মোক নিচিঙিবা বন্ধু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 1, 2021

মোক নিচিঙিবা বন্ধু

 মোক নিচিঙিবা বন্ধু !

মৃদুল ৰহমান

গোৱালপাৰা



মোক নিচিঙিবা বন্ধু 

বৰ কাতৰ আহ্বান আছিল 

সেই ফুলপাহৰ ৷


নামানিলে , নামানিলে দানৱটোৱে ৷

দাৰে ঘপিয়াই উদাত্ত কণ্ঠে

কৈ গল ৰংসনা বহু কথাই

সমাজৰ সন্মুখত ৷


ভুল সেই ফুলপাহৰেই ৷

কাৰণ তাই ফুল হৈ ভুল কৰিছিল এই জনঅৰণ্যত ৷


সুবাসেৰে সুবাসিত কৰিব বিচৰা *নন্দিতাৰ* সুবাস

আজি হেৰাই থাকিল

অগ্নিকুন্ডলিৰ ধোৱাৰ মাজত ৷


পাৰা যদি আকৌ এবাৰ জন্ম লবা *নন্দিতা* ৷

ক্ৰুৰবোৰক কবি কুলৰ 

ছন্দবদ্ধ কবিতাৰ কিছু শব্দেৰে মানুহ কৰিবলৈ ৷


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages