জাতীয় পৰিচয় আৰু মিচিং
জাতীয় পৰিচয় বুলি ক'লে কেবাপ্ৰকাৰেও ইয়াৰ সংজ্ঞা নিৰূপন কৰিব পাৰি।ৰাষ্ট্ৰীয় পৰ্য্যায়ত সংজ্ঞা দিবলৈ হলে আমি ভাৰতীয়।ভাৰতীয়ত্ব আমাৰ চিনাকী।আমাৰ জীৱনদৰ্শন ভাৰতীয় সভ্যতা সংষ্কৃতিৰ লগত জড়িত।
আনহাতে ৰাজ্যিক পৰ্য্যায়ত আমাৰ পৰিচয় অসমীয়া।বিভিন্ন জনগোষ্ঠীয় বৈশিষ্ট্যৰ সানমিহলিৰে অসমীয়াৰ জাতীয় চিনাকী।অসমীয়া ভাষা সংষ্কৃতিৰ লগত আমাৰ জনগোষ্ঠীটোৰ এটা ওতঃপ্ৰোত সমন্ধ অসমৰ অন্যান্য জনগোষ্ঠীৰদৰে।
তাৰ মাজতে আৰু এটা জাতীয় চিনাকী হল স্বকীয় কৃষ্টি সংষ্কৃতি,ঐতিহ্য পৰম্পৰাৰে পুষ্ট আমাৰ নিজস্ব এটা জনগোষ্ঠীয় জাতিগত চিনাকী হল মিচিং।
সেই দৃষ্টিকোণেৰে চালে আমাৰ মূল জাতিগত চিনাকী হল মিচিং।প্ৰকৃতাৰ্থত নিজৰ জাতীয় পৰিচয় দিবলৈ হলে মিচিং বুলি চিনাকী দিব লাগিব,কিন্তু জাতি হিচাপে চিনাকী দিবলৈ হলে এটা জাতিৰ জাতীয় চৰিত্ৰ প্ৰতিপন্ন কৰাৰ কিছু মৌলিক বৈশিষ্ট্য থাকিব লাগিব।সেই মৌলিক বৈশিষ্ট্য বা উপাদানসমূহ হল__
(১)স্বকীয় ভাষা (২) স্বকীয় সংষ্কৃতি (৩)স্বকীয় পৰম্পৰা (৪)স্বকীয় ৰীতি-নীতি বা আচাৰ (৫)স্বকীয় ধৰ্ম বা উপাসনা পদ্ধতি।এই পাঁচোটি বৈশিষ্ট্যৰে সমৃদ্ধ হলেহে জাতিটোৰ ঐতিহ্য থাকিব,যিটোৰ অধিকাৰী হলে ঐতিহ্যমণ্ডিত জাতি বুলি অন্য সমাজত পৰিচিত হব।
ওপৰত উল্লেখিত বৈশিষ্ট্যসমূহ আমাৰ মিচিং সমাজত আছেনে?ইয়াৰ নিৰ্মোহ বিশ্লেষণ এটা কৰা যাওঁক।
আমি চীনামূলীয় তিব্বতবৰ্মীয় ঠালৰ তানিগোষ্ঠীৰ লোক।তিব্বত বৰ্মীয় মূলৰ তানিগোষ্ঠীৰ লোকসকল হল ক্ৰমে আদী,নিচি(ঞিচি),মিচিং(মিচি),আপাতানি,গা'ল,পাঃদাম,তাগিন,ইদু মিচিমি,তাৰাও বা কামান মিচিমি ইত্যাদি।মিচিংসকলৰ বাদে বাকীসকলো তানিগোটটো অৰুনাচলবাসী।নশৰ পৰা বাৰশ শতিকা বা তাৰো আগতে অসমলৈ প্ৰৱজন কৰা বাবে অসমীয়া সমাজৰ অংগ হৈ পৰিল মিচিং সভ্যতা সংষ্কৃতি।
বিপৰীতে বাকী তানিগোষ্ঠীৰ লোকসকল নিজা জনগোষ্ঠীয়(জাতীয় ?) ঐতিহ্য পৰম্পৰাৰে এতিয়াও হিমালয়ৰ বুকুত বসবাস কৰি আছেহি।ইয়াতে প্ৰণিধানযোগ্য যে যদিও অৰুনাচল প্ৰদেশ এখন পূৰ্ন ৰাজ্য হৈ আছে তথাপি এই ৰাজ্যৰ জনগোষ্ঠীসকলে নিজা নিজা কৃষ্টি সংষ্কৃতি,ৰীতি নীতি আৰু পৰম্পৰাৰে উজলি আছে।অসমত অসমীয়া ভাষা সাহিত্য,কৃষ্টি সংষ্কৃতি,ধৰ্মীয় ৰীতি নীতিৰে অসমীয়া জাতি হিচাপে থকাৰদৰে অৰুনাচলখন ৰাজ্য হলেও অৰুনাচলী ভাষা সাহিত্য,জাতীয় পৰম্পৰা বুলি স্বকীয়ভাৱে পৰিচিত হোৱা নাই।বৰঞ্চ তাত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠীয়েই নিজা ভাষা সংষ্কৃতি পৰম্পৰাৰে স্বকীয়ভাৱে পৰিচিত।
এইখিনিতেই আমাৰ পাহাৰীয়া তানি ভাতৃগোষ্ঠীসকলৰ লগত আমাৰ মিচিংসকলৰ বৃহৎ পাৰ্থক্যটো আছে।
অসমত বসবাস কৰি অহা মিচিংসকলৰ তিনিটা ভাৱধাৰাত বিভাজিত।
এটা শ্ৰেনী হল প্ৰগ্ৰেছিভ(progressive group) আনটো শ্ৰেনী হল ৰেষ্টৰেশ্যন গ্ৰুপ(restoration group)।আৰু এটা ভাগ হল কনভাৰ্জিন গোট(convergence group)।
প্ৰগ্ৰেছিভ বা প্ৰগতিশীল শ্ৰেনীটো মূলসুঁতি(mainstream)ৰ ঐতিহ্যৰসতে সংমিশ্ৰণত বিশ্বাসী।তেওঁলোকৰ মতে আৱহমান কালৰে পৰা মিচিংসকল যিহেতু মূলসুঁতিৰ ভাষা কৃষ্টি সংষ্কৃতি আপোন কৰি ললে,বৃহত্তৰ জাতীয় সত্বাৰ সতে সহাৱস্থান কৰি আহিছে,আনকি হিন্দুত্ববাদী দৰ্শনত অনুগত হল,সেইহেতু নিজৰ স্বকীয়তা নেহেৰুৱাকৈও বৃহত্তৰ জাতীয় ভাষা সংষ্কৃতিৰ লগত সংপৃক্ত হোৱাতো বিচাৰে!মধ্যযুগৰ পৰা বৰ্তমান যুগলৈকে তেনে ধাৰাতেই চলি আহিছে সেইচাম প্ৰগতিবাদী মিচিংশ্ৰেনীটো।মধ্যযুগৰ শংকৰদেৱৰ শিষ্য পৰমানন্দ মিৰি আতৈৰ দিনৰ পৰা আজি তাৰিখ পৰ্য্যন্ত মূলসুঁতিৰ হিন্দুধৰ্মীয় ৰীতি নীতিত চলি আহিছে।যদিও মিচিংসকল সম্পূৰ্ণ হিন্দু দৰ্শন অথবা হিন্দু ব্যহ্মণ্যবাদত বিলীন হোৱা নাই আজিৰ তাৰিখত।এতিয়াও সনাতনী শাক্ত ধৰ্মীয় ৰীতিৰ লগতে নৱ বৈষ্ণৱত প্ৰভাৱিত হৈ একশৰণ ভাগৱতীয়া,নামঘৰীয়া,কাল সংহতি বা কেৱলীয়া ধৰ্মাচৰন কৰি আহিছে যিটো হিন্দু ধৰ্মৰ ধৰ্মাচৰণৰ এটি এটি শাখা বা পন্থা।মিচিংসকল বৰ্ণ হিন্দুৰ প্ৰভাৱত পৰি হিন্দু ধৰ্মত দীক্ষিত হৈছে যদিও হিন্দুত্ববাদীত বিশ্বাসী বা হিন্দু ব্ৰাহ্মণ্যবাদীসকলে ভাৰতবৰ্ষৰ দলিত শ্ৰেনীৰ লগতে জনজাতীয় সমাজক হিন্দুধৰ্মৰ মূল শ্ৰেনীত অন্তৰ্ভুক্ত কৰা নাই বা আকোঁৱালি লোৱা নাই।তাৰ বিপৰীতে নিজৰ বৈষয়িক স্বাৰ্থসিদ্ধিৰ বাবে ওপৰৰ পৰা ধৰ্মৰ ৰঁচি এডাল তললৈ দলিয়াই দিছে সেই ধৰ্মৰ কূটা ডালতে ধৰি মিচিংসকলে ডালত ধৰি ডাল ছিগি, নলত ধৰি নল ছিগি দিকহাৰা হৈ ককবকাই আছে।