মোৰ ভাষা জননী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 3, 2022

মোৰ ভাষা জননী

 মোৰ ভাষা জননী

                      

                        জাতিৰাম কামান

                         ৯৬৭৮০০৫০৫৮



     চিৰ চেনেহী,মোৰ ভাষা জননী।এৰা,আইৰ ভাষা চিৰদিনেই স্নেহৰ,চিৰদিনেই মৰমৰ।উপজিয়েই মাতৃদুগ্ধ পান কৰি মাৰ মুখলৈ চাই 'মা' বুলি প্ৰথম মাতষাৰ থুনুক-থানাককৈ মুখৰ পৰা নিগৰি অহা বাবেই মাতৃভাষা বোলা হয়।আৰু এই মাতৃভাষা কোৱ‍াতো আমাৰ জন্মস্বত্ব অধিকাৰ।সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ।মোৰ মাতৃভাষাক ক'বলৈ হাক দিয়া মানেই হল মোৰ মুখৰ মাতষাৰ কাঢ়ি নিয়া।বৰ্তমান চৰকাৰখনে জনজাতীয় ভাষাসমূহক লৈ কৰা পাঠ্যক্ৰমৰ আৰ্হিলৈ চালে তেনে কৰা যেনেই লাগে!

প্ৰথম শ্ৰেনীৰ পৰা পঞ্চম শ্ৰেনীলৈকে সম্পূৰ্ণ জনজাতীয়(ঘৰুৱা) ভাষাত শিক্ষাদান কৰাৰ বদলি অনুপাতিক ভাৱেহে পাঠদান কৰাৰ আৰ্হি প্ৰস্তুত কৰিছে,যাক Bridging language,অৰ্থাৎ সংযোগী ভাষা বা সেতুবন্ধন বোলা হৈছে।আমি জনামতে_

    অসম চৰকাৰে প্ৰস্তুত কৰা বুনিয়াদী পাঠ্যক্ৰমৰ আৰ্হি তলত দিয়া ধৰণৰ।

ইয়াত দুটা কেটেগৰিত ভাগ কৰা হৈছে ১/ঘৰুৱা ভাষা, যেনে_মিচিং/তিৱা/ৰাভা ২/প্ৰান্তীয় ভাষা,যেনে_অসমীয়া।

প্ৰথম শ্ৰেনীৰ পাঠ্যক্ৰমৰ মূল্যাংকন হব:-

জনজাতীয় ভাষা,উদাহৰণস্বৰূপে মিচিং ভাষা ৫০% এম আই এল(অসমীয়া) ভাষা ৫০%

দ্বিতীয় শ্ৰেনীত হব_মিচিং ৪০%অসমীয়া ৬০%

তৃতীয় শ্ৰেনীত অসমীয়‍া ৭৫% মিচিং ২৫%

চতুৰ্থ শ্ৰেনীত অসমীয়া ৮৫% মিচিং ১৫%

পঞ্চম শ্ৰেনীত অসমীয়া ৯০% মিচিং ১০%

তেনেদৰে পঞ্চম শ্ৰেনীত ইণ্ডিজেনিয়াচ লেংগুৱেজটো এম আই এল'ৰ লগত একেবাৰেই বিলীন বা মাৰ্জ কৰি দিয়া হব।ইয়াতে উল্লেখনীয় দিশটো হল যে প্ৰথম ষ্টেণ্ডাৰ্ডৰ পৰা পঞ্চম ষ্টেণ্ডাৰ্ডলৈকে ইংৰাজী বিষয়ৰ মূল্যাংকন ১০০% থাকিব।

     উক্ত আৰ্হিত ল'ৰা ছোৱালীয়ে প্ৰাথমিক পৰ্য্যায়ত শিক্ষা গ্ৰহন কৰিলে প্ৰকৃত জ্ঞান অৰ্জন কৰাৰ পৰিৱৰ্তে তুলনামূলক ভাষা চৰ্চাতেই সীমাবদ্ধ থাকিব যেন লাগে!আমাৰ ফুল কুমলীয়া ছাত্ৰ ছাত্ৰীক প্ৰয়োজন নিজৰ ঘৰুৱা ভাষাত গনিত,বিজ্ঞান বা অন্যান্য বিষয়ৰ ব্যৱহাৰিক জ্ঞান সহজে আয়ত্ব কৰাটো।ঘৰুৱা কথিত ভাষাত প্ৰাথমিক স্তৰত জ্ঞানাৰ্জন কৰিলে conception বেছি ভালকৈ clear হয়।যিটো NEP ৰ মূল লক্ষ্য আৰু উদ্দেশ্য।আৰু সেই লক্ষ্য আৰু উদ্দেশ্য সাৰোগত কৰি অসম চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিক সন্মান জনাই আচঁনি ৰূপায়ণ কৰাতো যুগুত।এইখিনিতে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত কি লিখা আছে এয়া ভালকৈ জনাতো দৰ্কাৰ।

    নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ত স্পষ্টভাৱে উল্লেখ কৰা আছে যে__পঞ্চম শ্ৰেনীলৈকে ঘৰুৱা ভাষাত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগ্ৰহন কৰিব পাৰিব।শিক্ষা আহৰণত ভাষা কেতিয়াও অন্তৰায় হব নালাগে।চালুকীয়া অৱস্থাত ছাত্ৰ ছাত্ৰীয়ে,বিশেষকৈ ভূমিপুত্ৰ জনজাতীয় সন্তানে অসমীয়া,হিন্দী,ইংৰাজীত শিকোঁতে যিমান অসুবিধাৰ সন্মুখীন হব তেনে সমস্যাৰ সন্মুখীন নহব নিজা ঘৰুৱা ভাষাত শিকিলে।আমাৰ উদ্দেশ্য হব লাগে নিজা ঘৰুৱা ভাষাৰে প্ৰাথমিক পৰ্য্যায়ত বিশুদ্ধ জ্ঞান দিয়া।যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাথমিক স্তৰতে conceptionবোৰ clear হয়।অন্য ভাষাত প্ৰাথমিক জ্ঞান আয়ত্ব কৰা হেতু বহু ছাত্ৰ ছাত্ৰী আধা কেচেলুৱা হৈ থাকে আৰু পৰৱৰ্তী কাললৈ এটা ভুল কনচেপ্সন লৈ ফুৰে।আমাৰ উদ্দেশ্য হব লাগে শুদ্ধ জ্ঞান আহৰণত ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰা,জোৰ জবৰদস্ত যিকোনো ভাষা জাপি দি ছাত্ৰ ছাত্ৰীক বিমোৰ কৰাতো উচিত নহয়।

    ইংৰাজী বিষয়টোৰ দৰে প্ৰথম ষ্টেণ্ডাৰ্ডৰ পৰা অসমীয়া ভাষাৰো দ্ৰুতপাঠ পঞ্চম শ্ৰেনীলৈকে ৰাখি বাকী সমুদায় পাঠ্যক্ৰম অকল ঘৰুৱা ভাষাত অৰ্থাৎ অসমৰ জনজাতীয় ভাষাসমূহত পাঠদানৰ ব্যৱস্থা কৰিব লাগে।মিচিঙকে আদি কৰি ৰাভা,তিৱা,দেউৰী আদিহে বাকী আছেগৈ প্ৰাথমিক পৰ্য্যায়ত পাঠ্যক্ৰম আগবঢ়াবলৈ।লগতে আদিবাসী চাদ্ৰী।বড়ো ভাষা ইতিমধ্যেই মেজৰ ইণ্ডিয়ান লেংগুৱেজত অন্তৰ্ভুক্ত হল।কাৰ্বি,মাৰ কুকি,মনিপুৰী,গাৰো,নেপালী ইত্যাদি ভাষাসমূহৰ নিজা ভাষাত ইতিমধ্যেই পাঠ্যক্ৰম আছেই আমি জনাত। অসমৰ জনজাতীয় ভাষাসমূহ অন্ততঃ প্ৰাইমেৰী লেবেলত শিক্ষাদানৰ ব্যৱস্থা থাকিলেও ভাষাসমূহ সংৰক্ষণ কৰাৰ লেখিয়া কথা হব।জনজাতীয় ভাষাসমূহ বিলুপ্তি সাধন কৰিলেই যে অসমীয়‍া ভাষাটো দুগুণ বেছি প্ৰস্ফুটিত হব তেনে কথা নহয়।অসমীয়া ভাষাটো ভাল পাই চৰ্চা কৰোঁ বুলি নিজ আইৰ মুখৰ ভাষাক অসন্মান কৰা নুবুজায়।সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজ বৰুৱাৰ বঙালী ভাৰ্য্যাই তেওঁক অসমীয়া এৰি বাঙালী ক'বলৈ কোৱাত বেজবৰুৱাই অতি উষ্মাৰে পত্নীক কটাক্ষ কৰি কৈছিল__তোমাক বিয়া কৰালো বুলিয়েই আইক এৰিম নে?এৰা,মাতৃদুগ্ধ পান কৰি প্ৰথমেই থুনুক থানাক মাতেৰে 'মা'বুলি মাতিবলৈ শিকা ভাষাটোৱেই হল মাতৃভাষা।অসমৰ জনজাতীয় সকলৰ বাবে তেওঁলোকৰ কথিত ভাষাটোৱেই হল মাতৃ ভাষা।অসমীয়া হল ধাত্ৰী ভাষা।ধাত্ৰীমা যশোদাক পালো বুলিয়েই জানো জন্মদাত্ৰী মা দৈৱকীক এৰিব পাৰি?কদাপি নোৱাৰি।

    অসমীয়া ভাষাটো অসমৰেই নহয়,বৰং উত্তৰ পূৰ্বাঞ্চলৰ লিংগুৱা ফ্ৰেংকা।অৰ্থাৎ সংযোগী ভাষা।নকওঁ নকওঁ বুলিও উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীয়েই কম বেছি পৰিমাণে অসমীয়া ভাষাটো কয়।জোৰ জুলুমকৈ অসমীয়া ক বুলি কাকো ক'ব নালাগে।জোৰ জবৰদস্ত কৰিলেই বিপদ।বড়োসকলক অসমীয়া ক ক বুলি জোৰ জুলুমকৈ অসমীয়া লিখাব পাৰিলেনে?হিতে বিপৰীতহে হল।অসমীয়া সম্পূৰ্ণ এৰি নিজা ভাষা বড়োক আপোন কৰি ললে তেওঁবিলাকে।অৱশ্যে বড়োসকলে  অসমীয়া নোকোৱাকৈ থকা নাই।বৰাকতো অসমীয়া জাপি দিব নোৱাৰিলে।বাষষ্ঠিৰ ভাষা আন্দোলনত তেৰ'গৰাকী বাঙালী যুৱক যুৱতী ছহিদ হল বাঙালী ভাষাৰ বাবে।কাছাৰৰ গোড়া শিলেটীয়াক কেতিয়াও অসমীয়া কোৱাব নোৱাৰি,তদ্ৰুপ কাৰ্বি-ডিমা হাচাওৰ কাৰ্বি, মাৰ-কুকিসকলৰ একাংশক।তিনচুকিয়াৰ খাছ মাৰোৱাৰী বিহাৰীক ইচ্ছা কৰিলেও অসমীয়‍া কোৱাব নোৱাৰি!চৰাঞ্চলৰ মৈমনসিঙীয়া মিঞা(অভিবাসী মুছলমান)ৰ তিৰি ছলিক অসমীয়া ভাষাটো শুদ্ধকৈ কোৱাব নোৱাৰি।তেনে পৰিপ্ৰেক্ষিতত অকল জনজাতীয় ভাষাসমূহক কাৰছাজি কৰি পাকে প্ৰকাৰে দবাই ৰাখিলে জানো অসমীয়া ভাষাটোৰ সমৃদ্ধি সাধন হব?

     মনত ৰখা ভাল যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতিসকলৰ ভাষা সংষ্কৃতিতেই গঢ় লৈ উঠিছে অসমীয়া ভাষা কৃষ্টি সংষ্কৃতি।অসমীয়া ভাষা সাহিত্যক আপোন কৰিবলৈ গৈ নিজৰ স্বকীয় জনজাতীয় ভাষা সংষ্কৃতিক এলাগী কৰাতো উচিত জানো?বড়ো,মিচিং,কাৰ্বি, ডিমাছা,ৰাভা,তিৱা,গাৰো,দেউৰী ইত্যাদি জনজাতীয় ভুমিপুত্ৰ সকলৰ ভাষা,কৃষ্টি -সংষ্কৃতি সমূহ হল এপাহ এপাহ ধুনীয়া ফুল সদৃশ অসমীয়া ভাষা সংষ্কৃতিৰ বাগিছা ডৰাত।ইয়াক নিৰহ নিপানীকৈ আলফুলে ধৰি ৰাখিলেহে অসমীয়া ভাষা সংষ্কৃতি জাতিষ্কাৰ হব,বিকশিত হব।তাকে নকৰি মুছৰি মোহাৰি থৈ দিলে অসমীয়া ভাষা সংষ্কৃতিৰ পথাৰখনেই উন্মুক্ত হৈ নপৰিব নে?

  অসমৰ জনজাতীয় খিলঞ্জীয়া ভুমিপুত্ৰসকল সদায়েই মুলসুঁতি অসমীয়া সকলৰ অবিচ্ছেদ্য অংগ হৈ আহিছে আৰু অসমীয়া জাতি থকালৈকে থাকিব। প্ৰাইমেৰী পৰ্য্যায়ত জনজাতীয় সকলৰ নিজা ভাষাত শিক্ষাদান কৰিলেই যে অসমীয়া ভাষাৰ পৰা ফালৰি কাটি আহিব,এই কথা নহয়।বুনিয়াদী স্তৰত গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে নিজা ঘৰুৱা ভাষাত প্ৰাথমিক জ্ঞানখিনি আয়ত্ব কৰিব পাৰিলে সুদূৰ প্ৰসাৰী প্ৰভাৱ ৰৈ যাব।অৰ্থাৎ স্পষ্টৰূপত জ্ঞানাৰ্জন কৰিব পাৰিব কোনো আসোঁৱাহ নথকাকৈ।পৰৱৰ্তী পৰ্য্যায়ত ষষ্ঠমান শ্ৰেনীৰ পৰা সুন্দৰকৈ যিকোনো প্ৰান্তীয় ভাষা বা ইংৰাজী ভাষাত পুৰাদমে শিক্ষাৰম্ভ কৰিব পাৰিব!চিক্স ষ্টেণ্ডাৰ্ডৰ পৰা ছাত্ৰ ছাত্ৰীৰ মগজু দ্ৰুতগতিত বিকশিত হবলৈ ধৰে আৰু যিকোনো বিষয়ক পাঠদানত বিষয়বস্তুক আয়ত্ব(grasp) কৰাত অসুবিধা নহয়।

   উপৰুক্ত দিশবোৰলৈ লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰাথমিক পৰ্য্যায়ত ঘৰুৱা ভাষাৰে পাঠদান প্ৰৱৰ্তনৰ ব্যৱস্থাটো আকৌ এবাৰ চালিজাৰি চাই পুনৰ্বিচাৰ কৰাতো উচিত।

   আমাৰ বোধেৰে প্ৰাথমিক স্কুলত জনজাতীয় নিজা কথিত ভাষাত সম্পূৰ্ণ পাঠদানৰ ব্যৱস্থা কৰিলে পিছ পৰা অঞ্চলৰ জনজাতীয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধিক ফলপ্ৰসু হব।তেনে ব্যৱস্থাই জনজাতীয় ভাষাক উদগনি যোগোৱাৰ লগতে উঠি অহা প্ৰজন্মক অধিক সুশিক্ষা দিয়াত অৰিহণা যোগাব।প্ৰাথমিক স্তৰত লাভ কৰা জ্ঞান আজীৱন মন মগজুত চিৰস্থায়ী ভাৱে খোদিত হৈ ৰৈ যায় যি জ্ঞানৰ ৰেখা অনমচ্য।আমি বাল্য কালৰে পৰা অসমীয়া,ইংৰাজী আৰু হিন্দী পঢ়ি আহিছোঁ যদিও আমাৰ মন মগজুত উদ্ৰেক হোৱা ভাৱ-ভাষাবোৰ নিজৰ ভাষাতেই হয় অহৰহ!The earth revolves round the sun.বা পৃথিৱীখন সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি ইংৰাজী বা অসমীয়াত বুজি পাবলৈ যিমান পৰ লাগিব তাতোকৈ অধিক কম সময় লাগিব সেই একেষাৰ কথা নিজৰ ঘৰুৱা ভাষাত বুজি পাবলৈ।গতিকে ঘৰুৱা ভাষাত ফুল কুমলীয়া লৰা ছোৱালীবিলাকক সহজ ভাৱে,সুন্দৰ ভাৱে শিক্ষা দিলে অতি শীঘ্ৰেই নজনা কথাবোৰ সহজে আয়ত্ত কৰিব পাৰিব আৰু ই পৰৱৰ্তী সময়লৈকে স্থায়ীভাৱে মন মগজুত খোদিত হৈ থাকিব।

  গতিকে চৰকাৰে কোনো হীনদেৰি নকৰি,হোঁহকা পিছলা নকৰি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ গইনা লৈ প্ৰাথমিক স্তৰত ঘৰুৱা ভাষাৰ পাঠ্যক্ৰম সম্পূৰ্ণৰূপত প্ৰস্তুত কৰি পাঠদানৰ ব্যৱস্থা কৰি ৰাষ্ট্ৰীয় শিক্ষানীতিক আখৰে আখৰে পালন কৰাত অসুবিধা কিহৰ?

The new National Education Policy 2020 should be implemented by the concerned state governments accordingly with fair manner.There shouldn't be any discrimination in policy implementation to any community of the society which has the eligibility to learn through their own languages as per directives of NEP.

   কেন্দ্ৰীয় চৰকাৰে clear cut instruction দিছে ৰাজ্যসমূহক শিক্ষানীতিক যথোপযুক্তভাৱে ৰূপায়ন কৰিবলৈ।চৰকাৰে সদিচ্ছাৰে তাকেহে কৰিব লাগে।কোনো বাধা বিঘিনি নোহোৱাকৈ সুন্দৰকৈ ৰূপায়ন কৰিব পৰা আচঁনিটো বিকৃত কৰি জনজাতীয় ভাষাসমূহ নিঃশেষ কৰাৰ ছলেৰে কফিনৰ শেষ গজালটো মাৰিবলৈ ৰাজ্য চৰকাৰে ক'ত অধিকাৰ পালেনো?

   আম‍াৰ বোধেৰে ৰাজ্য চৰকাৰৰ বিশেষ কোনো মূৰ ঘমাবলগীয়া নাই প্ৰাইমেৰী লেবেলত NEP ৰূপায়ন কৰিবলৈ।কেন্দ্ৰীয় চৰকাৰে বাট কাটি থৈছেই সুন্দৰকৈ।ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰৰ শিক্ষানীতিক সদিচ্ছাৰে,আন্তৰিকতাৰে পালন কৰিলেই হল।ৰাজ্য চৰকাৰে নিজাববীয়াকৈ পলিচী মেকিং কৰি মূৰ ঘমোৱাৰো প্ৰয়োজন নাই।এই ইমান সহজ কামটোকেই কৰিবলৈ চৰকাৰে বিভিন্ন সূত্ৰ উলিয়াই আনুপাতিক হাৰত ঘৰুৱা শিক্ষা ব্যৱস্থা কিয় প্ৰৱৰ্তন কৰিব বিচাৰিছে সেয়াহে নুবুজা সাথঁৰ!

  বৰ্তমানৰ শিক্ষামন্ত্ৰী গৰাকীয়েই ছাত্ৰাৱস্থাত কৈছিলে যে_ মই মাতৃ গৰ্ভত জন্ম লৈ প্ৰথমে যি ভাষাৰে মা বুলি কবলৈ শিকিছোঁ সেয়াই মোৰ মাতৃভাষা"।তেওঁ মিচিং সম্প্ৰদায়ৰ পৰা অহা মন্ত্ৰী।তেনে পৰিপ্ৰেক্ষিতত তেওঁ মিচিং/তিৱা/ৰাভা/দেউৰী ভাষাৰে প্ৰাথমিক স্কুলত সম্পূৰ্ণ পাঠদানৰ পোষকতা নকৰি কিয় ব্ৰিজিং লেংগুৱেজ কৰি পাঠদানৰ ব্যৱস্থা কৰিব বিচাৰিছে?ইয়াৰ অন্তৰালত কি নিহিত উদ্দেশ্য আছে?কেন্দ্ৰীয় শিক্ষানীতিয়ে মুক্তভাৱে ঘোষণা কৰি upper hand দিয়াৰ পাছতো ৰাজ্য চৰকাৰে কিয় যথাযথ ভাৱে ৰূপায়ন কৰা নাই NEP?চৰকাৰে কেন্দ্ৰীয় শিক্ষানীতিক সন্মান জনাই যথাযথ ৰূপায়ণ কৰক।তেনে কৰিলে চাউলো সিজিব মিতিৰো ৰ'ব।জনজাতীয় ভাষাৰে এল পি স্কুলত পাঠদান কৰাতো কোনো দোষণীয় নহয়,অসাংবিধানিকো নহয়।এয়া জন্মস্বত্ব অধিকাৰ।আৰু এই অধিকাৰক সন্মান জনাই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত আচঁনি প্ৰৱৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্য চৰকাৰৰ কৰণীয় মাথোঁ ইয়াক ৰূপায়ণ কৰা।Bridging language pattern এৰি medium of language কৰক অন্ততঃ  LP লেবেলত।তেনে ব্যৱস্থাই ছাত্ৰ ছাত্ৰীক উপকৃতহে কৰিব,অনিষ্ট নকৰে।চৰকাৰে সকলোৰে বাবে গ্ৰহনযোগ্য হোৱাকৈ পুনৰ্বিবেচনা কৰি ৰূপায়ন কৰাতো সুবিবেচনাৰ কাম হব বুলি আমি ভাৱোঁ।

ব্ৰিজিং লেংগুৱেজ নহয়,জনজাতীয় ৰাইজে মেডিয়ামহে বিচাৰিছে কেৱল মাত্ৰ এল পি স্কুলত।ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সেউজ সংকেত দিছে যেতিয়া অসম চৰকাৰে তদনুৰূপ কাৰ্য্যকৰী কৰি অসমৰ খিলঞ্জীয়া জনজাতীয় সকলক ন্যায্যতা প্ৰদান কৰক।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages