দুহাতত গজি উঠা বৰ্ণবোৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 4, 2021

দুহাতত গজি উঠা বৰ্ণবোৰে

 দুহাতত গজি উঠা বৰ্ণবোৰে

                   যতীন মিলি




দুহাতত গজি উঠা বৰ্ণবোৰে

মোক লৈ যায় নতজানু পৃথিৱীৰ

হাড়ে হাড়ে


উবুৰি খাই পৰে

হৃদয়ত

বাংময় শব্দৰ স্বৰলিপি


ঘঁহি থাকোঁ

মামৰে ধৰা বুকুৰ কামিহাড়ৰ বাঁহী


ৰূপালী

জোনাকৰ নিজান গোন্ধত সাৰ পাই উঠোঁ ।


অণ্ডজ

চৰাই পোৱালিৰ মাতত

পাখি মেলি উৰি অহা কথাবোৰৰ

নিৰ্ভেজাল সুখত নিজক জগাওঁ ।


পোহৰাই আছোঁ

সূৰ্যগিলা ক'লা সাপবোৰৰ

পেটৰ আন্ধাৰ ।


হৃদয়ত

শিলৰ বুকুভেদি গজি উঠা ঘাঁহবোৰৰ

উমান পালেই গাত বৰষুণৰ চোলা পিন্ধোঁ

আৰু নদীক দেখুৱাওঁ

মোৰ অঘৰী দুচকুৰে বৈ থকা ৰ'দৰ চকুপানী...


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages