আপেলত দাঁত
ঋষভ নাথ
নীলকণ্ঠত নে আডামৰ হাতত প্ৰথম
ক'ত লাগিছিল আপেল
মনত নাই
পিছে সৰিপৰা আপেল বুটলি
তেওঁ নিউটন হ'ল
তথাপি বিভিন্ন কোণেৰে মোৰ আপেলটো চপাই
নিজৰ দাঁতবোৰ সযতনে নিলে
কথাটো এনে নহয় যে সত্যত যোগ দিবলৈ
মোৰ মত মৌলিক নাছিল তাৰোপৰি
ধাৰ কৰি বিয়োগৰ নিয়ম এটাত
তেওঁ আকণ্ঠ ডুব গৈ আছিল
সেয়ে বেলি বলি দি
বাটৰ আন্ধাৰত তেজ বিচাৰক বুলি
মই তেওঁক আজৰি কৰি দিলোঁ
যিমানেই আলফুলে আপেল এটাত সাঁচি
নাৰাখক কিয় দাঁত
দাঁত সদায় তেওঁৰ হৈ নাথাকে
তেওঁৰ দাঁতবোৰ পিন্ধিয়েই এদিন
অন্ধ ভোকে খাব তেওঁকো
তেওঁ বাৰু জানেনে কথাটো
যদি জানে অপেক্ষাত দুচকু গুটি পুতি থ'ব
নাজানে যদি তেওঁৰ নিৰ্বিকাৰ দাঁতে তেওঁক
চোবোৱা চাবলৈ ইমানো ভোক মোৰ নাই
আপেলটো ডিঙিত ডুব যোৱাৰ পাছতো
সৰাপাতৰ তলে তলে এটা বাট আছিল
পিছে গৈ চাবলৈ তেওঁৰ নাছিল ইচ্ছা
No comments:
Post a Comment