নানকু পানিকা
ৰঞ্জিত ভট্টাচাৰ্য
( দ° দেৱব্ৰত শৰ্মা ছাৰৰ হাতত)
তেজেৰে চহী কৰি মাটিত,
নানকুৱে আকাশৰ সমাধিলৈ চালে।
সহযোগ কেতিয়াও নকৰিবি নকৰিবি,
মাটিকংকালে মূৰ দাঙি ক'লে।
ফিৰিঙিয়ে ধৰি-বান্ধি ভাগৰুৱা নানকুক,
উপৰ্যুপৰি গচকিলে দেশৰ মাটিতে,
ভালপাবলে' দেশক চহী নালাগে বগা কাগজত,
বুকুৰ তেজেৰে নানকুৱে চহী দিলে মাটিত।
নানকুৰ চোতালত হাড়ৰ ছাইৰ তলত
পোত গৈ আছে শবছৰীয়া অঙঠাৰ টুকুৰা,
খান্দি উলিয়াব লাগিব মৃত বুলি ভবা
বহুতো জীয় লগা কথা।
তাঁৰ আলিৰ সেই পুখুৰীৰ পাৰত,
শতিকাজোৰা তেজ-ঘামৰ সাক্ষী হৈ,
এতিয়াও সাৰে আছে নানকু পানিকা,
আকাশৰ সমাধিলৈ চাই।
তেজেৰে চহী কৰি মাটিত,
নানকুৱে আকাশৰ সমাধিলৈ চায়,
সহযোগ নকৰিবি নকৰিবি
কেতিয়াও নকৰিবি,
দেশ যায় দেশ যায়।
No comments:
Post a Comment