মৰিশালিত এজাক শগুণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 1, 2021

মৰিশালিত এজাক শগুণ

                       


মৰিশালিত এজাক শগুণ

                                      যতীন মিলি 


বোকা-পানীৰে প্ৰলম্বিত এটি পথ ।

পথৰ দুকাষে জোনমনি জোনালীহঁতৰ 

একো-একোখন লুকা-ভাকুৰ উদ্যান 


এখন নহয়

দুখন নহয়

হাজাৰখন...


ধনাই-মনাই সেউতি-তগৰহঁতৰ 

ভোকাতুৰ পেটৰ সন্ধ্যাৰ আৰতি-

"আমি য'ত জীৱ তোমাৰ স্ৰজন 

হৰি হৰি হৰি এ"


ওখোৰা-মোখোৰা গাঁৱৰ বাটত

ধূলি উৰুৱাই যোৱা 

দিছপুৰীয়া দেউতাৰ কাকূতি শুনি 

দুচকুৰে পাৰ ভাঙি বৈ আহিল এখন অবাধ্য নদী 

"পাৰ কৰা ভৱ নদী দেৱ দামোদৰ 

নিৰ্বাচনলৈও নাই যে আৰু বেছি পৰ ।"


ইকাণ-সিকাণকৈ

পুৱালৈ পোৱালি জগিল

এটা গৰম বাতৰিৰ 


হেৰৌ মনাই

যোৱা ৰাতিও আমাৰ গাঁৱৰ বাটে পাৰ হৈ গ'ল

এটা ৰত্নাকৰৰ দল...



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages