আভোক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, February 2, 2022

আভোক

 আভোক 

গুনোজীৎ দাস 

দূৰভাষ- ৭৮৯৬৭৪৮৯৮৬




অনৰ্থক মায়া জাগিছে 

চুপি আছোঁ জলজ হাবিয়াস 


ভৰিৰ তলিত ঘাহনিৰ সুৰসুৰনি 


বিৰতিবোৰত চৰাইবোৰ ৰৈ থকা নাই 

বিজুলীতাঁৰত পৰি সৰুকৈ হলেও 

ছাঁ পাৰি বহিছে বাটৰ হাট 


নদীৰ মাতে মাতিছোঁ অৰণ্যক

অৰণ্যৰ কি শিথিলতা 


কবিতাৰে নপুংসক সঠিক শ্ৰেনী বিভাজন 

অনৰ্থক পিয়াহত ডুবি 


স্থলচৰ নে জলচৰ 

জলচৰ নে স্থলচৰ


সৰীসৃপ সময়ৰ সঠিক চালৰ গাঢ়তা 

ভোক যদি উভচৰ, অনৰ্থক পিয়াহ 


কোনো শিথিলতা নাই 

চৰিত্ৰত চৰাইৰ উৰণ 

নৈ কদাচিৎ নৰয়  


মলঙি যোৱাৰ অৱকাশ ক'ত 

হেৰ' চুবুৰি 

অনৰ্থক উশাহত মৰি থাক 


জলৰো নহলি স্থলত নৰলি 

অনৰ্থক পিয়াহৰ কি ছাঁ 


জলজ বিস্মৃতি

আকাশৰ ছবি বুকুত লৈ 

বগলী উৰণ 


ৰজাৰ শিথিলতা পি খোৱা 

ধেৎ অনৰ্থক পিয়াহ 


ভোকত মৰ 

লাজত অমৰণে মৰ 


ৰজাৰ শিথিলতাত বাঢ়ি দি 

চৌকাৰ জুই


যদি মায়া জাগিছে 

আকৌ এবাৰ মৰ 


নৈ মাতে মাত অৰণ্যক 

নৈ জাগিলে প্ৰজা বাচিব, 

বাচিব দেশ 


আভোক বাঢ়িছে আভোক


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages