জীৱন বিষয়ক — ২
ফাৰহান জাৱেদ
এতিয়া কিমান পৰ
ঠিক মই গমিব পৰা নাই
টোপনিৰ পৰা জগাই নিদিয়াহ’লে
মই শুয়েই থাকিলোহেঁতেন
অথচ মোৰ টোপনি সমূলি পূৰ হৈছে...
টোপনি পূৰ হ’লে আপুনি কি কৰে
কোনেও জগাই নিদিয়ালৈকে?
বিছনাত পৰি পৰি আধা খোলা খিৰিকীৰে
বাহিৰলৈ চাই থাকে নেকি!
বিতৃষ্ণাত খং উঠেনে কেতিয়াবা
কলৰ পাতত পৰি ৰাউচি জুৰা কাউৰীৰ কা কা শুনি
চাই থাকে নেকি আকাশৰ বুকুৰ মেঘবোৰ
বৰষুণ আহোঁ আহোঁ কৰা...
মই উচপিচাই থাকো!
যিদিনাই কোনো শুভ সময় কামনা কৰোঁ
যিদিনাই কোনো জৰুৰী কামৰ বাবে খৰখেদা কৰোঁ
অৱশ্যে শুই শুই মানুহৰ কথা ভাবিবলৈ ভাল
সমাজ সংস্কাৰৰ নিশ্ছিদ্ৰ আঁচনি
লিহিৰি আঙুলিত পাগ উঠে
আৰু নেটিজেনৰ জয়ধ্বনিত মই নিচিন্তে টোপনি যাওঁ
No comments:
Post a Comment