বিষাণু বতাহ
নিৰু দত্ত
সৰুপথাৰ, গোলাঘাট
৭০০২২৪১১৪৫
মুখে মুখে
কাকতে পত্ৰই
ইথাৰত
ভাৰ্চুৱেল মিডিয়াত ভাহে খবৰ
জিজ্ঞাসা আৰু গণ-নিগ্ৰহৰ
মানুহক হেৰুৱাৰ ।
কৰোনা
ডেল্টা
অমিক্ৰন
সময়ক বাগি দি দেখোন চলাই টান ।
অন্তঃকৰণে
কুশল কামনাৰ
প্ৰাৰ্থনাৰ জোৰা দুহাত
চিনা - অচিনাজনলৈ
প্লাষ্টিকৰ বগা চোলাৰ আঁৰত
লুকাই থাকে এতিয়া ভগৱান ।
সাগৰৰ বুকুত চাপ কমে
ধৰাৰ বুকুত চাপ বাঢ়ে
তৌক্তে ঘূৰে , য়াচ্ পাছে পাছে
তচনচ মানুহৰ দম্ভৰ চূড়া
মাথো বালিৰ ধুমুহা
শৱানুগমন ইমান নিসংগ ...
এৰা , নিজৰেই কি নিৰাপত্তা এতিয়া
মাউৰ সময়ৰ বিষাণু বতাহত ।
No comments:
Post a Comment