না সম্পূৰ্ণ ভাগৱতীয়া হিন্দু,না সম্পূৰ্ণ নামঘৰীয়া,না সম্পূৰ্ন সংঘৰীয়া অথবা না সম্পূৰ্ণ সনাতনী হিন্দু হোৱা নাই মিচিংসকল। পূৰ্ণ হিন্দু হব পৰা নাই আৰু অনাগত দিনত নোৱাৰেও কিন্তু তথাপিও হিন্দু দৰ্শনত আকৃষ্ট প্ৰগতিশীল মিচিংসকলে মূলসুঁতিৰ ধৰ্মীয় হিন্দুসকলৰ লগত সহাৱস্থান কৰি ইয়াৰ ভাষা সংষ্কৃতিৰ লগত আগুৱাই যাব বিচাৰে।তেনে মানসিকতাৰেই মিচিংসকল আগুৱাই আহিছে বৰ অসমত পৰমানন্দৰ দিনৰে পৰা স্বাধীনোত্তৰ কালৰ কমলা মিৰি,মুহি মিৰিকে আদি কৰি ললিত দলে, তৰুন চন্দ্ৰ পামেগাম আৰু আজিৰ তাৰিখৰ নাহেন্দ্ৰ পাদুনৰ দিনলৈকে।সেইচাম প্ৰগতিশীল মিচিংসকলে অসমৰ ৰাজনৈতিক,সামাজিক তথা ভাষা সাহিত্যৰ ক্ষেত্ৰখনত থাকি মূলসুঁতিৰ অসমীয়া সকলৰ সেতুবন্ধনত থকাৰ পোষকতা কৰি আহিছে।
আনটো ভাৱধাৰাৰ গোটটো হল ৰেষ্টৰেশ্যন শ্ৰেনীটো।এই শ্ৰেনীটোক আচলতে পুনৰুত্থান গ্ৰুপ বা পুনৰ্জাগৰণৰ গ্ৰুপ বুলি ক'ব পাৰি।
এইটো অনস্বীকাৰ্য যে বিশ্বৰ সকলো আদিম সভ্যতাই animism ত বিশ্বাসী।এনিমিজিমৰ অৰ্থ হল দেৱ দেৱী, গ্ৰহ নক্ষত্ৰ,জীৱজন্তু,গছ গছনি আদিক উপাসনা কৰা।প্ৰকৃত অৰ্থত প্ৰকৃতি পূজা।
আদিম অৱস্থাত বিজ্ঞান আৰু প্ৰযুক্তিৰ সাধন নাছিল বাবে হয়তু আমাৰ আদিপুৰুষ সকলে বিভিন্ন মাৰিমৰক অ পায় অমঙ্গলৰ পৰা হাত সাৰিবলৈ হয়তু গ্ৰহ নক্ষত্ৰ জীৱজন্তুক উপাসনা কৰিছিল!প্ৰাকৃতিক দুৰ্য্যোগৰ পৰা পৰিত্ৰান বিচাৰি প্ৰকৃতিপূজা কৰিছিল।ভূমিকম্পৰ পৰা পৰিত্ৰান বিচাৰি আই বসুমতীক ভূমিপূজন কৰিছিল,গাজনি ঢেৰেকনিৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিবলৈ মেঘকেই পূজা কৰিছিল,বৃষ্টিৰ সন্তান বুলি বৃষ্টিক উপাসনা কৰিছিল,শিৱ বা বিষ্ণুৰ সহচৰ বুলি সৰ্পক পূজা কৰিছিল,দেৱতা অপদেৱতাৰ আবাসস্থল বুলি বটবৃক্ষকেই পূজা কৰিছিল,বনৰ গৰাকী বুলি হয়তু বাঘ ভালুক হাতীকো স্তুতি কৰিবলৈ এৰা নাছিল...হাজাৰ বছৰে প্ৰৱজন কৰি হিমালয়ৰ গিৰিপথে আহি দুৰ্গম পৰ্বতমালাকো নতমস্তক হৈ প্ৰণাম কৰি আহিছে,ৰাস্তা দেখুৱাই দিবলৈ কাকূতি কৰি আহিছে॥জোন বেলি তৰাকো পূজা অৰ্চনা কৰি আহিছে আৱহমান কালৰে পৰা।সূৰ্য্যটো পোহৰৰ আধাৰ,শক্তিৰ আধাৰ হিচাপে সুৰ্য্যক মিচিংসকলে মাতৃজ্ঞান কৰি আহিছে আৰু শান্তি সৌম্যৰ প্ৰতীক বুলি চন্দ্ৰক পিতৃজ্ঞান কৰি আহিছে।