মিচিং ভাষা শিক্ষাৰ বাবে বৌদ্ধিক আন্দোলনৰ প্ৰয়োজনীয়তা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 2, 2022

মিচিং ভাষা শিক্ষাৰ বাবে বৌদ্ধিক আন্দোলনৰ প্ৰয়োজনীয়তা

 

মিচিং ভাষা শিক্ষাৰ বাবে বৌদ্ধিক আন্দোলনৰ প্ৰয়োজনীয়তা

হৰিচৰণ পেগু

8638485254





অতি সম্প্ৰতি মিচিং আগম কেবাঙে প্ৰবৰ্তন কৰা মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰমটোৰ বাবে সমাজৰ বিভিন্ন স্তৰৰ মানুহে হিলদল ভাঙি নামভৰ্তি কৰিবলৈ দেখা পোৱা গৈছে । মহামান্য আগম কেবাঙে প্ৰতিখন বাংকেত অধ্যয়ন কেন্দ্ৰ মুকলি কৰি তথা বাংকেৰ বাহিৰতো কিছু কিছু অঞ্চলত গ্ৰহণযোগ্য পৰিচালনা সমিতিৰ উদ্যোগত এই পাঠ্যক্ৰম অধ্যয়নৰ সুবিধা কৰি দিছে । যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অধ্যয়নৰ বাবে আগুৱাই অহা দেখা পাইছো । তাৰোপৰি এই বৰ্ষৰ পাঠ্যক্ৰমৰ লগত শিক্ষন-শিকন তত্বক অন্তৰ্ভুক্ত কৰি আগন্তুক সময়ত মিচিং ভাষাৰ টেট হ'লে সাজু হ'ব পৰাকৈয়ো এই পাঠ্যক্ৰমে সহায় কৰিছে । কাজেই নিৱনুৱা যুৱক যুৱতীৰ মাজত এই পাঠ্যক্ৰমে আশাৰ সঞ্চাৰ কৰিছে । আনফালে আকৌ কৰ্মৰত শিক্ষক সকলেও এই পাঠ্যক্ৰমক সংযোগী পাঠ্যক্ৰম হিচাপে গ্ৰহণ কৰি পৰৱৰ্তী সময়ত মিচিং ভাষাৰ শিক্ষক হোৱাৰ সদ্দিচ্ছা দেখুৱাইছে । সবাতোকৈ ডাঙৰ কথা যি সকলৰ এই পাঠ্যক্ৰমৰ পৰা নিযুক্তিৰ দিশত বিশেষ একো লাভালাভ তথাপিও তেখেত সকলে ভাষাৰ শিক্ষাৰ জৰিয়তে জাতীয়তাবাদী ভাৱধাৰা গঠন কৰাৰ আৰু ভাতৃত্ববোধ গঠন কৰাৰ বাবে তথা একাংশ শিক্ষক প্ৰশিক্ষাৰ্থীয়ে ভাষাটোক বিশ্ব দৰৱাৰলৈ আগুৱাই নিয়াৰ বাবেই অধ্যয়ন কেন্দ্ৰত ভিৰ কৰিছেহি । উচ্ছ মাধ্যমিক স্তৰত কৰ্মৰত বহু শিক্ষকে মিচিং ভাষা অধ্যয়নৰ হেপাহ দেখুৱাতো সঁ‌চাকৈ ভাষাটোৰ বাবে অত্যন্ত শুভ খবৰ । 

        

