শৰতৰ প্ৰিয় পোচাক এসাজ
গায়ত্ৰীদেৱী বৰঠাকুৰ
তেজপুৰ
সকলোৰে থকাৰ দৰে
শৰতৰো আছে
এযোৰ প্ৰিয় পোচাক
শেৱালিৰ চানেকী
নিয়ৰৰ বুটা
কুঁৱলীৰ প্ৰলেপেৰে তৈয়াৰী
সেই প্ৰিয় পোচাক যোৰ পিন্ধি
শৰত ওলাই যায়
প্ৰাতঃভ্ৰমণ নাইবা
সান্ধ্যভ্ৰমণত
দুপৰীয়া শৰতে অলপ জিৰণি লয়
ধাননিয়ে সেউজীয়া বাৰে
জুৰাই শৰতৰ ভাগৰুৱা বুকু
প্ৰিয় পোচাক সাজ
বেৰত ওলোমাই
শৰতে হুমুনিয়াহ কাঢ়ে
পৃথিৱীৰ
আহ্নিক গতি আৰু বাৰ্ষিক গতিক দোষাৰোপ কৰি
শৰত মগ্ন হয় সুখ নিদ্ৰাত
কহুৱা হেনো এসময়ত
এই শৰতৰেই আছিল
প্ৰগলভ
জোনাক
অভিসাৰ
ঘুনুক- ঘানাক
বেৰত ওলমি থকা সাজযোৰে সজোৰেৰে
চকু মুদা কুলিৰ ভাঁও জোৰে ...
আস! কি আচৰিত
ভালপোৱা
শৰতৰ এই প্ৰিয় পোচাক সাজৰ
( জানিব পাৰিছোঁ এসময়ত এই শৰত হেনো প্ৰিয় পোচাক আছিল আপোনাৰো !!
কথাটো বাৰু সঁচা নেকি ....!!)
No comments:
Post a Comment