কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, February 2, 2022

কবিতা

 কবিতা

স্বপ্নম জ্যোতি কলিতা

বেজগাওঁ, গোলাঘাট



খিৰিকী এখনে চোৱা

বুকুৰ ভিতৰেদি 

ব্ৰহ্মপুত্ৰৰ ঘোদলা পানীত আকাশ বিচাৰোঁতে

ফৰিং-ছিটিকা চকুৱে দেখি আহি

মূৰ-পোলোকা মাৰি

কবিতাত সোমাল


তৰা হাকুটিয়াই পাৰিবলৈ গৈ

চিত-ভোলোঙা খাই পৰি থকা হুদুমদেউ

দেখিছেনে পদূলিশুঙা

হাকুটি নাককাটি 


চোৱা চোৱা সোণৰ চৰাই

কেনেকৈ উৰি যায়


সোণৰ চৰাই ৰূপৰ পাখি

ভলুকা বাঁহৰ আখি ফুটি

বতাহৰ পাভলুটি


নাৰিকল পাতৰ চকুত চোৰাংচোৱা

বাগি দিব নোৱাৰি সজাতবন্দী শেনচোৱা


ৰʼদত শুকুৱাইছোঁ খৰি

আগলি পাতত শুৱাইছোঁ আত্মা


দিন-দুপৰতে ফেউৰাই জুৰিছে ৰাউচি

পাখি কাটি পুহিছোঁ পাৰ


এইমাত্ৰ ধপধপাই যি গুচি গ'ল

এহালি কপৌ।


ফোন নং: ৬০০১৬০৯৩৫৯


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages