বহুৱা
নৃপেন গোস্বামী
দুলিয়াজান, ডিব্ৰুগড়
মনটোৰ দৰে মানুহটো
ভাওনাখনৰ ঠিক মাজ অংকত
পিন্ধে নিপিন্ধিব লগা বহু বসন
পিন্ধে নিজকে ভুচুং পহু সজাব পৰাকৈ বহু
কিবা কিবি
হঁহোৱাই নহঁহাক
হঁহোৱাই কন্দাক
পিছে বিশেষৰ নজৰ নপৰা পৃথিৱীৰ
আৱাসী
জীৱন হাঁহিৰ থুনপাক
সেলেঙী বোৱা আইৰ বোধত ফুটা ৰহঘৰা
কিম্বা এন্ধাৰৰ বিজুলী চমক
হাঁহি হাঁহি মৰে কেইজন
ভোকৰ হিচাপ কৰি কৰি দোৱে জীৱন
বহুৱা সূত্ৰ কিম্বা
নাট্যৰ বিখণ্ডিত অধ্যায়
হৃদয়ত হেজাৰ দুখলৈ
সংসাৰক হঁহোৱাই জনাই
ইহলোক মাথো নাটঘৰৰ মঞ্চ
যুগ পাৰ হয়
নাথাকে চিন
জীয়ে মৰে চিন নোহোৱা হয় বহুজনৰ
লৌকিক অলৌকিক কিছু মিঠা ভেষজ
খোৰাকলৈ জীয়াই তুলিছে
মৃৎ প্ৰতিমাক
যি জীবলৈ পাহৰে
হাঁহি হেৰুৱা দুখত।।
No comments:
Post a Comment