অদ্বিতীয়া - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, November 7, 2021

অদ্বিতীয়া

 অদ্বিতীয়া

মিনাক্ষী কলিতা



এয়া মোৰ দ্বিতীয়া পত্নী....


ৰূপমে তাৰ বন্ধু অনিৰ্বাণৰ আগত চিনাকি কৰি দিয়াত সঁহাৰি ৰূপে অনিৰ্বাণক নমস্কাৰ জনাই তাইৰ কেইটামান দৰকাৰী বস্তু কিনিবলগীয়া আছে বুলি কৈ তেওঁলোকক কথা পাতিব দি লৰালৰিকৈ ওচৰতে থকা ষ্টেচনৰী দোকানখনলৈ বুলি গুছি গৈছিল তাই।আচলতে দোকানখনত তাইৰ কিনিবলগীয়া বৰ বিশেষ একো এটা নাছিল কিন্তু ৰূপমৰ মুখত এই দ্বিতীয়া শব্দটো শুনাৰ পিছত কিয় জানো তাইৰ আৰু সিহঁতৰ কথা শুনি থাকিবলৈ ধৈৰ্য্য নাথাকিল। 


অকল আজিয়ে নে! 

সিটো প্ৰায়ে ব্যৱহাৰ কৰে এইটো শব্দ। 

কিন্তু কিয়! কিয় বাৰে বাৰে ব্যৱহাৰ কৰে সি এই শব্দটো! কোন পত্নীয়ে বাৰু নিজ স্বামীৰ মুখেৰে বাৰে বাৰে শুনিব বিচাৰে যে তাই সেই মানুহজনৰ দ্বিতীয়া পত্নী। ৰূপমৰ প্রথম পত্নী অনূসূয়াৰ মৃত্যুৰ কথাটো প্ৰায় সকলোয়ে জানে। কিন্তু তাৰ পিছতো কিয় সি তাইক দ্বিতীয়া পত্নী বুলি বাৰে বাৰে চিনাকী দিব লগা হয়। দ্বিতীয়া পত্নী বুলি কোৱাৰ বিপৰীতে সি যদি কয় এয়া মোৰ পত্নী তেতিয়াও জানো মানুহে নাজানিৱ যে সেয়া ৰূপমৰ দ্বিতীয়া পত্নী মানসী। জানিব!সকলোৱে জানিব তাই ৰূপমৰ দ্বিতীয়া পত্নী বুলিয়ে। তেতিয়াহলে সিটো এই শব্দটো ব্যৱহাৰ নকৰিলেও হয়। নাই তাই নোৱাৰে আৰু এই দ্বিতীয়া শব্দটো শুনিব। তাৰ মুখৰ এই শব্দটো এটা শব্দ হোৱাৰ বিপৰীতে যেন এপাত শূল হৈ হে তাইক বাৰুকৈয়ে বিন্ধে।  


কথাবোৰ এনে হোৱাৰ কথা নাছিল যদিও অবশেষত নভবা কথাবোৰে হৈ গৈছিল। সচাঁকৈয়ে জানো তাই ৰূপমৰ দ্বিতীয়া পত্নী হোৱাৰ কথা আছিল! 

নাছিল! তাইটো ৰূপমৰ জীৱনত অদ্বিতীয়হে ৰৈ ৰোৱাৰ কথা আছিল। কিন্তু তাৰ পিছতো আজি তাই ৰূপমৰ দ্বিতীয় পত্নী। তাই নিবিচাৰিলেও হয়তো সেয়া অদৃষ্টই বিচাৰিছিল। 


সৰুতে মাক দেউতাকক হেৰুৱাই নিথৰুৱা হোৱা মানসীৰ দেউতাকে ৰূপমৰ ককাকৰ অনুগ্ৰহতে ডাঙৰ দীঘল হৈছিল। সেই সুত্ৰে বাল্যকালৰ খেলা ধূলাৰ পৰা আৰম্ভ কৰি একো একোজন প্রতিষ্ঠিত ব্যক্তি হোৱালৈকে একেলগে ডাঙৰ হোৱা ৰূপমৰ দেউতাক আৰু মানসীৰ দেউতাক উভয়ে উভয়ৰ ঘনিষ্ঠ বন্ধু হৈ পৰিছিল। তেওঁলোকে সংসাৰৰ চাকনৈয়াত বন্দী হোৱাৰ পিছতো তেওঁলোকৰ সেই বন্ধুত্ব একেদৰে আছিল। সংসাৰৰ মায়া মোহে তেওঁলোকৰ বন্ধুত্বৰ ক্ষেত্রত কোনো বাধাৰ সৃষ্টি কৰা নাছিল। বন্ধুত্ব আৰু সংসাৰ দুয়ো সমান্তৰাল ভাৱে চলাই নিছিল। তাৰ মাজতে তেওঁলোকৰ জীৱনলৈ কিছুদিনৰ আগপিছ কৈ ৰূপম আৰু মানসী আহিছিল। এজনৰ সংসাৰলৈ ল'ৰা আৰু আনজনৰ সংসাৰলৈ ছোৱালী এজনী অহাত তেওঁলোকে একপ্ৰকাৰ ভালে পাইছিল। ইমান দিনৰ বন্ধুত্বৰ সম্পৰ্কক তেওঁলোকে তেতিয়াই এক নতুন নামেৰে নামাকৰণ কৰাৰ সপোন ৰচিছিল। 


সময়ে গতি কৰিছিল। ৰূপম আৰু মানসীও লাহে লাহে ডাঙৰ হৈছিল। দুয়োখন ঘৰৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ সুত্ৰে ৰূপম আৰু মানসী ইজনে আনজনৰ প্ৰায়ে লগালগি হৈছিল। এনেদৰে এদিন দুয়ো দুয়োৰে অন্তৰংগ বন্ধু হৈ পৰিছিল। কিন্তু বন্ধুত্বতে জানো সিহঁতৰ সম্পৰ্ক সীমাবদ্ধ হৈ ৰৈছিল! শৈশৱৰ এই বন্ধুত্বই কৈশোৰত প্রেমলৈ ৰূপান্তৰিত হৈছিল। দুয়োৰে সম্পৰ্ক আৰু অধিক গাঢ় হৈছিল। ইজনৰ মৰমবোৰ সিজনৰ বুকুলৈ শিপাইছিল। উভয়ৰ মাজত মিলামিছা বাঢ়িছিল। 


ৰূপমৰ আৰু মানসীৰ মাজত গঢ়ি উঠা এই সম্পৰ্ক লাহে লাহে সকলোৰে দৃষ্টিগোচৰ হৈছিল। আৰু সিহঁতৰ এই সম্পৰ্কই সিহঁততকৈও অধিক সুখী কৰিছিল ৰূপম আৰু মানসী দুয়োৰে দেউতাকক। তেওঁলোকৰ যেন অতদিনৰ সপোনবোৰ পূৰ হৈছিল। দুয়ো বন্ধুৰ পৰা মিতিৰ হোৱাৰ পথ প্ৰশস্ত হৈছিল। সেয়েহে তেওঁলোকে দুয়োৱে এই সম্পৰ্কত কোনো ধৰণৰ বাধা আৰোপ কৰা নাছিল। আৰু তেওঁলোকৰ এই সিদ্ধান্তত দুয়োৰে পত্নী অৰ্থাৎ ৰূপম আৰু মানসীৰ মাকহতৰো কোনো ধৰণৰ আপত্তি কৰাৰ থল নাছিল। মানসীৰ নিছিনা এজনী সকলো ফালৰ পৰা গুনী জ্ঞানী ছোৱালীক বোৱাৰী হিচাপে পোৱা কথাটোৱে ৰূপমৰ মাকক যিমানখিনি আনন্দ দিছিল তাতকৈ কোনোগুনে কমকৈ আনন্দিত হোৱা নাছিল মানসীৰ মাক। এজন সুযোগ্য জোৱাই হব পৰাকৈ ৰূপম বাৰু কোনখিনিত কম আছিল! 


কথাবোৰ বহুত সোনকালে আগবাঢ়িছিল যদিও ৰূপম আৰু মানসী দুয়ো শিক্ষা দীক্ষাৰে পৰিপূৰ্ণ হৈ একো একোজন প্ৰতিষ্ঠিত ব্যক্তি হৈ হে সংসাৰৰ দলিচাত খোজ পেলোৱাৰ পৰিকল্পনা কৰিছিল।আৰু সিহঁতৰ এই সিদ্ধান্তক দুয়োখন ঘৰে পূৰ্ণ সমৰ্থন জনাইছিল। 


             ................................................. 


:মানু চাওঁ বাওঁ হাতখন দিয়া না! 

:কিয় ও! 

:এনে দিয়া না প্লীজ.... 


মানসীক ৰূপমে প্ৰায়ে মানু বুলিয়ে মাতিছিল।ইয়াৰ আগতে কেতিয়াও এনেদৰে তাইৰ হাতখন বিচৰা নাছিল।কিন্তু হঠাতে সি এনেদৰে তাইৰ বাওঁহাত বিচৰাত তাই অলপ আচৰিত হৈছিল যদিও হাতখন তাৰ ফালে আগবঢ়াই নিদিয়াকৈ থাকিব পৰা নাছিল। তাই লাজ লাজকৈ আগবঢ়াই দিয়া হাতখনে ৰূপমে আলফুলে এটা চুমা আকি দি অনামিকা আঙুলিত পিন্ধাই দিছিল এটি মুকুতাৰ বাখৰ খটোৱা সোণৰ আঙঠি। 


:আজিৰ পৰা তুমি মোৰ! কেৱল মোৰ।


আঙুঠিটো পিন্ধাই দি হাতখনত ধৰিয়ে মানসীৰ চকুত চকু থৈ ৰূপমে কোৱা কথাষাৰত মুহুৰ্ততে মানসীয়ে নিজকে সম্পূৰ্ণৰূপে ৰূপমৰ যেন অনুভৱ কৰিছিল। সেয়েহে তাইও হৃদয়ৰ সমস্ত আকুলতাৰে ৰূপমৰ বুকুত সোমাই পৰিছিল। 


:বাহিৰলৈ গৈ যদি মোক পাহৰি গৈ দ্বিতীয় আন কাৰোবাৰ....... 


ৰূপমৰ ওচৰৰ পৰা আতৰিলে তাক যেন মানসীয়ে চিৰদিনৰ কাৰণে হেৰুৱাই পেলাব তেনেকুৱা এক ভয় মনত ৰাখি মানসীয়ে কাতৰতাৰে সোধা কথাষাৰত ৰূপমে তাইক পুনৰ হৃদয়ৰ সমস্ত আবেগেৰে দুবাহুৰ মাজত সাবটি লৈছিল। 


:মোৰ জীৱনত তোমাৰ বাহিৰে দ্বিতীয়া আৰু কাকো আহিবলৈ নিদিও... আজীৱন তুমিয়ে মোৰ বাবে অদ্বিতীয় হৈ ৰবা মানু। 


ৰূপমে মানসীক তাৰ জীৱনত চিৰদিনৰ বাবে অদ্বিতীয় কৰি ৰখাৰ প্রতিশ্রুতি দি উচ্চশিক্ষাৰ নিমিত্তে বাহিৰলৈ উৰা মৰাৰ বিপৰীতে মানসীয়ে ৰূপমৰ মৰমবোৰক বুকুত সামৰি নিজ চহৰৰ কলেজখনত পাতনি মেলিছিল উচ্চশিক্ষাৰ। 


   ......................................................


সময়ে গতি কৰিছিল। মানসীয়ে সুখ্যাতিৰে উচ্চশিক্ষা সমাপ্ত কৰি এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহঃ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল। কিন্তু তাৰ বিপৰীতে ৰূপমে উচ্চশিক্ষা সমাপ্ত কৰি ঘৰলৈ উভোতাৰ সলনি এটাৰ পিছত আন এটাকৈ বাহানা কৰি কৰি ঘৰলৈ অহাৰ নামে নলৈছিল। লাহে লাহে সি ঘৰখনৰ লগতে মানসীৰ লগতো সম্পৰ্ক কমাই দিছিল। দিন বগৰাৰ লগে লগে যেন সেই সম্পৰ্ক সি একেবাৰে নাইকিয়া কৰিব বিচাৰিছিল। সেয়ে হয়তো সি কেতিয়াও মানসীৰ খৱৰ নলোৱাৰ বিপৰীতে তাৰ খবৰ লৱলৈ মানসীয়ে কৰা সকলো প্ৰচেষ্টাক সি অগ্ৰাহ্য কৰিছিল। ফোন মেছেজ টেলিগ্ৰাফ সকলো ফালৰ পৰা সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি বিফল হোৱা মানসী অবশেষত ভাগৰি পৰিছিল। ইমান দিনে বুকুত হেপাঁহেৰে ৰোপন কৰা সপোনবোৰ যেন লাহে লাহে সমাধিস্থ হোৱাৰ বাট লৈছিল। 


ৰূপমৰ লগত সংযোগ স্থাপনৰ সকলো ধৰণৰ চেষ্টা কৰি বিফল হৈ ভাগৰি পৰা মানসীয়ে এই সকলোবোৰ কথা ৰূপমৰ মাক দেউতাকক জনোৱাৰ উদ্দেশ্যেৰে এদিন ৰূপমৰ ঘৰত উপস্থিত হৈছিল। আৰু সেই সময়তে ঘৰ আহি ওলাইছিল ৰূপম। আচলতে ৰূপম সেইদিনা স্বইচ্ছাত ঘৰলৈ উভোতা নাছিল। পুতেকৰ সকলোবোৰ কথা অহুকানে পহুকানে শুনি দেউতাকে তাক মাকৰ অসুখ বুলি মিছাকৈ মাতিহে আনিছিল। কিন্তু ৰূপম জানো অকলে আহিছিল! 

ওঁহো! সি অকলে অহা নাছিল। 

সি অকলে অহাৰ সলনি তাৰ লগত আহিছিল এগৰাকী প্ৰায় ছয় সাত মাহৰ গৰ্ভৱতী নাৰী। 


:এয়া মোৰ পত্নী অনুসূয়া... এওঁ বৰ্তমান সাত মাহৰ অন্তঃসত্ত্বা। 


ৰূপমে তাৰ লগত অহা নাৰীগৰাকীক কৰি দিয়া চিনাকীত ৰূপমৰ মাক মুহুৰ্ততে মূৰ্ছা যোৱাৰ উপক্ৰম হোৱাৰ বিপৰীতে ৰূপমৰ দেউতাক খঙত অগ্নিশৰ্মা হৈ পৰিছিল।নিমিষতে তেওঁৰ চকুৰে যেন একুৰা জুই হে বৰষিছিল। হয়তো তেওঁৰ আত্মসন্মানত আঘাত লাগিছিল। নিজ বন্ধুক দিয়া প্রতিশ্রুতি ৰক্ষা কৰিব নোৱাৰা হেতু তেওঁ আত্মগ্লানিত হৈছিল। সেয়েহে তেওঁ নিজ পুত্ৰক তেজ্যপুত্র কৰাৰ কথা ভাবিছিল। 


কিন্তু তাৰ বিপৰীতে মানসী! 

তাইৰ দেখোন নিজৰ সপোনবোৰ ভাঙি চুৰমাৰ হোৱাৰ দুখতকৈ ৰূপমৰ কাষত থিয় হৈ থকা নাৰীগৰাকীৰ কাতৰ চকুজুৰিহে তাইৰ বুকুখন বেছিকৈ দহিছিল।সেয়েহে তাই সেই নাৰী গৰাকীৰ সুৰক্ষাৰ স্বাৰ্থত ৰূপমক সকলো দোষৰ পৰা মুক্ত কৰি দোষবোৰ নিজৰ গাত জাপি লৈছিল। 


:আচলতে খুৰা মইহে ৰূপমক অনুসূয়াক বিয়া পাতিবলৈ......... 

মানে খুৰা মই..... 

মই সঁচাকৈ ৰূপমক ভালে পোৱা নাছিলো। আৰু.. আৰু আজি সেই কথাটো কবলৈয়ে মই ইয়ালৈ আহিছিলোঁ। 


ভাঙি পৰিব খোজা মনটোত যিমান পাৰি কঠোৰতা ঢালি কথাখিনি কৈ অহা বাটেৰে উভতি যোৱা মানসীলৈ চকুৰ পলক নেপেলোৱাকৈ চাই ৰৈছিল ৰূপম আৰু অনূসূয়াই। ৰূপমে মানসীৰ মহানতাৰ ওচৰত নিজকে লজ্জিত অনুভৱ কৰাৰ বিপৰীতে মানসীৰ এই মহানতাৰ প্ৰতি কৃতজ্ঞতাৰে মূৰ দোঁৱাইছিল অনুসূয়াই। আনফালে ৰূপমৰ দেউতাকেও মানসীৰ কথাষাৰত হতভম্ব হৈছিল যদিও অবশেষত ৰূপমে কৰা ভুলক ক্ষমা কৰি আদৰি লৈছিল দুয়োকে। 


         .................................................


বুকুত এটুকুৰা শিল বান্ধি আজীৱন অবিবাহিতা হৈ থকাৰ প্রতিশ্রুতি নিজক দি ৰূপমৰ দেউতাকক কোৱাৰ নিছিনাকৈ মানসীয়ে নিজৰ মাক দেউতাককো মিছা কথা কৈ পতিয়ন নিয়াব যত্ন কৰিছিল যদিও মাকৰ চকুৰ পৰা হয়তো তাই সাৰি যাব পৰা নাছিল। মাকে হয়তো তাইৰ বুকুত ৰূপমৰ বাবে সযতনে ঠাহ খাই থকা মৰমৰ পাহাৰখনৰ উমান কাহানিবাই পাইছিল। সেয়েহে সেই ঘটনাৰ কিছুদিনৰ পিছতে এটি সন্তান জন্ম দিয়ে কোনোদিন উভতি নহাৰ পথেৰে ৰূপমৰ পত্নী গুছি যোৱাত তাইৰ মাকে প্ৰথমে তাইক ৰূপমৰ সৈতে পুনৰ বিবাহৰ প্ৰস্তাৱ দিছিল। 


ইমান দিনে বুকুত ঠাহ খোৱা বেদনাৰ পাহাৰখন মাকৰ কথাত নিমিষতে গুৰুলা গুৰুল কৈ খহিছিল। মাকৰ বুকুত সুমুৱাই তাই হেপাঁহ পলুৱাই কান্দিছিল।তাইক ৰূপমে প্ৰতাৰণা কৰাৰ দুখতকৈ ৰূপম তথা তাৰ সেই কনমানিটো মাতৃহাৰা হোৱাৰ দুখে তাইৰ বুকুখন বেচিকৈ দহিছিল। 


মানসীৰ পৰা সন্মতি পাই তাইৰ মাকে তাইৰ দেউতাক তথা ৰূপমৰ মাক দেউতাকৰ আগত কথাটো উলিয়াইছিল। ৰূপমৰ মাক দেউতাকে তেওঁলোকৰ এই মহানতাৰ ওচৰত নিজকে তুচ্ছ যেন অনুভৱ কৰিছিল যদিও তেওঁলোকে দিয়া এই প্ৰস্তাৱ হাঁহি মুখে গ্ৰহণ কৰি মানসীক সম্পূৰ্ণ মৰ্যদাৰে আদৰি লৈছিল ঘৰখনৰ লখিমীৰূপে। 


ৰূপমেও যেন মানসীক কৰা প্রতাৰনাৰ দ্বাৰা নিজে প্রতাৰিত হৈছিল। হয়তো তাক মানসীক কৰা প্রতাৰণাৰ ফল ভগবানে এনেদৰে দিছিল। সেয়েহে সি মানসীৰ প্রতি কৰা সকলো অন্যায়ৰ শাস্তি বিচাৰি তাৰ তথা কনমানিটোৰ প্ৰাণ ভিক্ষা মাগি মানসীক তাৰ জীৱনলৈ পুনৰ উভতি আহিবলৈ আমন্ত্ৰণ জনাইছিল। 

কিন্তু মানসীয়ে জানো ৰূপমক সি প্রতাৰনাৰ শাস্তি দিবলৈ তাৰ জীৱনলৈ আহিছিল দ্বিতীয় পত্নী হিচাপে!

নহয়! তাই সেইবাবে কেতিয়াও দ্বিতীয়া পত্নী হৈ অহা নাছিল। 

তাই আহিছিল কেৱলমাত্ৰ তাইৰ হৃদয়ত ৰূপমৰ প্ৰতি ঠাহ খাই থকা মৰমবোৰৰ বাবে! 

তাৰ জীবনত তাই দ্বিতীয়া হলেওঁ তাইৰ হৃদয়ত সি চিৰদিনৰ বাবে অদ্বিতীয়া হৈ ৰোৱাৰ বাবে। 


তাৰ পিছতো আজি তাইৰ পৰিচয় ৰূপমৰ দ্বিতীয়া পত্নী। 

নিমিষতে হুমুনিয়াহ এটা সৰকি পৰিল তাইৰ দুওঁঠৰে। 

এৰা! তাই ৰূপমৰ দ্বিতীয়া পত্নী।

ৰূপমৰ সন্তানৰ দ্বিতীয়া মাতৃ। 

কিন্তু তাইৰ হৃদয়ত ৰূপম সদায়ৰ বাবে অদ্বিতীয়া। 



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages