মই এক জীৱন্ত ভগ্নাৱশেষ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 1, 2021

মই এক জীৱন্ত ভগ্নাৱশেষ

 

 মই এক জীৱন্ত ভগ্নাৱশেষ ..

অৰুণ ভূঞা 

যোৰহাট




 কাল ধুমুহাত চুৰমাৰ হোৱা 

 ক্ষতবিক্ষত বাস্তৱৰ

 হেজাৰ সপোনৰ 

 আছে কিছু অৱশেষ ,

 মই এক জীৱন্ত ভগ্নাৱশেষ ... ! 


 টুকুৰাটুকুৰ কাগজৰ পিঠিত 

 আছে মোৰ ঘৰ্মাক্ত 

 জীৱনৰ কিছু দস্তাবেজ 

 আছে কিছু তপত চকুলো ..

 নিষ্ঠুৰ বাস্তৱৰ , সেমেকা দিনপঞ্জী 

 তাতেই পাবা মোৰ অৱশেষ ... !!


 হয়তু কিছু আছে 

 আৰু ;

 কিছু উৱলি যাব ধৰা 

 কল্পনাৰ স্মৃতি ...

 তাতেই বিচাৰিলে

 পাবা নিশ্চয় নিষ্ঠুৰ জীৱনৰ 

 ডোখৰীয়া ছবিও ... 

 য’ত আছে ;

 কিছু , মোৰ অৱশেষ ... !

 কিয়নো মই যে এক 

 জীৱন্ত ভগ্নাৱশেষ ... !!


 আৰু ;

 আছে ছন্দহীন সন্তাপৰ 

 অগনিত শুকাই যাব ধৰা 

 কণ্টকময় জীৱনৰ আলেখ্য .. 

 কিয়নো ;

 মই এক জীৱন্ত ভগ্নাৱশেষ .. !!


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages