কাগজৰ ফুল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 1, 2022

কাগজৰ ফুল

 


অংকুৰিতা ফুকন

      দেৰগাঁও(গোলাঘাট)

   ফোন নং-৮০১১৭৪৮১৪৩



কাণৰ খটখটিত পিছলি পৰিলে

কঁকাল ভাঙে নিমাখিত গীতবোৰৰ


শব্দৰ লাখুটিত ভেঁজা দি উঠিব খুজিলে

সপ্তৰাগে মেলানি মাগে

কাগজৰ ফুল নুফুলাই উত্তম বুলি


সেই গীতৰ শ্ৰোতা কোন

যি অনুভূতিহীনতাৰ চাকনৈয়াত বুৰে

বন্দী গীতবোৰ নিশাৰ পাৰিজাত

ওৰে নিশা উজাগৰে ফুলে

সেইজনেই পৰম সৌভাগ্যবান

যিয়ে ৰাতিৰ পাৰিজাতৰ সুবাস লভে


সাম্প্ৰতিক ছবি…


সুৰহীন গীতবোৰ দিনতে মৰহা কাগজৰ ফুল

আৰু অনুভৱহীন শ্ৰোতাসকল

ছালনাময় ভোমোৰাৰ জাক…


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages