তুমি আহিবা
মিনু হাজৰিকা
গুৱাহাটী, কাহিলিপাৰা
চহৰৰ ব্যস্ততাৰ মাজত
যদি কেতিয়াবা তুমি
সময় পোৱা , হে - মোৰ
প্ৰিয় সখী , পাৰিলে এপাক
গাৱঁলৈ ফুৰাকৈ আহি যাবা ৷
চৰকাৰী আচনিয়ে আজি
কোপতি ঢুকি নোপোৱা জৰাজীৰ্ণ মোৰ ঘৰ ,
শীৰ্ণ কায়া মইজনীক
আৰু এটকীয়া চাউল এিশ টকাৰে আনি কিদৰে দুসাজ সিজাই খাইছোঁ,
এপলক আহি চাই যাবা ৷
বিজ্ঞাপনৰ প্লাষ্টিকেৰে
বেৰৰ ফুটাবোৰ কিদৰে
ঢাকিছো , দুৱাৰ বিহীন
ঘৰত এবাৰ সোমাই যাবা
জোন তৰাই খেৰৰ- আৰেৰে চোৱাৰ দৰে
পাৰিলে তুমিও এবাৰ
চাই যাবা ৷


No comments:
Post a Comment