পৃথিৱীৰ আদিবাসী বা জনজাতিসকলৰ মূলধৰ্মই হল প্ৰকৃতি পূজা অৰ্থাৎ animism..তাৰোপৰি পূৰ্বজৰ পৰা চলি অহা আমাৰ ভাষা,পৰম্পৰা আৰু ৰীতি।উপাসনাৰ লগতে এই তিনিটা বৈশিষ্ট্য উঁহ বিচাৰি restoration ত অনুগামী শ্ৰেনীটোৱে পূৰ্বৰেপৰা চলি অহা মিচিংসকলৰ প্ৰথা,পৰম্পৰা, ভাষা সংষ্কৃতিৰ পোকষতা কৰি আহিছে। সোনাৰাম পাঞাং কটকী,ডা০ নোমল চন্দ্ৰ পেগু,টাবুৰাম টাইদকে আদি কৰি বহুকেইগৰাকী মিচিং ভাষা সাহিত্যিক,ইতিহাসবিদে মিচিং ইতিহাস, ভাষা সংষ্কৃতি ও পৰম্পৰাৰ হৃত ঐতিহ্য পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস কৰি আহিছে।মিচিংসকলৰ নিজস্ব ইতিহাস চৰ্চা,ভাষা কৃষ্টি সংষ্কৃতি চৰ্চা কৰাৰ পৰিৱেশ এটা গঢ়ি তোলাত অৰিহণা যোগাই আহিছে সেই চাম ব্যক্তি বিশেষে।
তেখেতসকলে দেখুৱাই দিয়া পথকেই সাৰথি কৰি আজিৰ তাৰিখত মিচিং সমাজত সৰ্বাত্মৰূপত পুনৰ্জাগৰণ অহা পৰিলক্ষিত হৈছে। স্বকীয় ইতিহাস,পৰম্পৰা, কৃষ্টি সংষ্কৃতি ভাষা সাহিত্য চৰ্চা কৰাৰ পৰিৱেশ এটা গঢ়ি উঠিছে। পুনৰজাগৰণ এইভাৱেই কৈছোঁ যে আমাৰ পূৰ্বজসকলে আৱহমান কালৰেপৰাই নিজৰ ভাষা সাৱলীলভাৱে কৈ আহিছে,প্ৰকৃতিক সাক্ষী কৰি ধৰ্মীয় ৰীতি পালন কৰি আহিছে,নিজস্ব পৰম্পৰাৰে কৃষ্টি সংষ্কৃতি পালন কৰি আহিছে।আমাৰ লিখিত ইতিহাস নাথাকিব পাৰে কিন্তু হাজাৰ বছৰে চলি অহা কিংবদন্তি,জনশ্ৰুতি,মৌখিক কাহিনীৰ লগতে বিশেষকৈ আঃবাংসমূহ বিশুদ্ধৰূপত গাই আহিছে মিবুসকলে যিবোৰ আঃবাং বেদৰ শ্লোকসমূহৰ সমতুল্য।ব্যহ্মণ্যবাদী হিন্দুশ্ৰেনীটোৱে পুৰুষাণুক্ৰমে বেদৰ বাণীসমূহ সংৰক্ষণ কৰি অহা হেতু এখনি ধৰ্মগ্ৰন্থলৈ ৰূপান্তৰিত হৈছে বেদৰবাণীসমূহ।ঠিক একেদৰে আঃবাঙৰ শ্ৰুতিসমূহ পুৰুষাণুক্ৰমে সংৰক্ষণ কৰি অহা হলে এনিমিজিমৰ এখনি অমূল্য ধৰ্মগ্ৰন্থলৈ ৰূপান্তৰ হলহেঁতেন।তেনেদৰে কাবান নিঃতমবোৰো হল সাহিত্য সংষ্কৃতিৰ বাহক।
ওপৰত চৰ্চা কৰি অহা দুই শ্ৰেনীৰ মিচিংসকলৰ বাদেও আৰু একশ্ৰেনী আছে যিটো শ্ৰেনী প্ৰগতিবাদী আৰু ৰেষ্টৰেশ্যন দুইটা ধাৰাৰেই পৃষ্ঠপোষক অৰ্থাৎ সংযোগী চিন্তাধাৰাৰে পুষ্ঠ।এই শ্ৰেনীৰ প্ৰবক্তাসকলে পূৰ্বজৰ পৰা চলি অহা ৰীতি নীতি,পৰম্পৰা, ভাষা সংষ্কৃতিক বিকৃত নকৰাকৈও আধুনিক মূলসুঁতিৰ সমাজ ব্যৱস্থাৰ লগত খোজ মিলাই যাব খোজে।সেই শ্ৰেনীয়ে না অতি ভাৰতীয় হিন্দুত্ববাদৰ অনুগামী,না অতি অসমীয়া ভাষা সংষ্কৃতিৰ সাধক,না অতি মিচিং পৰম্পৰাবাদত আগ্ৰাসী।এই শ্ৰেনীটো হল প্ৰাচীন সভ্যতাৰ ছত্ৰছাঁয়াত ঠন ধৰি উঠা ঐতিহ্য পৰম্পৰাক আকোঁৱালি লৈ আধুনিক বহল সমাজৰ সংমিশ্ৰিত কৃষ্টি সংষ্কৃতিৰ পথাৰত নিজকে প্ৰতিষ্ঠা কৰাত আগ্ৰহী।বুজিব পৰাকৈ সৰল ভাষাত কৈছোঁ.... এগৰাকী প্ৰকৃত মিচিং হিচাপে নিজৰ সাজ পোছাক পৰিধান কৰি নিজৰ ভাষা সাৱলীলভাৱে কৈ নিজস্ব ধৰ্মীয় ৰীতি নীতি পালন কৰি নিজস্ব জাতীয় পৰম্পৰা ৰক্ষা কৰিও মূলসুঁতিৰ বহল সমাজত সহাৱস্থান কৰি বাস্তৱধৰ্মী চিন্তা চেতনাৰে নিজকে সুস্থ নাগৰিক হিচাপে জগতত প্ৰতিষ্ঠা কৰাটোৱেই হব কনভাৰজিন গ্ৰুপৰ ব্যক্তিৰ চৰিত্ৰ।
ওপৰুক্ত সকলো গ্ৰুপিঙৰ পৰা ফালৰি কাটি আমি মূল আলোচনালৈ আহি টোকাটোৰ মুখনি মাৰিব খুজিছোঁ।
আমাৰ মূল বিষয় আছিল আমাৰ জাতীয় পৰিচয় আৰু জাতীয় পৰিচয় দাঙি ধৰিবলৈ কি কি মূল উপাদানৰ প্ৰয়োজন।
মূল আলোচনাৰ আগতে মানুহ এগৰাকীৰ পৰিচয় কেনেদৰে নিৰ্ণয় কৰা হয় তাৰ ওপৰত আলোকপাত কৰা হওঁক।
ধৰাহওঁক Mr X এগৰাকী চিকিৎস্যক।তেওঁৰ পৰিচয় কি বুলি ক'লে হয়তু জনাজনে টপৰাই উত্তৰ দিব তেওঁ ডাক্তৰ X কিন্তু এয়া তেওঁৰ আচল পৰিচয় নহয়।ডাক্তৰী তেওঁৰ প্ৰফেছনহে।তেওঁ কি লিখে?ক'ৰ মানুহ?কাৰ ঘৰৰ?কি জাতিৰ?কোন দেশৰ?কোন জিলাৰ?কোন গাঁৱৰ ?কাত ল'ৰা আদি অগনন প্ৰশ্নৰ উদয় হব পাৰে তেওঁৰ পৰিচয় বা identityক লৈ।মিঃ Xক লৈ উদ্ৰেগ হোৱা প্ৰকৃত পৰিচয়ৰ উঁহ বিচাৰিয়েই আমাৰ আলোচনাৰ মূল লক্ষ্য আৰু উদ্দেশ্য।অৰ্থাৎ এগৰাকী ব্যক্তিৰ জাতীয় পৰিচয়ৰ বাবে কি কি উপাদান দৰ্কাৰ আৰু মিচিং হিচাপে আমাৰ সেই উপাদান বা বৈশিষ্ট্যসমূহ আছেনে?তাৰেই চমু খতিয়ান এয়া।
এটা জাতিৰ জাতীয় উপাদানসমূহৰ বিষয়ে আমি আগতেই উনুকিয়াই আহিছোঁ।তাৰে প্ৰথমটো হল ভাষা।
(১) স্বকীয় ভাষা:-মিচিংসকলৰ স্বকীয় ভাষা আছে।চাবলৈ গলে বৰ সুন্দৰ,সৰল অথচ বিজ্ঞানসন্মত ভাৱে পৰীক্ষা নিৰীক্ষা কৰিব পৰা প্ৰচলিত ভাষা।কিন্তু আভিধানিকভাৱে(বৈয়াকৰণিক)মিচিং ভাষাটো অতি চালুকীয়া অৱস্থাত আছে।কিছু দশক আগতে দোৱানৰ পৰা ভাষাৰূপে উত্তৰণ ঘটিছে যদিও ফৰ্মেলি এতিয়াও দোৱান,ইন্ফৰ্মেলিহে ভাষাৰূপে নিজে স্বীকৃতি দিছোঁ।সম্পূৰ্ণ ভাষাৰ স্বীকৃতি পাবলৈ স্বীকৃত অভিধান,ব্যাকৰণ,পাঠ্যপুথি প্ৰনয়ণ, শিক্ষানুষ্ঠান কলেজ বিশ্ববিদ্যালয়ত পাঠদান আদিৰ লগতে অলংকাৰ শাস্ত্ৰ,অংকশাস্ত্ৰ,বিজ্ঞান সাহিত্যৰ মেটমৰা ভঁৰাল থাকিব লাগিব।প্ৰথম উপাদানলৈ চালে দেখা যায় যে জাতীয় পৰিচয়ত ব্যৰ্থ মিচিংসকল।
