আকাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, December 1, 2021

আকাৰ

 আকাৰ

ববী দত্ত

টীয়ক



হাতেৰে লিৰিকি বিদাৰি ভাঙি পেলোৱা হ'ল পানী মিঠৈৰ বসন

মানচিত্ৰহীন এখন অকলুষ পৃথিৱীৰ মানচিত্ৰত চাইৰঙী জোঙা কলমৰ আগ্ৰাসন

কলমৰ ধাৰ ক'লৈ গ'ল ?

তৰুৱালৰ ধাৰ ধাৰতে ৰ'ল!


টেঁটু বেঁকা কৰি কোন হিলৈধাৰীয়ে চালে স্থানৰ মান

ওখ নে চাপৰ

নে খলাবমা দুয়ো কান


ওখ মাটিত শুই একেৰাহে লিখি থাকে আকাশৰ নক্ষত্ৰ পুঞ্জ

ধ্ৰুপদী পোহৰৰ অলংকাৰ

আৰু অলপ নপছা জিভাৰ কাহিনী।


যঁত লগা চিন্তাবোৰৰ বাবেই কামত টিং নিজিলিকে

যুঁজাৰুৰ বিমানত জুই লাগে

ডাঠুৱা দেশৰ সিপাৰৰ অন্য দেশত নাগৰিকৰ বৰপেৰা হেৰায়

অগীয়া বগীয়াকৈ ওলোটা খৰ মাৰে মানুহৰ অদেহী ভাগ্যই।


খেনোৰ লোভৰ লেলাৱতীত জলৌলৌৱা চোলা তিতে

খেনোৰ খঙত ভ্ৰূৰ মাজত বহি ৰয় আঙঠা সূৰ্য

কাৰোবাৰ ওঁঠ আৰু চকুৰ যুগলবন্ধী থমথমীয়া হাঁহিত কাকিনী সিংহাসন এখন জিলিকি উঠে।

কৌশলেৰে অকহি-পুৰুষলৈ সাঁচি ৰাখে সম্পত্তি ,অপথত পথ বান্ধি।


চোতালৰ আগৰ দুবৰি ভৰিৰ তলত নিমাত।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages