অস্থিৰতা
জুনু বুঢ়া গোহাঞি নাথ
ক'ৰবাত পঢ়ি পাহৰিলোঁ
সকলো হেৰুৱাই শেষ হ'লেও
কিবা এটা পাবলৈ থাকে
সেই কিবা এটা আন একো নহয়
:
ভৱিষ্যত ৷
তেওঁ এবেলাৰ বাবে আহি গ'লগৈ
গধুৰ মনটো মুকলি কৰিবলৈ বুলি ভৰলুৰ পাৰলৈ গ'লোঁ
ফুটপাথত এসাঁজৰ ঈশ্বৰ এজনে
ভোকৰ আগত কলপাত পাৰি খিচিৰি বিলাইছে
সময় ভৰ দুপৰীয়া ৷
বতাহ এজাকে শুকান পাত এখিনি উৰুৱাই নি এঠাইত থূপ খোৱালেগৈ ৷
তেওঁলোকে আগদিনা খাবলৈ পোৱাৰ প্ৰমাণ ৷
মনলৈ আকৌ আহিল
তাহানি পঢ়ি পাহৰা ভৱিষ্যত ৷
ফুটপাথৰ চকুৰ জুইয়ে
মোৰ অস্থিৰতাৰ জুইকুৰা দপদপকৈ জ্বলাই দিলে
মুখখন ঘূৰাই ঘৰলৈ গুচি আহিলেই
:
ছবিবোৰ সলনি হৈ নাযায় ৷
No comments:
Post a Comment