দুহাতত গজি উঠা বৰ্ণবোৰে
যতীন মিলি
দুহাতত গজি উঠা বৰ্ণবোৰে
মোক লৈ যায় নতজানু পৃথিৱীৰ
হাড়ে হাড়ে
উবুৰি খাই পৰে
হৃদয়ত
বাংময় শব্দৰ স্বৰলিপি
ঘঁহি থাকোঁ
মামৰে ধৰা বুকুৰ কামিহাড়ৰ বাঁহী
ৰূপালী
জোনাকৰ নিজান গোন্ধত সাৰ পাই উঠোঁ ।
অণ্ডজ
চৰাই পোৱালিৰ মাতত
পাখি মেলি উৰি অহা কথাবোৰৰ
নিৰ্ভেজাল সুখত নিজক জগাওঁ ।
পোহৰাই আছোঁ
সূৰ্যগিলা ক'লা সাপবোৰৰ
পেটৰ আন্ধাৰ ।
হৃদয়ত
শিলৰ বুকুভেদি গজি উঠা ঘাঁহবোৰৰ
উমান পালেই গাত বৰষুণৰ চোলা পিন্ধোঁ
আৰু নদীক দেখুৱাওঁ
মোৰ অঘৰী দুচকুৰে বৈ থকা ৰ'দৰ চকুপানী...


No comments:
Post a Comment