বোৱাৰীকেও বাৰে বাৰে আপত্তি কৰিছিল। ঘৰৰ পৰাই দেখোন ভালকৈ সি চাকৰি কৰি আছে ,পুৱা অলপ লৰালৰি হলেও সি অলপো আমনি পোৱা নাছিল । কিন্তু মাকৰ সিদ্ধান্তই তাক বিবুদ্ধিত পেলালে। এই সিদ্ধান্তত দেউতাক ও নিৰ্বিকাৰ। নিৰ্মালিয়ে কাৰো কোনো কথাই শুনিব নিবিচাৰিল আৰু সিহঁতক ভাড়া ঘৰলৈ পঠিয়াই দিলে। বুকুৰ আমঠু একমাত্ৰ সন্তানক নিজৰ পৰা আঁতৰাই বুকুত জ্বলা জুইকুৰা সামৰি নিজকে সান্তনা দিলে, যি কৰিছে তেওঁ ঠিকেই কৰিছে। চৰিত্ৰ হীন লম্পত গিৰিয়েকৰ লুলোপ চকুৰ পৰা ফুলকুমলীয়া বোৱাৰীজনীক আঁতৰাই ৰাখিব পাৰিলেই যেন তেওঁ সুখী। কাপোৰ সলাই থকা বোৱাৰীজনীক দৰ্জা ফাকেৰে জুমি থকা গিৰীয়েকক দেখা পায় নিৰ্মালিয়ে হঠাৎ যি সিদ্ধান্ত ললে সেইয়াই সঠিক সিদ্ধান্ত।
No comments:
Post a Comment