ফাগুন
হিমাংশু শইকীয়া
নৈখনত গা ধুই উৰি অহা চৰাইটোৱে দেখিছিল
ফাগুন আহিছিল।
আলি আঃয়ে লৃগাংত ঢোলৰ চেওত পানেই হৈ নচা
ছোৱালীজনীৰ কঁকালৰ ভাঙনিত ফাগুন নামিছিল
আপং হৈ বৈ যোৱা প্ৰেমিকৰ সিৰা-উপসিৰাৰ মাজত ফাগুন।
এখিলা সেউজীয়া পাতৰ আত্মহত্যাৰ কাৰণ ফাগুন
পথিকে গুণগুণাই যোৱা গানটোৰ নাম ফাগুন
সেউজীয়া পাহাৰখনৰ ৰঙা তেজবোৰ ফাগুন
চাহত গলি যোৱা শব্দবোৰৰ পাকনিত ফাগুন
সৰুপুনাৰ চিলা উৰুৱা হাবিয়াসত ফাগুন
তোমাৰ স্পৰ্শত কপি উঠা আঙুলিৰ ফাকত ফাগুন
মধুশালাৰ ৰঙীন ৰতিটোৰ নাম ফাগুন।
ফাগুন কেতিয়াবা সেউজীয়া কেতিয়াবা ৰঙা বা হালধীয়া
আৰু ৰঙা ফাগুন মোৰ প্ৰিয়,
অথবা ফাগুনত ৰঙা হোৱা কাঞ্চন।
প্ৰেমিক চৰাই দুটাৰ কঁপনিত আহি জিৰাই ফাগুনে
চিঠি হৈ বৈ থাকে এখন নদীৰ পৰা আনখন নদীলৈ।
কেতিয়াবা ফাগুন বিধবাৰ কপালৰ দৰে উকা
নিসংগতাত মৃত্যু হোৱা ৰাতিটোৰ দৰে শীতল।
ইমান শীত জানো ফাগুনে সহ্য কৰিব পাৰে?
ফাগুন মানে প্ৰেম অথবা প্ৰেম মনেই ফাগুন
মোৰ হৃদয়ত কল্লোলিত হোৱা গানটোৰ নামো ফাগুন।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment