বৰদৈবাম বিলমুখ পক্ষী উদ্যান
প্ৰগ্ৰেচ মেদক
লখিমপুৰ
আপুনি যদি সোধে ' অসমৰ দ্বিতীয়খন পক্ষী উদ্যানৰ নাম কি ? নি:সন্দেহে উত্তৰটো দিবলৈ থমকি ৰ'ব অথবা আপুনি সঠিক উত্তৰ দিব নোৱাৰিলে।
১৯৯৬ চনৰ ৩ জুলাই তাৰিখত ৰাজ্যিক বন বিভাগে অসমৰ দ্বিতীয় পক্ষী উদ্যান হিচাপে ঘোষণাৰ প্ৰাথমিক জাননী জাৰি কৰে বৰদৈবাম বিলমুখ পক্ষী উদ্যানখনি।
ৰাজহুৱা শুনানী প্ৰথম, দ্বিতীয়, তৃতীয় আৰু শেষ শুনানী সমাপন কৰা হয় বন আৰু ৰাজহ বিভাগে। শেষ শুনানীৰ ৰাজহুৱা সমৰ্থনৰ পিছত ৰাজহ বিভাগে বন বিভাগলৈ হস্তান্তৰ কৰা হল উদ্যানখনৰ জলাশয় আৰু ভূমি ভাগৰ ১১২৪'৭৮ হেক্টৰ মাটিকালি।
এটা সময়ত প্ৰায় ১৮১ প্ৰকাৰৰ দেশী বিদেশী চৰাইৰ সমাৱেশ ঘটা উদ্যানখনত স্তন্যপায়ী জন্তুৰ সংখ্যা ১১, সাপ, কাছ আদিৰ সংখ্যা ১৬, উভচৰ প্ৰাণী ৭ আৰু মাছৰ সংখ্যা প্ৰায় ৪২ বিধ আছিল। তাৰোপৰি শামুক, বহু প্ৰকাৰৰ জলাশয়ী পোক, পতংগ, জলাশয়ৰ কাষৰীয়া ঘাঁহ বন, গুল্ম লতা, নল খাগৰি, ইকৰা, পাটি দৈ, তৰানী আৰু ১৯৫০ চনৰ বৰভূমিকম্পত ভূমিস্থ হোৱা অসংখ্য মূল্যৱান গছৰ মূঢ়া আদিৰ প্ৰাধান্যৰে উদ্যানখনি বিৰাজমান আছিল। তাৰ পৰিপ্ৰেক্ষিততে ১৯৯৩ চনৰ পৰা লখিমপুৰ জিলাৰ কেইটামান স্বেচ্ছাসেৱী প্ৰকৃতি সংগঠনে পক্ষী সমীক্ষা চলাই থকা হৈছিল।
সমীক্ষা কেইটা হৈছে - এচিয়া জলপক্ষী সমীক্ষা
চালিম আলি পক্ষী গণনা
ৱৰ্ল্ড ৱাৰ্ড ৱাটছ আদি শীত আৰু বৰ্ষাকালীন পক্ষী সমীক্ষা।
উদ্যানখনৰ চৌপাশৰ অৰ্থাৎ পাৰ্শ্বৱৰ্তী এলেকাৰ গাওঁ সমূহৰ ৰাইজক উদ্যান সজাগতা অভিযান চলোৱা হৈছিল স্থানীয় স্বেচ্ছাসেৱী প্ৰকৃতি সংগঠন সমূহে। উদ্যান খনৰ মূল লক্ষ্য উদ্দেশ্য আগত ৰাখি পক্ষীৰ সমাৱেশ, সংৰক্ষণ, বংশবৃদ্ধি, প্ৰজনন আৰু বিচৰণৰ ওপৰত। সজাগতা অভিযানৰ ৰাইজৰ বিপুল সঁহাৰি পোৱা সময়তে কেইজনমান দুষ্ট চক্ৰই অৰ্থাৎ বিলখনৰ মহলদাৰী আৰু ৰাজনৈতিক ব্যক্তিৰ প্ৰৰোচনাত উদ্যানখনৰ ওপৰত অশুভ, বুদ্ধি উদয় হল। ৩০ শতাংশ জলাশয়ৰ কাষৰীয়া নল খাগৰি, ইকৰা, তৰানী, ঘাঁহ বন, গুল্ম লতা, কাঠৰ মূঢ়াৰে ভৰপূৰ অঞ্চলত অগ্নি সংযোগ কৰি দিয়া হয়। য'ত সাপ, ভেং, শামুক বহু প্ৰকাৰৰ সৰীসৃপ প্ৰজাতিৰ প্ৰাণী, জলাশয়ী প্ৰাণী, স্থানীয় চৰাইৰ আশ্ৰয় স্থলী আৰু প্ৰজননৰ স্থলী ৩ মাহ ধৰি জ্বলি জ্বলি ছাই হৈ গ'ল আৰু প্ৰথম পৰ্যায়তে উদ্যানখনৰ পৰিৱেশ বিধ্বস্ত হয়।