       আগম কেবাঙৰ এই বিশাল পদক্ষেপৰ সমান্তৰাল ভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয় ও গুৱাহাটী বিশ্ববিদ্যালয়টো মিচিং ভাষাৰ ছমহীয়া ডিপ্লোমা কোৰ্চ বৰ্তমান প্ৰাপ্ত ।  ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শ্ৰদ্ধাভাজন ডঃ ভীমকান্ত বৰুৱা ছাৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শ্ৰদ্ধেয় ডঃ ননীগোপাল মহন্ত ছাৰৰ অহৰহ প্ৰয়াসত চেন্টাৰ ফৰ লেংগুৱেজ এন্দ কালচাৰ ষ্টাডিজত মিচিং ভাষা অন্তৰ্ভুক্ত হৈ ভাষাটোক বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাত সহায় কৰিছে । অৱশ্যে আমাৰ নিজৰ আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ অভাৱত সেই কেন্দ্ৰবোৰ এতিয়া মৰহি যাবলৈ ধৰিছে । সেয়া আজিৰ তাৰিখৰ ভাষা প্ৰীতিয়ে সেই অধ্যয়ন কেন্দ্ৰবোৰৰ পৰৱৰ্তী চাহিদাও পূৰণ কৰিব বুলি আমি আশা কৰিব লাগিব ।  

        

     এইখিনিতে আমাৰ নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলে কিয় মিচিং ভাষাটোক অধ্যয়ন কৰিব বিছৰা নাছিল তাৰ কেইটামান কাৰণ ফহিয়াই চাব খুজিছো। সুহ্ম পৰ্যবেক্ষণৰ পৰা উদ্ধাৰ হোৱা কেইটামান কাৰক -

 ১) নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ দাৱী যে যিকোনো এটা ভাষাৰ চৰ্চাৰ পৰা হ'ব লগা যি লাভালাভ সেইটো মিচিং ভাষাৰ অধ্যয়নৰ পৰা পোৱা নাযায় ।

২) বিশ্বায়নৰ যুগত মিচিং ভাষা অধ্যয়ন কৰি কৰ্মসংস্থাপন লাভ কৰিব নোৱাৰি । 

৩) মিচিং ভাষাৰ পৰিসৰ যিহেতুহে বৰ কম গতিকে ইয়াৰ অধ্যয়নৰ যোগেদি আধুনিক বিশ্বত একো কামত নাহে।

৪) তাৰোপৰি আমাৰ মিচিং সকলৰ মাজত চাৰিটা প্ৰধান গোটে মিচিং ভাষাটোৰ ব্যৱহাৰেই নকৰে । কালৰ বিপাকত তেওঁলোক ষোল্লশ সোতৰশ শতিকাৰ পৰাই নিজৰ ভাষাটো হেৰুৱাই পেলালে । তেওঁলোকে অসমীয়া ভাষা সংস্কৃতিৰ মাজত বিলীন হৈ পৰিছে । অসমীয়া ভাষাত বিলীন সেই সকল ঠেঙুলিয়ে মিচিং ভাষা অধ্যয়নৰ পৰা একো লাভালাভ নেদেখে । অথবা ভাষা শিক্ষাক আত্মপৰিচয়ৰ প্ৰথম পৰ্ব ৰূপে বিবেচনা নকৰা হৈছে । 

৫) আধুনিক সভ্যতাৰ পৰশত মানুহবোৰ চহৰমুখী হোৱাৰ লগে লগে নিজৰ ভাষা সংস্কৃতিক এলাগী কৰা আৰম্ভ কৰি দিছে । নগৰ-চহৰ নিবাসী একাংশ পৰিয়ালবোৰৰ সতি-সন্ততি সকলে আনকি ভাষাটোৰ কথিত ৰূপটোকো ব্যৱহাৰ নকৰা হৈ আহিছে । যাৰ বাবে আমাৰ ভাষাটো বিপদাপন্ন হিচাপে পৰিগনিত হৈছে । 


     নৱ প্ৰজন্মৰ ভাষাটোক অধ্যয়ন কৰি কি পাম ধাৰণাটোৰ বাবেই গৰিষ্ঠসংখ্যকে আমাৰ ভাষাটোক অধ্যয়ন কৰা নাই ।

 

      উপৰুক্ত কাৰকবোৰৰ নিৰ্বাণৰ বাবে তলত দুটামান পৰামৰ্শ উল্লেখ কৰি দিব বিচাৰিলোঁ । 


কাৰক নং ১ :

 নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি


বৰ্তমান দেশৰ যি নৱতম ৰাষ্ট্ৰীয় শিক্ষা নীতি , সেই শিক্ষানীতি মতে প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত প্ৰতিগৰাকী শিশুৱেই নিজৰ ভাষাত শিক্ষা লাভ কৰাটো মৌলিক অধিকাৰ ।  সেয়েহে পঞ্চম মান শ্ৰেণীলৈকে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ নিজৰ স্থানীয় ভাষাত শিক্ষালাভ কৰিব । অৰ্থাৎ মিচিং অধ্যুষিত অঞ্চলবোৰতো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পঞ্চম মান শ্ৰেণীলৈকে মিচিং ভাষাৰ পাঠদান হ'ব । যাৰ বাবে অধিকৰ পৰা অধিক মিচিং ভাষাৰ শিক্ষকক স্থানীয় অঞ্চলবোৰত নিয়োগ কৰিব লাগিব । 


আমাৰ মিচিং ভাষী লোকৰ জনসংখ্যা চাৰে সাত লাখ । যদি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ৩০ঃ১ ত শিক্ষকৰ প্ৰয়োজন হয় তেন্তে ৬ লাখ ১৯ হেজাৰ জনসংখ্যাৰ বাবে কিমান গৰাকী মিচিং ভাষাৰ শিক্ষক লাগিব নিজেই অনুমান কৰি লওক । অৰ্থাৎ পৰ্যায়ক্ৰমে নিযুক্তি দি গলেও মাত্ৰ মিচিং অধ্যুষিত অঞ্চলত বিশ হেজাৰোধিক শিক্ষকক নিযুক্তি দিব লাগিব । আৰু যদি সেই সমগ্ৰ শিক্ষক সকলৰ মিচিং ভাষাৰ জ্ঞান বাধ্যতামূলক হয় তেন্তে আমি সকলোৱে কৰ্মসংস্থাপ নাপামনে ? বহিঃ জিলাত কৰ্মৰত মিচিং শিক্ষক সকলো সেইবোৰ পদত মকৰল হবগৈ নোৱাৰিবগৈনে ?  ভাৱি চাওক । উত্তৰ আপোনাৰ নিজৰ হাতত । 


দ্বিতীয় কাৰক : জাতীয়তাবাদ বনাম বিশ্বায়ন 


বংগ ভংগ আন্দোলনৰ সময়তেই দেশত জাতীয়তাবাদে বিশেষ ভাৱে গা-কৰি উঠিছিল । আনকি সৰু সৰু জাতি জনগোষ্ঠীবোৰৰ মাজতো জাতীয়তাবাদী ভাৱধাৰাবোৰ উদ্ভাসিত হৈ উঠিছিল । যাৰ পৰিণতিত মিচিং দোৱান নামেৰে অভিধান সৃষ্টি হৈছিল , নিজৰ বুৰঞ্জী প্ৰণয়নৰ প্ৰয়াস চলিছিল । পৰৱৰ্তী সময়ত সেই জাতীয়তাবাদী চিন্তাধাৰাৰে ফচল ৰূপে সদৌ অসম মিৰি সন্মিলনৰ আত্মপ্ৰকাশ ঘটিছিল । ট্ৰাইবেল সংঘৰ সৃষ্টি হৈছিল । 

এনেধৰণৰ জাতীয়তাবাদী চিন্তাধাৰাৰ নৱ্য ৰূপ আজিৰ তাৰিখতো দেখা গৈছে । 

আজিৰ জাতীয়তাবাদত ৰাষ্ট্ৰীয়তাবাদৰ লগতে বিশ্বায়নৰো সংমিশ্ৰণ হৈ আছে । 

আজিৰ জাতীয়তাবাদ মাত্ৰ নিজৰ মাজত আৱদ্ধ নহয় । বৰঞ্চ নিজৰ পৰিচয় সমগ্ৰ বিশ্বত বিয়পাই দিয়াটোৱেও আজিৰ জাতীয়তাবাদৰ এটা প্ৰধান লক্ষ্য । 

আজিৰ জাতীয়তাবাদে নিজৰ গৌৰৱোজ্জ্বল অতীতক বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰিবলৈ অবিৰত প্ৰয়াস কৰা দেখা যায় । আজিৰ জাতীয়তাবাদে নিজৰ ৰং বিৰঙী বৈচিত্ৰ্যময় লোক সংস্কৃতিক বিশ্বায়নৰ ৰূপ দিব খোজে । নিজৰ নামত থকা সেই গৌৰৱোজ্জ্বল ঐতিহ্য পৰম্পৰাক নিজৰ অধিকাৰৰ ভিতৰত ৰাখিব খোজে । তাৰ বাবে GI প্ৰথাৰ সৃষ্টি হৈছে । পেটেন্ট প্ৰথাৰ সৃষ্টি হৈছে ।  আমি মিচিং সকলেও নিজৰ বাৰেবৰণীয়া কৃষ্টি সংস্কৃতিক বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰাৰ লগতে ইয়াক যথোপযুক্ত সংৰক্ষণৰ বিধিৱৎ ব্যৱস্থাৰ দিশে অগ্ৰসৰ হৈছে । 


গতিকেই মিচিং জাতীয়তাবাদী চিন্তাধাৰাৰ এক আমোঘ পদক্ষেপ হ'ব জাতিৰ পৰিচায়ক মিচিং ভাষাক বিশ্ব দৰৱাৰত তুলি ধৰা । আৰু এই কাম ভাষা অধ্যয়নৰ যোগেদিহে সম্ভৱ হ'ব ।  বিশ্বায়নৰ ফলত যেনেকৈ সমগ্ৰ পৃথিৱীৰ ভিন ভিন দেশৰ মানুহবোৰ একাকাৰ হৈ পৰিছে তেনে সন্ধিক্ষনত আমি আমাৰ ভাষাক গোলকীকৰণ কৰাৰ প্ৰয়োজন আহি পৰিছে ।  নৱ প্ৰজন্মইঅ ভাষাটোক অধ্যয়ন কৰাৰ লগতে ইয়াৰ গৱেষণামূলক কাৰ্যত ব্ৰতী হৈ বিশ্বৰ অন্যতম প্ৰতিষ্ঠিত ভাষাৰ শাৰীলৈ লৈ যোৱাৰ প্ৰয়াস কৰা উচিত । আমি গ্লোবেলাইজেচনৰ লাভালাভ উঠোৱা উচিত । যোৱা কিছুদিন পুৰ্বেই এগৰাকী প্ৰসিদ্ধ মাৰ্কিন গৱেষক ডঃ মাৰ্ক পোষ্ট দেৱে মূল্যৱান টোকা এটা আগবঢ়াই গৈছে । এয়া জানো বিশ্বায়নৰে ফলাফল নহয় । আমাৰ ভাষাটোক মাত্ৰ আমাৰ মাজতে আৱদ্ধ নাৰাখি আমি বিশ্বৰ সকলো প্ৰান্তৰলৈ ইয়াক লৈ যোৱাৰ প্ৰয়াস কৰিবই লাগিব । আৰু সেই প্ৰয়াস তেতিয়াহে ফলপ্ৰসূ হব যেতিয়া যুৱ প্ৰজন্মই ভাষাটোৰ অধ্যয়নৰ বাবে সমস্বৰে ওলাই আহে ।  মিচিং ভাষা অধ্যয়নৰ বাবে আমি এক বৌদ্ধিক আন্দোলন গঢ়ি তুলিবই লাগিব । অন্যথা ইয়াক আমি বিশ্বায়ন দূৰৈৰ কথা অস্বিত্ব হেৰুৱাৰ পৰাই নিজৰ ভাষাটোক বচাব নোৱাৰিমগৈ । 


