মৃত নদী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 1, 2021

মৃত নদী

 মৃত নদী

লক্ষী প্ৰসাদ ৰেগন




মৃত নদীৰো ঠিকনা হেৰায়

নদী নামৰ শীতল সত্তাৰ পৰা

তৰাং নদীত

মাছৰ উজান নুঠে

সেয়ে টুলুঙা নাওবোৰে মনে মনে উচুপে

গিৰীহঁতৰ কথা ভাবি ভাবি


এৰাল ছিঙা নাওবোৰে

নদীৰ মাজতে নিজকে নিজে বিচাৰিছিল

পাৰ বিচাৰি কাবৌ কোকালি কৰিছিল

পকনীয়াক বাৰে বাৰে


মৃত নদী সদায় শান্তিত শোৱে 

কুলু কুলু বৈ নাথাকে নদী


নদী নদীৰ দৰে বৈ থাকিলেহে

জোনে নিজৰ মুখ চাব পাৰে নীলিমাৰ পৰ নামি

পপীয়া তৰাবোৰেও নদীৰ গভীৰতালৈ নামি আহে

চুঁঁচৰি বাগৰি


নদী হেৰাই থাকিলে

বণিজৰ নাওবোৰ ঘাট মাউৰা হয়


মৃত নদীলৈ গাভৰুজাক নাহে

নদীৰ পাৰত লুটি বাগৰ নামাৰে

পানী অনা কলহ





No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages