মান্যতা
চিন্ময় ডেকা
টংলা
কঢ়িয়াই আনিলে
আপদ-বিপদৰ
আলিদোমোজাৰে ভৰা
উদ্বিগ্নতাৰে জহি-খহি যোৱা
অহংকাৰ সদৃশ নিজস্ব কাৰ্যপন্থা।
ভালৰ সময়ত অচিন পৃথিৱীলৈ মেলানি মগা
তুমিয়েই টো আছিলা,
মোৰ ভাতৃত্ববোধৰে ভৰা
একো একোজন আত্মীয় স্বকীয়তা।
সময়ে সকলোকে সোঁৱৰাই দিয়ে,
তুমি কৰা কৰ্মস্পৃহা।
গৌৰৱান্বিত হোৱা দেখিবলৈ পাইছিলোঁ
ক'তা কিমান দিনলৈ,
নিজক লৈ ব্যস্ত ৰখা।
জন্মদাত্রী পিতৃ-মাতৃক পাহৰণিত গৰ্ভপাত কৰা।
উচ্চশিক্ষিত হৈ
নিজস্ব স্বকীয়তাৰে,
আত্মীয়জনক অন্ধকাৰৰ দিশলৈ অগ্রসৰ কৰোৱা
অতিষ্ঠ হৈ পৰিছোঁ আজি
য'ত, থাকিব জানোঁ তোমাৰ জীৱনত উচ্চ শিক্ষিতৰ মান্যতা।
No comments:
Post a Comment