আবেদনবোৰ নাকচ কৰা হওক
স্বপ্নালী কলিতা
গোলাঘাট
পানীগামোছাৰে মুখ মুচি
দদায়ে আৰম্ভ কৰিলে ।
সাধুৰ দৰে চনকা সাধু এটা ।
প্ৰথম খাইমৰা
আৰু দ্বিতীয়
নাখাই মৰা দুটা জাতি ।
নখত গহৰা গজা ভাটিবেলা।
জুমুঠিত সিজি থকা চৰু দুটা ।
মৰিবৰ বাবেও কিছু
কৌশল শিকি লোৱা জৰুৰী ।
ভাগদুটাৰ মাজত এডাল কাল্পনিক ৰেখা ।
যিডালে দোভাগ কৰে পৃথিৱী ।
দুটা মেৰু
সুমেৰু আৰু কুমেৰু ।
দুটা ভাষা
সঁচা আৰু মিছা ।
দুটা তৰ্জনী
লেহুকা আৰু সবল ।
দুটা শ্ল'গান -
মৌনতা আৰু অত্যুক্তি ।
দুখন চুক্তি
ঠগবাজ আৰু চাতুৰি ।
দদাইয়ে মুখখন মচি ল'লে ।
সাধুটোৰ শেষৰখিনি --।
দ্বিতীয়টোৰ হাতত একোখনকৈ আবেদন
প্ৰথমটোৱে লিখি দিয়া ।
বিষয়:-ইচ্ছামৃত্যুৰ বাবে আবেদন।
প্ৰথম দলটোৰো কোনোবা এজন
শুভাকাংক্ষী আছিল ।
আবেদনবোৰ নাকচ কৰা হওক বুলি
চিঞৰি উঠিল ।
No comments:
Post a Comment