জুবিন দা
সুশান্ত দাস
শিৱসাগৰ
কণ্ঠৰে তোমাৰ পৰিচয় ,
জুবিন গাৰ্গ তোমাৰ নাম।
যাৰ কণ্ঠত নিগৰে সুধা,
যি উমলি থাকে শব্দবোৰে সুৰক আলিংগন কৰা ঠাইত,
তেওঁ নিজৰ মাজতে নিজে এক ইতিহাস,
তেৱেই নহয় জানো জুবিন গাৰ্গ।।
সংগীতৰ পৃথিৱীত তেওঁ এজন মুক্ত পক্ষী,
সংগীতেৰেই তেওঁৰ পৰিচয়,
যাৰ কণ্ঠৰ ৰুগ্ন বাসনাই
অনুভূতিহীন লোকৰ হৃদয় কঁপাই তোলে,
সৰল মনৰ সেই ব্যক্তি জনেই নহয় জানো জুবিন গাৰ্গ।।
মোৰ শব্দৰ তুলাচনী খনেও যাৰ ব্যক্তিত্ব জুখিব নোৱাৰে,
যাৰ গানৰ উজ্জল শিখাই তমসাৰ বুকুত সোমাই তাতো পোহৰ বিলাই,
শান্তিৰ আধৰুৱা বাটত
যাৰ গানেই লগৰী মোৰ,
যাৰ গীতে কঢ়িয়াই প্ৰেমৰ মাদকতা,
সেই প্ৰেমী গীতিকাৰ জনেই নহয় জানো জুবিন গাৰ্গ।।
ধন্যবাদ।।
ReplyDelete