অহংকাৰী পৃথিৱী
টম মেদক
মোৰ কবিতাত আখৰ নাই
যদি আপুনি নিৰক্ষৰ
শব্দ নাই মোৰ কবিতাত
অৰ্থ বিচাৰি হাবাথুৰি খাব নেলাগে
যদি আপুনি পঢ়িব পাৰে
বাক্য এশাৰীও নাই
কিন্তু এবাতি আপং আছে
কিবা নিচা আছে
অৱশ্যে , ভ্ৰম বকিবলৈ ভাষা আছে
যদি আপুনি কথা কয়
আনে চোবাই পেলাই দিয়া সিটা
এইয়া মোৰ কবিতা
তথাপি ,
হে , পাঠক সকলো আপোনাকে অৰ্পণ কৰিলো
মই জীয়াই আছো
মই অকলশৰীয়া নহয়
মোৰ সৈতে আছে অহংকাৰী পৃথিৱী
ধন্যবাদ প্ৰিয় কবি গজেন মিলি🙏😍
ReplyDelete"অহংকাৰী পৃথিৱী"- সুন্দৰ👍
ReplyDelete