তৃতীয় কাৰক ঃ 

অষ্টম অনুসূচীৰ বাবে ভাষা শিক্ষাৰ সমল প্ৰস্তুতি


যিকোনো ভাষাৰ পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰি ভাষাটিৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ বিষয়টো বিবেচিত হয় । পৰিসৰ আকৌ নিৰ্ভৰশীল দুটা প্ৰধান কাৰকৰ ওপৰত । এক , ভাষাৰ প্ৰচলনৰ পৰিসৰ    । অৰ্থাৎ কিমান সংখ্যক ব্যক্তিয়ে উল্লিখিত ভাষাটোক ব্যৱহাৰ কৰে । সদ্যহতে আমাৰ ভাষাটোক ব্যৱহাৰ কৰা মুঠ সংখ্যা চাৰে চাৰি লাখ । অৰ্থাৎ নিজৰে ছয় লাখ জনসংখ্যাৰে সকলোৱে একত্ৰিত ভাৱে আমি ভাষাটো ব্যৱহাৰ নকৰো । কিয়নো আমাৰ চাৰিটা ঠেঙুলিয়ে মিচিং ভাষাটোক ব্যৱহাৰেই নকৰে । চামুগুৰীয়া , বিহিয়া , বেবেজীয়া , বংকোৱাল আদিয়ে এতিয়াও কথিৰ ৰূপত ভাষাটোক ব্যৱহাৰ কৰাই নাই ।  গতিকেই পৰিসৰ নিতান্তই সংকুচিত হৈ আছে । 

   

     দ্বিতীয় কাৰক যাৰ ওপৰত ভাষাৰ পৰিসৰ নিৰ্ভৰ কৰে সেয়া হৈছে উল্লিখিত ভাষাটোৰ শিকন-শিক্ষনৰ সমলবোৰ । শিকন-শিক্ষনৰ সমল মানে হৈছে উক্ত ভাষাৰ শিক্ষাৰ বাবে কিমান পৰ্যাপ্ত ৰূপত অধ্যয়নৰ সমল আছে । অৰ্থাৎ কিমান সংখ্যক পঠনযোগ্য গ্ৰন্থ , কিমান বিদ্যায়তনিক কিতাপ-পত্ৰ আদি আছে তাৰ ওপৰত নিৰ্ভৰ কৰি ভাষাৰ পৰিসৰ নিৰ্ণীত হয় ।  সেই দিশৰ পৰা চাবলৈ গলে আমি যথেষ্ট পিছপৰা । সৌ তাহানিতে অৰ্থাৎ সত্তৰ দশকতে আগম মিগম টাইদ ছাৰ , পাদুন ছাৰ , পেৰ্মে ছাৰ সকলে অশেষ পৰিশ্ৰমত কেইবাখনো পঢ়াশলীয়া কিতাপ পত্ৰ ৰচিত হৈছিল । কিন্তু ইয়াৰ পাছত এনে প্ৰয়াস বহুদিনৰ পৰাই প্ৰায় বন্ধই হৈ যোৱা যেন বোধ হয় ।  আমাক তেনে এক বৌদ্ধিক আন্দোলনৰো অতীৱ প্ৰয়োজন ।  আমি পঢ়াশলীয়া কিতাপ-পত্ৰবোৰৰ প্ৰণয়নৰ দিশতো অগ্ৰাধিকাৰ দিব লাগিব । ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰণয়ন পৰিষদৰ আৰ্হিত স্থানীয় সমলৰ সৈতে আমি নিজৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ দিশত অগ্ৰসৰ হবই লাগিব । তেতিয়াহে আমি আমাৰ ঈস্পিত লক্ষ্যত উপনীত হব পাৰিম ।  তাৰ বাবে আমাক নিজৰ ভাষাটোক অধ্যয়ন ও গৱেষণা কৰাৰ অশেষ থল আছে । আৰু আমাৰ যুৱ প্ৰজন্মকো সেই দিশত অত্যন্ত আগ্ৰহেৰে আগবাঢ়ি আহিবৰ বাবে আমাৰ ফালৰ পৰা আন্তৰিক আহ্বান থাকিল । 


অন্য এক সংযোজন :

°°°°°°°°°°°°°°°°°°°°°°°°°

মিচিং ভাষাৰ অধ্যয়নক আমি হাইস্কুলীয়া স্তৰত ঐচ্ছিক বিষয় হিচাপে প্ৰক্ষেপ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে । তুলনামূলকভাৱে সৰল পাঠ্যক্ৰমেৰে অথবা অধিক নম্বৰ পাব পৰাৰ গাঁঠনিৰে যদি আমি হাইস্কুলীয়া পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে মিচিং ভাষাক অন্তৰ্ভুক্ত কৰিব পাৰো তেন্তে আমাৰ নৱ প্ৰজন্মই সেই দিশত অধ্যয়নৰ প্ৰতি ধাউতি দেখুৱাব । যিহেতুহে অসম চৰকাৰে "বিহু" নামেৰে এটা ঐচ্ছিক বিষয় হায়াৰ ছেকেণ্ডাৰীত অন্তৰ্ভুক্ত কৰিছে গতিকে মিচিং ভাষাক ঐচ্ছিক বিষয় ৰূপে হাইস্কুলত অন্তৰ্ভুক্ত কৰিব পৰাৰ থল আছে । 

আমি সেই বিষয়ত মিচিং আগম কেবাং তথা দায়িত্ববাহী সচেতন ও উৰ্ধতম কৰ্তৃত্বপ্ৰাপ্ত কৰ্তৃপক্ষ সকলৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ । 


     অৱশেষত মই মোৰ যুৱ প্ৰজন্মৰ বন্ধু বান্ধৱ সকললৈ বিনম্ৰ আৱেদন অতি সম্প্ৰতি আগম কেবাঙৰ দ্বাৰা প্ৰৱৰ্তিত ছমহীয়া কোৰ্চটোত যেনেকৈ আমি হিলদল ভাঙি নামভৰ্তি কৰিবলৈ আহিছো তেনেকৈ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দি থকা মিচিং ভাষাৰ অধ্যয়ন কেন্দ্ৰলৈ হিলদল ভাঙি নামভৰ্তিৰ বাবে আগুৱাই আহক । বিশ্ববিদ্যালয়ত প্ৰদান কৰা পাঠ্যক্ৰমটোৰ চাহিদা দেখদেখকৈ অইন কোৰ্চবোৰতকৈ অধিক মহত্বপূৰ্ণ । ইয়াৰ সাৰ্বজনিক গ্ৰহণযোগ্যতাও অধিক । সাধাৰণ স্তৰত অধিক কৰ্মোপযোগীও হয় । কাজেই বিশ্ববিদ্যালয়ৰ কোৰ্চবোৰত নামভৰ্তি কৰাটোত সকলোৱে গুৰুত্ব আৰোপ কৰে যেন । 


সদৌ শেষত সমূহ মিচিং শিক্ষাৰ্থীলৈ তথা সুধীবৃন্দলৈ এটাই আহ্বান যে আমি এক বৌদ্ধিক আন্দোলন গঢ়ি তুলিব লাগিব । আমি আমাৰ ভাষা অধ্যয়নৰ এক পৰিৱেশ ঘুৰাই আনিব লাগিব । এক সুস্থিৰ অধ্যয়নৰ পৰিৱেশ গঠন কৰিব লাগিব । তাৰ বাবে সকলোৰে উমৈহতীয়া সহযোগিতাৰ নিতান্তই প্ৰয়োজন । 

 

মিচিং ভাষা দীৰ্ঘজীৱী হওক ।

মিচিং ভাষা অমৰ হওক । 

মিচিং ৰেঙাম ইৰৰয় । 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages