ঠিকনা
লিলি দলে
সাগৰ পৃষ্ঠত
কেতিয়াবা বিছাৰিছা নেকি
মাণিকৰ ঠিকনা?
মেঘাচন্ন আকাশৰ তলত
কেতিয়াবা বিছাৰিছা নেকি
সাতােৰঙী ৰামধেনুৰ ৰং?
হৃদয়ৰ চাৰি কোঠালীত
কেতিয়াবা বিছাৰিছা নেকি
অক্সিজেনৰ প্ৰভাল সূতৰ ঠিকনা?
মৰুভূমিত হাবাথুৰি খায়
কেতিয়াবা বিছাৰিছা নেকি
পানীৰ সোঁতৰ ঠিকনা?
প্ৰেমৰ সাগৰত ডুব গৈ
কেতিয়াবা বিছাৰিছা নেকি
প্ৰেয়সীৰ বাস্তৱ ঠিকনা।।
Nice
ReplyDelete