নদী
লক্ষী প্ৰসাদ ৰেগন
মাজুলী
নদী...
ধীৰে স্থিৰে নাইবা কোবাল গতিৰে
ভাটিফালে গতি কৰা সুকুমাৰ
কাৰো সপক্ষে নাইবা বিপক্ষে
উৰ্মিৰ জোৱাৰ নোতোলা
এক নীৰৱ সাধক
নদী!!
নদী...
পৰিচয় বিহীন
বৈকুণ্ঠ ধামৰ পৰা
জিৰি জিৰি, কুলু কুলুকৈ
পল অনুপল বৈ গৈ থাকি
সীমাহীন সুবিশাল মহাসাগৰৰ
গৰ্ভত বিলীন হোৱা নীৰৱ সাধক
নদী!!


No comments:
Post a Comment