নৈৰ পাৰৰ শোকগাথা
ৰাজীৱ পায়েং
লক্ষীনগৰ চাৰিআলি(নগাঁও)
ভালপোৱাৰ নাৱত উঠাৰ পাছত
সিপাৰৰ পৰা ৰিঙিয়াই মাতে
এটি সুৰীয়া অই:নিতমে...
নদীয়াল নৈৰ বুকুত
ইপাৰ-সিপাৰ হিয়াৰ সাঁকো
ঢৌৱে ঢৌৱে কথা পাতে
নৈপৰীয়াৰ যুঁজৰ কথা
এমুঠি সুখৰ আৰু এমুঠি দুখৰ....
নৈখনক জুমি চাওঁ
শোক আৰু বিষাদেৰে হৃদয়ৰ ভিতৰেদি
সুৰংগ নিৰ্মাণ কৰিছিল....
ঢৌ খেলা দেহৰ ভাঁজত
থমকি ৰয় বুকুৰ ধুক ধুক শব্দ
নৈখনে মোৰ সংগোপনে এদিন আহি ক’লে
সিটো পাৰৰ আন্ধাৰ কলীয়া ছাঁত
কেনেকৈ আন্ধাৰ নামি আহিছে
তুমি দেখিছানে?
No comments:
Post a Comment