সৃষ্টিৰ ঐক্যতান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 3, 2022

সৃষ্টিৰ ঐক্যতান

                                                  সৃষ্টিৰ ঐক্যতান

সুশান্ত দাস

শিৱসাগৰ



ৰম ব্ৰহ্মই পৃথিৱী খনি সৃষ্টি কৰিছে।। সৃষ্টিৰ মাহাত্ম্য বুজাতো কঠিন,কিন্তু সৃষ্টিৰ আঁৰৰ ৰহস্য বুজিব পাৰি।। সেইবোৰ গীতা, পুৰাণ,উপনিষদ,ভাগৱত, আদিত ব্যাখ্যা আগবঢ়াইছে।।সৃষ্টিৰ প্ৰতিটো বস্তুৰে এটা মোহনীয় ৰূপ আৰু কাৰ্যকাৰিতা লগতে অপকাৰিতা আছে।।উদাহৰণ স্বৰূপে ক'লা ৰঙটো,,ই ক'লা হলেও ইয়াক বহুতে প্ৰিয় ৰং বুলি গণ্য কৰে,, অৰ্থাৎ ইয়াৰ এটা মোহনীয়া ৰূপ আছে,ই আমাক নিশাৰ অনুভৱ বিলায় কিন্তু কোনোবাই তেওঁৰ ভৱিষ্যৎ ক'লা হোৱাটো নিবিচাৰে।। সৃষ্টিত বহুতো নীৰস বস্তু আছে কিন্তু সেইবোৰ হয়তো স্বাভাৱিক দৃষ্টিত ৰসাল নহ'ব পাৰে;কিন্তু যদি অলপ ৰস বিচাৰোঁ তেতিয়া হ'লে নিশ্চয় আমাক নিৰাশ নকৰে, ৰসৰ ভাণ্ডাৰ নহ'লেও ৰসৰ সন্ধান পাম।।যদি কলমৌৱে হনুমন্ত বীৰক অমৰ কৰিব পাৰে,তেন্তে শুষ্ক নীৰস বাক্যটো যদি অলপ ৰসাল কৰি তুলিব পাৰো তেতিয়াহ'লে একোখন শ্ৰেষ্ঠকাব্যত পৰিণত হ'ব আৰু সেইখনে অমৃতৰ ফল হৈ মানুহক মৃত্যুক জয়ী কৰিব পৰা শক্তি জানো নিদিব! আশ্বৰ্যকৰ কিন্তু সত্য।। যদি সৃষ্টিত সকলো বস্তুৱেই বিশ্ব বিমোহিনী ৰূপ ধৰে,আৰু সেই ৰূপে জানো সকলোকে বিমোহিত নকৰিব!সৃষ্টিৰ আঁৰত এই কথাবোৰৰ অৱলোকন ঘটিছে।। অজন্তা গুহাসমূহৰ চিত্ৰশিল্পত কিমান যুগৰ চিত্ৰকলা সঞ্চিত হৈ আছে,,এইবোৰে আমাৰ ভাৰতীয় সংস্কৃতিৰ সাগৰখন সৃষ্টি কৰিছে।।এখন চিত্ৰই মানুহৰ মনক কিমান সলায় দিব পাৰে সেইয়া হয়তো সকলোৰে অনুভৱ হৈছে।।যেনে: এখন নদীৰ কাষত এটা মাছৰোকাই আশাৰে নদীখনলৈ চাই থকা দৃশ্যই মনত কিমান নিস্তব্ধতা সুমুৱাই দিব পাৰে,,সেইটো হয়তো নীসঙ্গ ভাৱৰ প্ৰকাশ হয়।। সৃষ্টিত এটা অক্ষত ধ্বনি উঠিব লাগিছে।এই ধ্বনিৰ পৰা সৃষ্টিৰ বালিচন্দা এটাইও হাত সাৰিব পৰা নাই।।সকলো পদাৰ্থই এটা ধ্বনিৰ বাহক।।সেই যে শিমলু গছৰ তুলা উৰিছে তাতো এটা যেন আমি নিস্তদ্ধ হৈ শুনিব নোৱাৰা ধ্বনি উৰিছে,সেই যে আহাৰমহীয়া আকাশ ওন্দোলাই অনা ক'লা বাৰিদ ছটাইও এটা ধ্বনি কৰিব লাগিছে।। প্ৰতিজন মানুহৰে মনত সুখ-দুখৰ এটি গীত শুনিব পাৰিছো,, এইবোৰ সুৰতেই সোমাই আছে সপ্ত সুৰ, ৰাগ ৰাগিনী, বিভাৱনা আদিৰ সংযম।।হৃদয়ৰ গভীৰ কোণত সেইবোৰ সঘনাই বাজিব লাগিছে,,সৃষ্টিৰ স্তুতি যেন বিশ্বৰ সকলো ঠাইতে বাজিব লাগিছে।। মানুহৰ মনবোৰ এই সুৰবোৰে মোহি আছে।। এইবোৰেই বহুতো বাদ্যযন্ত্ৰৰ লগত গীতৰ সংগম দৰ্শাই সৃষ্টিৰ ঐক্যতান বজাই তুলিছে।। এই গীতৰ শব্দবোৰে এক সুকীয়া বৈশিষ্ট্য বহন কৰিছে।। সৃষ্টিৰ ৰচয়িতাৰ আৰাধনা কৰি লোকে শান্তি লভিছে।। সৃষ্টিৰ গুণ গাওতেই লোকৰ আহৰি নোপোৱা হৈছে।। সঁচাই সৃষ্টিখন বৰ অনুপম।।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages