অসমক ভাৰতৰ শ্রেষ্ঠতম ৰাজ্যৰূপে প্রতিষ্ঠাৰ সপােন
শর্মিষ্ঠা দত্ত
বাবুপাবা, বৰপেটাৰােড
সােণৰ অসমক ভাৰতবৰ্ষৰ শ্রেষ্ঠতম ৰাজ্যৰূপে গঢ়ি তােলাৰ সপােন আমাৰ। বৈচিত্র্যময় অসম যে ৰত্নগর্ভা সেয়া আমি সকলােৱে জানাে। প্রাকৃতিক সম্পদেৰে সমৃদ্ধ আমাৰ মাতৃভূমি অসমৰ বুকুত বৃহৎ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ উপস্থিতি, পাহাৰ-ভৈয়ামেৰে আবৃত, চাহ উৎপাদনৰ বাবে বিখ্যাত, সেউজীয়া কৃষিভূমি, অৰণ্য, বনাঞ্চল, বাষ্ট্ৰীয় উদ্যান সকলােৱে এক মিলনক্ষেত্র আমাৰ অসম। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পােৱামক্কাই অসমত হিন্দু-মুছলমানৰ মিলনক্ষেত্ৰ ৰূপে পৰিগণিত হয়। পৃথিৱীৰ বিভিন্ন প্রান্ত, বিভিন্ন দেশৰ পৰা পর্যটকসকলে আহে অসমমাতৃক দর্শন কৰিবলৈ। আমাৰ মাতৃভূমি অসম বিভিন্ন ধর্ম, বিভিন্ন বর্ণৰ ৰামধেনু ।
মাতৃতুল্য অসমক সর্বশ্রেষ্ঠ ৰাজ্যৰূপে স্বীকৃতিপ্রাপ্তিৰ আশা আমাৰ সকলােৰে, সেয়েহে এই আশাটোক বাস্তবায়িত কৰাৰ কৰ্তব্যও আমাৰ। অসম্ভৱ বুলি কলে একো নাই সেয়েহে বিশ্বাস কৰো যে এই সপােনটোক সঁচা কৰাও সম্ভৱপৰ। নতুন চৰকাৰৰ আগমনৰ প্ৰাকমুহুর্তত ঘৰৰ টেলিভিশনত এটা সংবাদ দেখিছিলাে,যত শ্ৰদ্ধাৰ অসমৰ মূখ্যমন্ত্রী মহােদয় শপতবাক্য পাঠ কৰি আছিল । সেই বাক্যটো আমাৰ মনত জীৱনৰ সঞ্চাৰ কবিছে। বাক্যটো হ'ল- “অসমক ভাৰতবৰ্ষৰ শ্রেষ্টতম ৰাজ্যৰূপে প্রতিষ্ঠা কৰাই হ'ব মােৰ মূখ্যমন্ত্রীপদৰ একমাত্র লক্ষ্য আৰু কর্তব্য।”
বিবেচনা কৰিলে দেখা যায় যে অসমক সর্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তােলাৰ বাবে আমি কিছুমান কাৰকৰ ওপৰত নির্ভৰযােগ্য হ'ব লাগিব। যিকোনাে এখন দেশৰ, এখন বাজ্যৰ উন্নতি প্রধানত নিৰ্ভৰ কৰে সেই দেশৰ বা সেই বাজ্যৰ প্রাকৃতিক সম্পদৰ অৱস্থিতি, যথাযথ ব্যৱহাৰ আৰু বিকাশসাধন, অর্থনৈতিক বিকাশ, শৈক্ষিক বিকাশসাধন, মানৱ সম্পদৰ বিকাশ,সামাজিক আৰু আর্থসামাজিক বিকাসসাধন, দৰিদ্রতা নিৰ্মূলকৰণ, স্বাস্থ্যসেৱাৰ বিকাশ, যুৱ প্ৰজন্মৰ উন্নতিসাধন, নাৰীসুৰক্ষা, সাংস্কৃতিক বিকাশ, নিৱনুৱা সমস্যা সমাধনৰ বাবে ব্যৱস্থা গ্রহণ আদিৰ ওপৰত।
