মিচিং ভাষা-শিক্ষা
খগেন পেগু
যোৱা সংখ্যাৰ পৰা…
নৱম অধ্যায়(দ্বিতীয় ভাগ)
Regressive Assimillation(পৰাগত সমীভৱন)
(c) p,t,k,s-ৰ আগত g নহৈ k হ'ব৷ সেইমতে—
(i) pৰ আগত g নহৈ k হ'ব৷ অৰ্থাৎ kp হ'ব(gp কেতিয়াও নহ'ব)৷ যেনে—
Tég+po=Tékpo—কাটিবলৈ ভাল
Tag+pung=Takpung—কোৰেৰে চফা কৰ্
Tíg+pum=Tíkpum—বলেৰে টানি একেলগ কৰ্
Lag+pum=Lakpum—হাত একেলগ কৰ্
Tag+por=Takpor—কোৰেৰে কাটি ভাঙি দে
Tíkpum—হাতেৰে লৈ যাব পৰা এভাগ(মাছ)
Rokpo—মতা কুকুৰা
Takpín—টাকুৰী কাটিবলৈ মুগা বহলাই ৰখা মাৰি ইত্যাদি৷
(ii) tৰ আগত g নহৈ k হ'ব৷ অৰ্থাৎ kt হ'ব(gt কেতিয়াও নহ'ব)৷ যেনে—
Líg+to=Líkto—ভৰা
Dug+tí=Duktí—দৌৰিয়ে থাক্
Tég+tung=Téktung—কাটি টুকুৰা কৰ্
Duktad—দূত৷ বিয়াৰ কটকী
Koktog—ভৰি পথান
Suktam—হৰ পহুৰ ছাল ইত্যাদি৷
(iii) kৰ আগত g নহৈ k হ'ব৷ অৰ্থাৎ kk হ'ব(gk কেতিয়াও নহ'ব)৷ যেনে—
Ug+kur=Ukkur—জুই পুৰি ফুটা হ
Porog+ko=Porokko—কুকুৰা এটা
Tég+ka=Tékka—কাটিছিলোঁ
Pég+ka=Pékka—(পাত আদি) চিঙিছিলোঁ
Ukkam—(আপঙৰ বাবে ভাত বনাওঁতে) কেৰাহিৰ তলিত লাগি পুৰি যোৱা ভাত
Ékkam—(তৰাপাত, কৌপাত আদি) পাত
Pakkom—কেতেকী চৰাই
Lakke—বাও হাত
Lakke:—আঙুলি ইত্যাদি৷
(iv)sৰ আগত k হ'ব৷ অৰ্থাৎ ks হ'ব(gs কেতিয়াও নহ'ব)৷ যেনে—
Pég+síng=Péksíng—পাত চিঙি ভালকৈ ৰাখ্
Dug+su=Duksu—দৌৰি লুকা
Dug+sang=Duksang—উজনিলৈ দৌৰ্
Uksíng go:yíng—সৰিয়হ ফুল(দেখাকৈ থাপৰ মাৰ্)৷ কিছুমানে Ongo: miki, অৰ্থাৎ জোনাকী পৰুৱাক Íksíng go:yíng বুলিও কয়৷
Maksong—নাচ৷ কিছুমানে Paksong বুলিও কয়৷
(d) p,t,k,sৰ বাদে বাকী এঘাৰটা সঘোষ ব্যঞ্জনধ্বনি b,d,g,j,l,r,n,m, ng,ny,yৰ আগত p,t,k নহৈ b,d,g হ'ব৷ যেনে—
Kab+dung=Kabdung—কান্দিছে,
Yub+bad=Yubbad=প্ৰয়োজনতকৈ অধিক শু
Yabgo—দুৱাৰ, দৰ্জা
Ab+jong=Abjong—কাঁড় বা গুলি মাৰিব জান্
Ab+lod=ভয় লগাকৈ কাঁড় বা গুলি মাৰ্
Yab+rum=Yabrum=বতাহৰ ধুৃূলি আদিয়ে ছাটি ধৰ্
Tub+nam=Tubban=খুন্দা মৰা কাৰ্য
Kab+mang=কন্দা নাই
Yub+ma:=Yubma:—শুৱা নাই
Yum+ma:=Yummang—(গাখীৰ) ক্ষীৰোৱা নাই
Gab+ma:=Gabma:—লুকুৱা নাই৷ কিছুমানে লঘোনে থকা নাই বুলিও কয়৷
Gam+mang=Gammanng—(সাপ আদিয়ে) কামোৰা নাই৷
Gub+ma:=Gubma:—উমনি দিয়া নাই, gummang ইত্যাদি৷ তেনেকৈ—
Yubnyíng, yubnger, nabyo, abbug, taddír, adjong,badlíng,gadrug,
Tadma:,kinmílo,adné, tadbgag,ménnyíng, adyir, magbo,rígdum, duggong,bugjer, pagli:,gagmur,dogné, pégngong, rongngam, dugnyog, mingmang,dugyir,tadngir ইত্যাদি আৰু বহুত আছে যিবোৰ ইয়াত লিখি দেখুৱালে এখন সৰু-সুৰা মহাভাৰত হ'ব৷ কিন্তু তাৰ বাবে আমাৰ সময়ৰ যথেষ্ট অভাৱ৷
Regreessive Assimillation, অৰ্থাৎ পৰাগত সমীভৱনৰ অধ্যায়টো আমি ইমানতে সামৰিলোঁ৷ ইয়াৰ পৰৱৰ্তী অধ্যায়ত আমি Progressive Assimillation, অৰ্থাৎ প্ৰগত সমীভৱনৰ বিষয়ে আলোচনা কৰিম৷
(আগলৈ…)
জানিব লগীয়া
ReplyDelete