জীৱন বিষয়ক— ১
ফাৰহান জাৱেদ
শিকলি প্ৰিণ্টিং প্ৰেছ, তেজপুৰ
যদিও ক’ৰবাত কাল-সংকেতধ্বনি বাজে
মই সমূলি নুশুনো
অথচ কিবা এটাই ৰিঙিয়াই থাকে
প্ৰতিপল।
জগাই নিদিয়ালৈকে মই শুই থাকোঁ
অনিদ্ৰাৰ শেতেলিত!...
সন্ধ্যাৰ নীড়হাৰা পক্ষীৰ দৰে
দিশ হেৰুৱা সপোনবোৰে মোকেই খেদি ফুৰে কেৱল
আৰু দুৰ্ভাৱনাবোৰ গিজগিজাই থাকে
লেকাম নলগোৱালৈকে।
আজিকালি অৱশ্যে গৈ থকা বাটটোকে
অনুসৰণ কৰোঁ।
আন্ধাৰৰ ফুল শিল বুলি দলিয়াই
ডগমগীয়া সূৰ্য এটা কামনা কৰোঁ।


No comments:
Post a Comment