(২)স্বকীয় সংষ্কৃতি:-মিচিংসকলৰ গীত মাত, নৃত্যকলা,সাজপাৰ আৰু নিজস্ব উৎসৱ পাৰ্বন আছে। আঃবাং,কাবান,নিঃতম,অইনিঃতম আদি নিজস্ব গীত সংগীত,বাদ্যযন্ত্ৰ নৃত্যশৈলীৰে সমৃদ্ধ মিচিং কৃষ্টি।ৰিঃবি গাছেং,গনৰো উগন,অৗৰকগ,মিচিং এগে,চেকৰেগ,গে'ৰ,তাপুম গাছৰ,গাদু আদি মিচিংসকলৰ নিজস্ব পোছাক পৰিচ্ছদ। কিন্তু কিমান মিচিঙে এই সাজপোছাকবোৰ পৰিধান কৰে বা ব্যৱহাৰ কৰে? অৗপ তুঃলি, অৃই জাম্বৰক,দেনদুন তাপুং,গঃনি পৰাং,পলং কীঃপাৰ এগি য়কতুং মাতচিক ইত্যাদি হল মিচিংসকলৰ কৃষ্টিয়,কৃষিজাত কূটিৰ শিল্পজাত সা সৰঞ্জাম। কিন্তু সেই সামগ্ৰী সমূহ আজিকালি প্ৰদৰ্শনীতহে স্থান পায়।
মিবু আঃবাং,কঃনিঃনাম,দঃব কাবান,চেল্লয়া নৃত্য,লেৰেলি নৃত্য,অই কাবান,বাৰি ৰৃঃলা কাবনাম আজিকালি অনুষ্ঠান সভা সমিতিতহে পৰিৱেশন কৰা হয়।মিচিংসকলে সপ্তাহজুৰি পতা মুখ্য উৎসৱ আলি আঃয়ে লৃগাঙৰ গুমৰাগ বিহুও গাৱেঁ ভূঞে সেৰেঙা হৈ আহিল।অৰ্থনৈতিক অনাটনত পৰি পঃৰাগ উৎসৱো বহুতো গাঁৱে উদযাপন কৰিবলৈ সাহ নকৰা হল।
তেনে পৰিপ্ৰেক্ষিতত কিহৰ ভিত্তিত মিচিংসকল স্বকীয় সংষ্কৃতিৰে সমৃদ্ধিশালী বুলি ক'ব?
(৩)স্বকীয় পৰম্পৰা:- মৃতকৰ সৎকাৰ,মুণ্ডন,নান্দামুখ শ্ৰাদ্ধ আদি হিন্দুসমাজৰ পৰা অহা পৰম্পৰা হলেও আমাৰ তানিগোষ্ঠীৰ নিজস্ব পৰম্পৰা আছে।যেনে পুৰ্বপুৰুষক পিণ্ডদান কৰাৰ ভিতৰত উৰম আপিন,মৃতকৰ সৎকাৰৰ তুঃলাদপৗ য়ুনাম বা দফনকাৰ্য্য,মৃতকৰ সদগতিৰ উদ্দেশ্যে দিয়া মন্ত্ৰপাঠ(সেই মন্ত্ৰপূত অকল অৰুনাচলৰ তানিগোষ্ঠীতে প্ৰচলিত ও সীমিত)অপায় অমঙ্গলৰ বাবে পৗকা: মৗননাম,ভূতপ্ৰেত খেদা ইত্যাদি আমাৰ নিজস্ব পৰম্পৰাৰ অন্তৰ্গত। কিন্তু প্ৰথাগতভাৱে চলি অহা পৰম্পৰা লাহে লাহে লোপ পাব ধৰিছে উপযুক্তভাৱে পালন কৰি নহা বাবে।
(৪)স্বকীয় ৰীতি নীতি:-পৰম্পৰাৰ লগত ৰীতি নীতিৰ বিশেষ পাৰ্থক্য নাই যদিও পৰম্পৰাৰ লগত ৰীতি নীতিক একেটা তুলাচনীত তুলিব নোৱাৰি।কিছু পাৰ্থক্য বিদ্যমান।পূৰ্বৰে পৰা চলি অহা ৰীতি নীতিকেই পৰম্পৰা বোলে।কিন্তু ৰীতি নীতি সময় সাপেক্ষ যত পৰম্পৰা হল অৱধাৰিত প্ৰৱাহিত ধাৰা।সময়ৰ কালচক্ৰত ৰীতি নীতি স্থৱিৰ হব পাৰে বিলুপ্ত হব পাৰে কিন্তু প্ৰচলিত ৰীতি পৰিৱৰ্তন হৈও যিটো গতিধাৰা অব্যাহত থাকিব সেয়াই কালক্ৰমত পৰম্পৰাত পৰিণত হব।কাজেই পৰম্পৰাৰ গতি স্তব্ধ নহয়।
মৃতকৰ সৎকাৰৰ নিজা নিয়ম থকাৰ দৰে বিয়া বাৰু আদিৰো নিজা নিয়ম বা ৰীতি আছে মিচিং সমাজত।দা'ৰ মিদাং বা প্ৰজাপতি বিবাহ।মিদাংটো আচলতে হিন্দু প্ৰজাপতি বিবাহৰ পৰা অহা যেন লাগে। কিন্তু হলেও মিদাঙৰ স্বকীয় বৈশিষ্ট্য আছে।মিচিং সমাজত প্ৰজাপতি বিবাহতকৈ গন্ধৰ্ব বিবাহৰে প্ৰচলন অত্যধিক যাক দুগলা লাঃনাম বুলি কয়।
মিচিং সমাজত প্ৰচলিত মৌলিক ৰীতি নীতিসমূহ হল__১/ছাংঘৰত থাকি ভালপোৱা মিচিং সকলে ৰিঃচিং(চাঙৰ শিতানদিশে) পুৰুষসকল আৰু ককদাং ককতগ(ঘৰৰ পতানদিশে)ত নাৰীসকল থকাৰ নিয়ম।তুংগৗং(ঘৰৰ পূবদিশ)ত ঘৰৰ জ্যেষ্ঠসন্তান আৰু কগ বা য়াপকুৰ(চাংঘৰৰ পশ্চিমদিশ)ত ঘৰৰ কনিষ্ঠ ভাতৃৰ সতে পিতৃমাতৃ(মিনৗ-মিজিং)থকাৰ নিয়ম।তাৰোপৰি য়াদলা লাঃনাম(ফুচুলাই পলাই নিয়া),কৃতৃগ দুৰনাম(চাংতলে প্ৰেয়সীৰসতে গোপন প্ৰেমালাপ) আদি হল প্ৰচলিত ৰীতি। বিবাহৰ পাছত দুগতাদ, মাগ্ব দুগতাদ, জুঃনৗ গৃনাম,চঃমান ইমান, কৗদান গৃকাঃ মৃনচুনাম আদি প্ৰচলিত ৰীতি ৰিৱাজ।সময়ৰ কোবাল সোঁতত প্ৰচলিত ৰীতি নীতিৰো পৰিৱৰ্তন হৈ আহিছে।প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানৰ উত্তৰণৰ বশৱৰ্তী হৈ পূৰ্বৰে পৰা চলি অহা ৰীতি নীতি ব্যাহত হৈছে।আধুনিকতাৰ পৰশতো প্ৰচলিত ৰীতি নীতিক সংবৰ্ধিত ৰূপত অব্যাহত ৰাখিব পৰাটোহে প্ৰগতিশীল জাতিৰ পৰিচায়ক হোৱা উচিত।
(৫)স্বকীয় উপাসনা পদ্ধতি বা ধৰ্মীয় আচাৰ:-আমি আগতেই কৈ আহিছোঁ যে তানি গোষ্ঠী তথা মিচিংসকলৰ নিজা উপাসনা বিধি আছে যাক Animism বোলা হয়।সৰল অৰ্থত প্ৰকৃতিৰ সন্তান হিচাপে প্ৰকৃতি পূজা।এনিমিজিমৰ আক্ষৰিক অৰ্থই হল নিৰ্জীৱ পদাৰ্থত জীৱৰ অস্তিত্বৰ অৱস্থিতি।গ্ৰহ নক্ষত্ৰৰ দৰে নিৰ্জীৱ পদাৰ্থক দেৱ দেৱীৰ ৰূপত দেখা।তানিগোষ্ঠীৰ আদিপুৰুষ আবতানিৰ দিনৰে পৰাই বেলিক মাতৃৰূপে আৰু জোনক পিতৃৰূপে উপাসনা কৰি আহিছে।মূলতঃ মিচিংসকল চন্দ্ৰ সূৰ্য্যৰ উপাসক।
প্ৰৱজিত মিচিংসকলে কালক্ৰমত সনাতনী হিন্দুধৰ্মৰ প্ৰভাৱত পৰি শাক্তধৰ্মী,বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত পৰি একশৰণ ভাগৱতী, সত্ৰসমূহৰ প্ৰভাৱত পৰি নামঘৰীয়া,কালসংহতি আৰু অতি সম্প্ৰতি সংঘীয়া বা সংঘৰীয়া ধৰ্মত দীক্ষিত হৈছে।তাৰোপৰি কিছু চামে খ্ৰীষ্টধৰ্ম,আন একচামে অনুকূল ঠাকুৰ,এচামে সত্য চাইবাবাৰ অনুগামী আৰু অতি সম্প্ৰতি দঃঞি পঃল য়েলামত আকৃষ্ট হৈছে।
কিন্তু এটা কথা ঠিক যে কোনো এটা ধৰ্মীয় গোটেই নিৰ্দিষ্ট ধৰ্মীয় ৰীতি নীতিৰ অনুচৰ হব পৰা নাই।কোনো এটা ধৰ্মীয় পন্থাকেই এশভাগে মানি আহিব পৰা নাই।
মিচিংসকল নিজস্ব ধৰ্ম,ৰীতি নীতি,পৰম্পৰাৰ পৰা ছিন্নমূল হৈ কোনো এটা ধৰ্মকেই পদ্ধতিগতভাৱে সাঙুৰি লব পৰা নাই।সব ধৰ্মকেই আধাকেচেলুৱাকৈ পালন কৰি আহিছে।একেলগে মাছে মঙহে নাম কীৰ্তন,না স্পষ্টৰূপে বেদৰ মন্ত্ৰ বা শ্লোক পাঠ কৰিব পাৰে,না তানি মিবুৰদৰে স্পষ্টভাৱে আঃবাং গাব পাৰে,না নৈষ্ঠিক ব্ৰাহ্মণ পুৰোহিতৰ দৰে গায়ত্ৰী বা মৃত্যুঞ্জয় মন্ত্ৰপাঠ নিৰ্ভূলভাৱে কৰিব পাৰে। মুঠতে আমি ধৰ্মাচৰণৰ নামত বেবেৰিবাং ৰূপত ধৰ্মাচৰণ কৰি আহিছোঁ।আমি আধা পকা,আধা কেঁচা কেৱলীয়া....না হিন্দুৰ মূলদৰ্শনত অনুগামী,না পিতৃপুৰুষৰ দঞি পঃলৰ উপাসক। আমি ধৰ্মীয়ভাৱে,অৰ্থনৈতিকভাৱে,সামাজিকভাৱে ছিন্নমূল জাতি।তাতোকৈ আৰু বেছি দুখৰ কথাটো হল আমি ৰাজনৈতিক ভাৱেও ছিন্নমূল প্ৰজাতিত পৰ্য্যৱসিত হব ধৰিছোঁ।
আমি নিজকে সমাজত এটা বলিষ্ঠ জাতীয় সত্বা হিচাপে যদি পৰিচয় দাঙি ধৰিব বিচাৰোঁ তেন্তে ওপৰত উল্লেখিত সকলো বৈশিষ্ট্য আমাৰ লগত হাড়ে হিমজুৱে থাকিব লাগিব।আমাৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে,শৰীৰৰ সিৰা উপসিৰাই ৰক্তত প্ৰৱাহিত হব লাগিব জাতিগত উপাদানসমূহ।
ভাষাৰ উন্নতি,সংষ্কৃতিৰ সংৰক্ষণ,পৰম্পৰাৰ ধাৰাবাহিকতা,ৰীতি ৰিৱাজৰ সংবৰ্ধন আৰু স্বকীয় মৌলিক উপাসনা পদ্ধতি হল সবল জাতীয় চৰিত্ৰৰ পূৰ্বচৰ্ত।সেই উপাদানসমূহ পৰিপূৰ্ণ ৰূপত নাথাকিলে এটা সবল জাতিৰূপে বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰি।বিপৰীতে_হয়, জাতীয় চেতনাবোধ নথকা হীন জাতিত পৰিণত হব, নহয় ছিন্নমূল হৈ মূলসুঁতিত বিলীন হৈ অস্তিত্বহীন হব চিৰকালৰ বাবে॥
No comments:
Post a Comment