আজিৰ দিনটোত
দেৱজিৎ বিলু
ল’ৰাটোৱে এতিয়া কবিতা নাখায় ৷ তাৰ আঙুলিৰ আগক চকুৰে চলাই
ঘড়ীটো পিন্ধি থাকোতে
বাট এটা বিচাৰি, সিজাই পেলাইছিলো বাট এটা
এতিয়া____
তামোলৰ কনৰ কথা ক’ব লাগে, হাত চাই
আজি
আৰ্তজনৰ শাৰী ধৰি, চৰিয়া এটাত এচৰিয়া আনি ল’ৰাই বিচাৰিলে____
মোৰ বুকুত বাট এটা
মই
পুৰনি গামোচা এখনত দেখুৱাই দিলো লতাফুল এটা ৷
বাবু !
তয়ে মোৰ পাটচাঙৰ ফুল ৷ সৰি পৰিছিল চকুৰ ঘাটত ধৰিব নোৱাৰা মাছ এটা
No comments:
Post a Comment