আমি সকলােৱে জানাে যে আমাৰ অসম মাতৃভূমি প্রাকৃতিক সম্পদেৰে সমৃদ্ধ ৰাজ্য। কিন্তু এই সম্পদবােৰ কেৱল ব্যৱহাৰ কৰিয়েই কি আমাৰ কার্য শেষ হৈ যায় ? নাযায়, কেতিয়াও আমাৰ কাৰ্য কেৱল সম্পদ ভােগ কৰিয়ে শেষ হৈ নাযায়। প্রাকৃতিক সম্পদৰ ব্যৱহাৰ কৰাৰ লগে লগে সেই সম্পদবােৰ সংৰক্ষণ কৰাও আমাৰ কর্তব্য। ভৱিষ্যত প্রজন্মৰ বাবে সঞ্চয় কৰাৰ উদ্দেশ্যে আমাৰ প্রাকৃতিক সম্পদবােৰ সংৰক্ষণ কৰা প্রয়ােজনীয়। প্রাকৃতিক সম্পদৰ উৎপাদনৰ সৈতে জড়িত মানুহসকলক উপযুক্ত পাৰিশ্রমিক দিয়াটোও জৰুৰী। উদাহৰণস্বৰূপে অসম বিখ্যাত চাহৰ ভাল উৎপাদন আৰু উন্নতিসাধনৰ ক্ষেত্ৰত চাহ বাগিচাবােৰৰ শ্ৰমিকবােৰক পাৰিশ্রমিক বৃদ্ধি কৰা,স্বাস্থ্যজনিত ৰোগবিধিৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰা আদি।
নিবনুৱা সমস্যা হ'ল আমাৰ অসমৰ এক অত্যন্ত জ্বলন্ত সমস্যা। শিক্ষিত নিবনুৱাৰ সংখ্যা অসমত তুলনামূলকভাৱে অধিক। প্রতিযােগিতাৰ সমদৌৰত আজি যুৱ প্রজন্ম বহুত আগুৱাই থাকে। প্রযুক্তিৰ উন্নতিৰ লগে লগে মােবাইল ফোনৰ ব্যৱহাৰ ছাত্রসমাজক বহুত প্ৰভাৱিত কৰিছে। আগতে শুনা গৈছিল এশজনৰ ভিতৰত দহজনে প্রথম বিভাগত উত্তীৰ্ণ হৈছে। আৰু এতিয়া শুনা যায় এশজনৰ ভিতৰত ষাঠিজনেই প্রথম বিভাগত উত্তীৰ্ণ হৈছে। পঢ়া-লিখা যেন আজি প্রতিযােগিতাৰ দৌৰ। সকলাে এই প্রতিযেগিতাত উত্তীর্ণ হােৱাত অনুৰাগী। ভাল লাগে শুনিবলৈ যেতিয়া কোনােবাই কয় যে সিহঁতৰ ল'ৰা ডিষ্টিংশ্বন উচ্চ মাধ্যমিকত উত্তীৰ্ণ হৈছে। কাৰােবাৰ ভায়েকে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি আছে ।
যুৱ প্ৰজন্মৰ বিকাশ সাধনত চৰকাৰে প্রথম দিনৰ পৰাই প্রতিজ্ঞাবদ্ধ হৈছে। দৈনিক টেলিভিশনৰ পৰ্দাত দেখা যায় যে প্রতিদিনেই ড্রাগচসহ ড্ৰাগছ সৰবৰাহকাৰীক পুলিচে আটক কৰিছে। জনসেৱাত অসম আৰক্ষীৰ সৈনিকদ্বয়ও যেন প্রাণপন চেষ্টা চলাই আছে। ড্রাগ হ'ল এক বিষাক্ত মাদকদ্ৰব্য। যাক বিষ বুলিও কোৱা হয়। যিয়ে এচাম যুৱপ্ৰজন্মক আকৃষ্ট কৰিছে। কিন্তু চৰকাৰৰ প্ৰচেষ্টাত এক ড্রাগমুক্ত অসম অভিযান আৰম্ভ হৈছে যাৰ ফলাফল আমি প্রতিদিন আমাৰ টেলিভিশনৰ পৰ্দাত দেখি আছো।
মাদকদ্রব্যৰ প্ৰভাৱও যুৱ প্ৰজন্মৰ ওপৰত কম হয়। আজি বহুত কম বয়সীয়া ডেকা মাদকদ্রব্যৰ প্ৰতি আকৰ্ষিত। এচামে কয় মাদকদ্রব্য পান কৰাৰ কোনো নির্দিষ্ট দিন নাথাকে। আগতে জানিছিলো মানুহে মনৰ দুখ নিৰাময়ৰ বাবে কেতিয়াবা মাদকদ্রব্য সেৱন কৰিছিল। কিন্তু আজিকালি সেয়া এক অতীত বাক্যত পৰিণত হৈছে। এতিয়া দুখ, আনন্দ, বিহ সকলােতে মাদকদ্রব্য সেৱন কৰা দেখা যায়। মাদকদ্রব্যৰ বাবে যে কেৱল স্বাস্থ্যৰ ক্ষতি হয় তেনে নহয়। মাদকদ্রব্য সেৱনৰ ফলত একাংশ যুৱকে উন্মুক্ত হয়, যাৰ ফলত কিছু সংখ্যকৰ পাৰিবাৰিক বিচ্ছেদও ঘটে। দেশত প্রতিদিনেই কিডনি বেয়া হােৱা, লিভাৰত পানী হৈ লিভাৰ নষ্ট হােৱা আদি ভয়ংকৰ বেমাৰত আক্রান্ত হােৱা ৰোগীৰ সংখ্যা ক্রমাগত বৃদ্ধি হৈ আছে। আমাৰ যুৱ প্ৰজন্মক মাদকদ্রব্য সেৱন বিভিন্ন অপকাৰিতাৰ বিষয়ে অৱগত কৰা অত্যন্ত জৰুৰী। ড্ৰাগছৰ সৈতে মাদকদ্রব্য নিষিদ্ধ কৰাও প্রয়ােজন।
মানৱসৃষ্ট সম্পদৰ বিকাশসাধন এখন দেশৰ উন্নতিৰ বাবে অতি গুৰুত্বপূর্ণ বিষয়। বৈদেশিক সামগ্রীৰ বিক্ৰীৰ হাৰ কম কৰি যদি দেশীয় দ্রব্য উৎপাদন আৰু বিক্রীত গুৰুত্ব দিব পৰা যায়,তেন্তে নিশ্চিতভাৱে দেশৰ অর্থনৈতিক ভেটি আৰু বেছি সুদৃঢ় হ'ব। দেশীয় সামগ্রীৰ উৎপাদন আৰু ক্রয় বিক্রয় মাধ্যমত সাধাৰণ মানুহৰ জীৱিকাৰ পথ সুচল হ'ব। মানুহৰ সৈতে মানুহৰ আন্তৰিকতাৰ সম্পর্কও অত্যন্ত সুন্দৰ হ'ব।
এখন ৰাজ্যৰ উন্নতিসাধনৰ বাবে মানৱ সম্পদ সবাতােকৈ গুৰুত্বপূর্ণ উপাদান। মানৱ সম্পদৰ বিকাশ সাধন হলেহে দেশৰ বিকাশ সম্ভৱ। জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে যদি মানুহ এজনে আনজনৰ প্রতি মানৱতাৰ সুস্থিৰ আৰু সুন্দৰ নিদর্শন দিব পাৰে, কোনাে ভেদাভেদ নকৰি বিপদত এজনে আনজনৰ সহায়ক হয় তেন্তে সঁচা অৰ্থত আমাৰ ৰাজ্য ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ মানৱতাবাদী ৰাজ্য হিচাপে পৰিচিয় লাভ কৰিব । তেজৰ বৰণ যিহেতু সকলােৰে এক,সেয়েহে দেশমাতৃৰ সেৱাত আমি প্রত্যেকেই এজনে আনজনৰ লগত লগ হৈ আমাৰ সমাজক এক আদর্শ সমাজ হিচাপে গঢ়ি তােলাৰ বাবে চেষ্টা কৰিম।
নাৰী হ'ল দেৱীৰ আন এটি ৰূপ। নাৰী অবিহনে সৃষ্টিহীন এই ধৰণী। নাৰীয়ে অনন্যা। দেশত যিদৰে নাৰী ধর্ষণৰ ঘটনা ঘটি আছে তাৰ বাবে আমি সকলােৱে অতি মর্মাহত। মাতৃকোলৰ কেঁচুৱাটো যেতিয়া পশুৰূপী ধর্ষকৰ ধৰ্ষণৰ বলি হয় তেতিয়া আমাৰ সকলােৰে আত্মাই কষ্ট পায়। এখন ৰাজ্যৰ, এখন দেশৰ উন্নতি তেতিয়াই সম্ভৱ যেতিয়া সেই দেশৰ প্রতিজন শিশু আৰু প্ৰতিগৰাকী নাৰী সুৰক্ষিত হ'ব। দেশৰ আইন যেনেদৰে অপৰাধীৰ প্রতি কঠোৰ হৈ আছে আমি আশা কৰিব পাৰাে যে এদিন আমাৰ দেশৰ কোনাে শিশু অথবা কোনাে নাৰী ধৰ্ষণৰ বলি নহব। দেশৰ প্ৰতিগৰাকী নাৰী সুৰক্ষিত হ'ব। সমাজ সুৰক্ষিত হ'ব । সৃষ্টি সুৰক্ষিত হ'ব।
শিক্ষাই মানুহ গঢ়ে। শিক্ষা অবিহনে দেশ পােহৰবিহীন। দেশৰ প্ৰতিগৰাকী শিশু শিক্ষা গ্রহণৰ অধিকাৰ আছে। আমাৰ দেশৰ সংবিধানে প্রত্যেক শিশুক শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে। প্ৰতিজন সুনাগৰিকে শিক্ষাৰ মূল্যৰ বিষয়ে অৱগত। সকলােৱে বিচাৰে সিহঁতৰ সন্তানক সবাতােকৈ ভাল বিদ্যালয়ত নামভৰ্তি কৰিব আৰু সেইটোৱে স্বাভাৱিক। এখন নামী দামী বিদ্যালয়ত নিজৰ সন্তানক প্রতিষ্ঠিত মানৱ হিচাপে গঢ়ি তােলাৰ বাবে বিচাৰে।এখন নামী বিদ্যালয়ত নামভর্তি কৰিব বিচাৰে। কিন্তু যতিয়া সেই শিক্ষানুষ্ঠান ব্যৱসায়িক সংস্থান হয়,তেতিয়া সমাজে শিক্ষাতকৈ ফলাফল পত্রিকাত বেছি গুৰুত্ব দিয়ে। সেয়েহে আমাৰ লক্ষ্য ৰাখিব লাগিব যাতে শিক্ষা কাৰোবাৰ ব্যক্তিগত বৈভৱবৃদ্ধিৰ কাৰক হৈ নাযায়; দেশৰ প্রত্যেকগৰাকী শিশু শিক্ষাগ্রহণৰ মাধ্যমত প্রকৃত মানৱ হিচাপে গঢ়ি উঠে আৰু দেশমাতৃৰ সেৱাত নিজকে সমর্পণ কৰে। সমাজৰ বিকাশত অৰিহনা যােগায় , মানৱতাব নিদর্শন তুলি ধৰিব পাবে , নৈতিকতাৰ সংস্কৰ ঘটাব পাৰে।
অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম ৰাজ্যৰূপে প্ৰতিষ্ঠাৰ সপােনখন বাস্তবায়িত কৰাৰ বাবে আমি সকলােৱে সবল চেষ্টা কৰি যাম ! সমাজ সংস্কাৰৰ সৈতে দেশমাতৃৰ সেৱাত নিজকে নিয়ােজিত কৰিম। গােটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমক শ্রেষ্ঠতম ৰাজ্যৰূপে প্রতিষ্ঠিত কৰাই হ'ব আমাৰ প্রধান লক্ষ্য। আজিৰ পৰা আমি আমাৰ লক্ষ্যত উপনীত হােৱাৰ বাবে প্রতিজ্ঞাবদ্ধ হলাে।অসমৰ অর্থনৈতিক বিকাশ, মানৱ সৃষ্ট সম্পদৰ বিকাশ, শৈক্ষিক বিকাশ, আর্থসামাজিক আৰু সামাজিক বিকাশ, দৰিদ্ৰতা নিমূলকৰণ, স্বাস্থ্যসেৱাৰ উন্নতিসাধন, বন্যপ্রানী আৰু বনাঞ্চলৰ উন্নতি, নাৰীসুৰক্ষা আদিৰ দ্বাৰা অসমৰ উন্নতিসাধন হ'ব আৰু আমাৰ অসমমাতৃ শ্রেষ্ঠতম ৰাজ্যৰূপে প্রতিষ্ঠিত হ'ব।
No comments:
Post a Comment