পানী চিত্ৰ
গুনোজীৎ দাস
বাকসা,শিমলা
কিমান নিৰ্জন আছিল সেই উশাহ
পানীপিয়া চৰাইৰ জলপথত
অলসভাবে পৰি ৰৈছিল পানীবেলিৰ ভাগৰুৱা দেহ-মন
কোনো গৃহিণীৰ নৈশ শিতানত
জনশূন্য বাটৰ পানীচিত্ৰ,
পানীলৈ নামি গ'ল এটি পানীপিয়া চৰাই
গঞা বেলিৰ নিৰ্জন বাট
পানী ভেলেঙীত সদাগৰে চপায় বণিজৰ নাও
তাতেই আছিল যুগৰ এষাৰি মাত
প্ৰাৰ্থনাবোৰ এতিয়া ইমান জৰাজীৰ্ণ
কোনেও নুশুনে কাৰোঁ মাত
চোতালৰ সাধু এটিয়ে বিনাই
যান-জঁটৰ ভিৰৰ মাজত
গৃহবন্দী যুগৰ এষাৰি মাত
ইনাই-বিনাই মাতিলে জানোঁ শুনে
অ- প্ৰাৰ্থনা মৰি আহ
দানবীয় সাম্ৰাজ্যৰ নিহত বতাহ
মৃত গছ
মৃত ছাঁ
শিলভঙা আবেলি পাহাৰে বিনাই
পানীচিত্ৰত জলদস্যুই লপলপাই গিলি পেলায় গঞা বেলি
কংক্ৰিটৰ চুকত ঝাৰু মাৰি চিকুণাই থকা দৃশ্যটোৰ শেষত
পদপথত ৰাউচি ধৰা এজাক কুকুৰ মাতত-
কোনে কালৈ কি লিখিছে
জৰাজীৰ্ণ গীৰ্জাৰ বন্দীত্বৰ স্বৰ
এতিয়া নিতৌ শুনো-
মন্দিৰ,
গীৰ্জা,
অথবা মছজিদৰ
জলদস্যুৰ পানীৰ চাবত
ভাহি অহা কৰুণ পানীস্বৰ
No comments:
Post a Comment