উদ্যানৰ মাছ, পোনা মাছ, অৰ্থাৎ মাছৰ বংশ বৃদ্ধি হবলৈ নিদিয়াকৈ আঠুৱা জালেৰে চুচি চুচি মাছ মৰাটো অৱশ্যেই চৰকাৰী ঘোষণা আৰু আইন বিৰোধী সংগ্ৰামৰ দৰে নিয়ম হৈ পৰিল। কীট নাশক দ্ৰৱ্য প্ৰয়োগেৰে পৰিভ্ৰমী চৰাই নিধন যজ্ঞহে চলিল। এন্ধাৰত জাল তৰা, পেট্ৰোমাস্ক জ্বলাই ধনুকাড়েৰে দেশী বিদেশী হাঁহ জাতীয় চৰাই বধ কৰাটো অঘোষিত প্ৰতিযোগিতাহে চলিল।
বন্য প্ৰাণী আইন, বন আইন, বায়ু আৰু পানীৰ প্ৰদূষণৰোধক আইন, পৰিৱেশ আইন, মীন আইন আদিবোৰ স্বেচ্ছাসেৱী সংগঠন বিলাকলৈ অধিকাৰ প্ৰদান কৰাৰ গোহাৰি আৰু শ্বেতপত্ৰ প্ৰকাশ কৰি পাৰ্শ্বৱৰ্তী গাওঁ সমূহক সজাগতা কৰা আৰু সভা সমিতি পাতি থকাৰ সমান্তৰাল বাবে উদ্যানখনৰ মধ্যভাগৰ য'ত ধান খেতিৰ উপযোগী দ মাটিত স্থানীয় শিক্ষিত অশিক্ষিত কিছুলোকৰ দ্বাৰা বে দখল আৰম্ভ হয়।
উদ্যানখনৰ পাৰ্শ্বৱৰ্তী এলেকাত আশ্ৰয় লৈ থকা জীৱ জন্তুবোৰৰ মাংসৰ ওপৰত লোভনীয় প্ৰাণী হোৱাৰ বাবে দল বান্ধি চিকাৰ কৰা, মনে মনে সমূলঞ্চে নিঃশেষ হোৱাৰ দৰে উপক্ৰম হয়।
অনুশাসন আৰু পৰিচালনা ব্যৱস্থা নিয়াৰিকৈ প্ৰৱৰ্ত্তন কৰি সংৰক্ষণ কটকটিয়া কৰিব নোৱাৰি উদ্যানখনি অসমৰ অসমৰ দ্বিতীয়খন পক্ষী উদ্যান বৰদৈবাম বিলমুখ পৰিচয়টো কম দিনৰ ভিতৰত অপমৃত্যু ঘটা যেনেই হল।
উল্লেখ্য যে, ধেমাজী জিলা আৰু লখিমপুৰ জিলাৰ প্ৰশাসনৰ অনুশাসন আৰু বন বিভাগৰ পৰিচালনাৰ ব্যৱস্থা নথকাত জিলা দুখনৰ প্ৰশাসনৰ দ্বাৰা নিৰ্মিত কেইবাখনো পৰিদৰ্শন বহলা, পক্ষী নিৰীক্ষণ স্তম্ভ পৰিত্যক্ত অৱস্থাত থিয় হৈ আছে। তদুপৰি উদ্যানখনৰ ভূমিভাগত উদ্যান আৰু বন আইনলৈ ভ্ৰুক্ষেপ নকৰি ব্যক্তিগত পুখুৰী খন্দা, উদ্যানৰ সমীপত ইটা ভাটা নিৰ্মাণৰ দৰে কাৰ্যই উদ্যানখনি ধ্বংস কৰাৰ প্ৰতিযোগীতাহে চলি থকা হৈছে।
আগলৈ……….
No comments:
Post a Comment