ঘূণাসুঁতিঃ আমি তোমাৰ প্রেমিক পর্যটক
জিতেন নৰহ
লখিমপুৰ
শীতৰ হীম চেঁচা স্পর্শকো নেওচি আমি আকৌ আহিছোঁ
সোৱণশিৰিৰ প্রিয় উপত্যকা ঘূণাসুঁতিলৈ
চকু ছাট মৰা সৰিয়হৰ হালধীয়া সাগৰৰ পাৰ ভাঙি
উৰি আহিছে অইনিঃতম সিক্ত এটা ফুর্ফুৰীয়া গোন্ধ
ম’হৰ ডিঙিৰ ঘণ্টাবোৰে আমাক স্বাগতম জনাইছে
এদিন দুদিন কৰি মাটিৰ কলহৰ কৃষ্ণ গহ্বৰত শীতনিদ্রাৰ অন্ততঃ
মেম বাইদেউ, প্ৰণীতা বাইদেউহঁতৰ স্নেহময়ী হাতৰ পৰশত প্রাণ পাই উঠিছে
আমাৰ প্রিয় পানীয় পঃৰ আপং, নগজিন আপং
খালে আপং ওলায় তাপং ...
নিন্দুকৰ নিন্দিত, লোলুপৰ বন্দিত
অ’ মোৰ প্রিয় আপং
তই পিছে কাকোৱেই কেৰেপ নকৰ
ভুল নুবুজিবি অ’ প্রিয় পানীয়
তোক পান কৰি নীলকণ্ঠ হোৱাৰ কচৰৎ কৰিবলৈ আমি অহা নাই ।
তোৰ প্রতি আমাৰ নাই কোনো অনুৰাগ অথবা বিৰাগ
আমি যে তোৰ আজন্ম প্রেমিক
ভুল নুবুজিবা অ’ জংকি !
আমি লুটি নিবলৈও অহা নাই
পানৈৰ বুকুৰ সেউজীয়া উকি !
প্রেম আৰু পৰিপূর্ণতাৰ বাকৰি
ঘূণাসুঁতিৰ মিৰি জীয়ৰী কলেজত
উৎসৱ উদ্বিগ্ন সৰিয়হ ৰখীয়া অইছেংহঁতে
উদযাপন কৰা শব্দোৎসৱত শব্দৰ লেচেৰি বুটলিবলৈ অহা
ৰঙানদী পাৰৰ আমি একো একোজন শব্দৰ নিঃস্ব খেতিয়ক
সোৱণশিৰিৰ উর্বৰ উপত্যকাত পানৈ জংকিয়ে সিঁচি থৈ যোৱা
প্রেমৰ সেউজীয়া পোছাক পৰিধান কৰি
জংকিৰ চিঞৰটিৰ অনন্য মাত্রা প্রদান কৰা
ঘূণাসুঁতিৰ সুযোগ্য সন্তান- টাবু টাইড, যোগেন টাইড, ত্রিৰঞ্জন টাইড,
সদানন্দ পায়েং, ডম্বৰুধৰ মিলি, প্রবিন মিলি,
ভাৰত-হেমন্ত,দিলীপ-নয়নমণিহঁতৰ সান্নিধ্য বিচাৰি আমি আহোঁ
আৰু অ’ মোৰ প্রিয় আপং !
তই নির্মাণ কৰা সাঁকোৱেদি পাৰ হৈ
শস্য বিলাসী অথচ স্বাভিমানী ঘূণাসুঁতি নিবাসী
শ্রমজীৱী প্রিয় জনগণৰ বুকুৰ বতৰা লওঁ
ভুল নুবুজিবা,
ভুল নুবুজিবা অ’ ঘূণাসুঁতি !
আমি তোমাৰ প্রেমিক পর্যটক !!


No comments:
Post a Comment