ইন্দিৰা ভৰালী প্ৰাথমিক বিদ্যালয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 2, 2022

ইন্দিৰা ভৰালী প্ৰাথমিক বিদ্যালয়

 ইন্দিৰা ভৰালী প্ৰাথমিক বিদ্যালয়

    জিতেন পায়েং

একে একে এঘাৰ এক দহ এক
একে দুয়ে বাৰহ এক দহ দুই..
ঘৰৰ ছাঁ ই বাৰন্দাৰ খুটা চোৱে
আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথম সত্ৰ সামৰণি পৰে
স্কুলৰ ঘণ্টাধ্বনি     
মুক্তিত নিস্প্ৰিহা যিটো সেহি ভকতক নমো...
কিৰণ চাৰৰ হাতত কোমলীয়া বাহঁৰ লেচেকণি
ঠৈলা পাৰি ফলিত                জীৱনৰ অ ফলা
কোন পিতাইৰ লৰা বপধনে  আবিস্কাৰ কৰ ভো মানে পৃথীবি  গোল মানে গোলাকাৰ      
 চেনিমাইৰ নেউতাত আউল লাগে বাৰে বাৰে
সপোণ  নুবুজা দিন
পানী খোৱা চুতিত
 বগৰী পকে
ৰঙানৈত পানী বাঢ়ে
লাহে লাহে এইদৰে

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages