ফাগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 3, 2022

ফাগুন

 ফাগুন

   টম মেদক



দিনৌ গণি আহিছোঁ তোমাৰ খোজ

তোমাৰ ধূলিৰ আলিবাট

তোমাৰ বালিৰ নদী ঘাট

তোমাৰ টকলা পাহাৰ

তোমাৰ একেখনি গাঁও


তই ঢেঁকীয়নিৰ মাজৰ চিঠিখন নাপালি

শালিকী কণী বৰণৰ আকাশৰ

উঁৰণীয়া ক’লীয়া মেঘে 

সাউতকৈ উৰি আহি উটুৱাই নিলে প্ৰিয় চিঠি


গাঁৱৰ বুঢ়া ঔটেঙা গছত জেওৰা গুজিৰে ঘঁহি ঘঁহি লিখিলো তোমাৰ নাম

তাকো বৰদৈচিলাই দিলে উঘাঁলি


কুলি আহি মাতি 

উৰিল

বসন্তৰ ফুল ফুলি আকৌ সৰিল


তই ফাগুন এতিয়াও 

মোৰে আপোন


1 comment:

Post Bottom Ad

Responsive Ads Here

Pages