পাঁচফোৰণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, February 1, 2026

পাঁচফোৰণ

 


পাঁচফোৰণ


                      ড° বিজয়কৃষ্ণ দলে


১.

পিতাইৰ ফটা বনিয়নৰ ফাঁকেৰে

গোটেই গাঁওখন দেখি

নেদেখি সাৰুৱা মাটিৰ বাসনা।

পিতাইৰ সুখ এবাটি আপঙৰ নিচা

সৌৱা ভোটাৰ কাৰ্ডত পিতাইৰ বিবৰ্ণ মুখ!


২.

আয়ে আজিকালি বহি বহি টকা পায়

‘অৰুণোদয়’ৰ পৰা ‘লাখপতি বাইদেউ’লৈ

টকাৰ উজান উঠিছে! হাত মেলিলেই টকা!

আইৰ কাচিত এতিয়া ধাৰ নাই

সৌৱা ৰেছন কাৰ্ডত আইৰ প্ৰাপ্তিৰ হাঁহি!


৩.

উন্নয়ন—কি ভাতৰ লগত পানীখোৱা কথা!

জাতি-মাটি-ভেটি ৰক্ষা কি মুখচুপতি!

নাচ-গান ধুন-পেঁচ মৰা জাতি অসমীয়া

খেদো বুলিলেই খেদিব নোৱাৰি বিদেশী

বিদেশীক বাদ দি জানো কৰিব পাৰি ৰাজনীতি!


৪.

চৰকাৰে লাগ বুলিলেই ঘৰ দিছে

ফুমাৰি ভাত খাব পৰা হৈছে ৰাস্তা-পদূলি

পোৱাই পাইছে চাকৰি নোপোৱাবোৰে আঁচনি

ৰাতিটোৰ ভিতৰত বিদেশী-বণিক হৈছে চহকী

আৰু বেছি নিবিচাৰিবি পোৱাখিনিও হেৰুৱাবি!


৫.

ৰাইজকণৰ নখ জোকাৰিবলৈ শকতি নাই

চৰকাৰে গুৰি চপাই কাটি থৈছে নখ।

খাই থাক চলি থাক নহ'লে চুপ থাক

সৌৱা আঁচনিৰ আঁচল উৰুৱাই নেতা আহিছে

অসম আকৌ উন্নতি পথত জয় আই অসম বোল।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages