কেন্দ্ৰ তৰা
ঋষভ নাথ
সেইখিনিতে
ঠিক সেইখিনিতেই এটা তৰা
কলজোপাৰ থোৰটোৰ ওপৰত
জলফাই পাতৰ ফাঁকেদি সৰকিপৰা
হয়তো তাৰ আশে-পাশে কোনোখিনি
নিশ্চল শিলনি বা কপাল বাগৰা মাটি
এজীৱন থিয় হৈ থাকিবলৈ
মোৰ দৰে মিছা কিম্বা নিচাৰ জালত পৰি
থাকিবও পাৰে কোনোবাই চাই
কাল তৰা মকৰা
মই নেদেখা হ'ব পৰা এটি তৰা
যিহেতু আছেই মোৰ পিছপিনৰ দিনটোত
সেইখিনিতে
ঠিক সেইখিনিতেই এতিয়া নাই
এপদ এপদকৈ এন্ধাৰ থৈ
নামি আহিলোঁ মই
মোৰপিনে
আহ! মূত্ৰ-বিসৰ্জন সিংহ-সুখৰ গর্জন
যদি তাগিদাৰ জীৱন কঠিন দীঘলীয়া
কেইটোপালমান অশ্ৰুৰে কি হ'ব মোৰ
জোকাৰি পেলালে হ'বলা ক্ষতি শৰীৰৰ
সেইখিনিতে
ঠিক সেইখিনিতেই পোহৰ গোটমৰা
যেন এটোপাল বীৰ্য উত্তেজনা কামুৰিধৰা
এটা নামতে উবুৰি খাই পৰা
এপাল মৃত উদ্ধৃত শূন্যত
তাৰ কেন্দ্ৰ তৰা
এতিয়াও!
মোৰনো আক' কি
এতিয়াও পিবলৈ বাকী এগিলাচ চুপতি
আৰু ফেঁপেৰি পাতি ধৰিবলৈ ৰাতি


No comments:
Post a Comment