ঔষধ উদ্ভিদ
প্ৰগ্ৰেছ মেদক
অসমীয়া সমাজত বিশেষকৈ উজনী অসমৰ অসমীয়া মানুহৰ আৰু জনজাতি মানুহৰ বাৰীপতা পদ্ধতি এক পৰম্পৰা।বাৰীপাতি বৃক্ষ ৰোপন আৰু সঙৰক্ষণৰ সহজ উপায় হৈছে ঘৰৰ চৌহদৰ বাৰী,এৰাবাৰী,কাঠনিবাৰী,বাহবাৰী,ফুলনীবাৰী,শাকনিবাৰী,তামোল পানৰ বাৰী,কঠিয়াতলী,ৰুৱাতলী আদি নানা ধৰণৰ বাৰী পতা পদ্ধতি।প্ৰধানতে এয়া অসমীয়া সমাজৰ এক স্বকীয় বৈশিষ্ট্য আছিল যদিও বৰ্তমান তেনে বাৰীপতা পদ্ধতি লুপ্ত পাবলৈ অগ্ৰহৰ হৈছে।
অসমৰ বিশেষকৈ বড়ো,মিচিঙ,কাৰ্বি,ৰাভা,তিৱা,ডিমাচা আদি জনজাতি লোক সকলে বনৌষধিৰ প্ৰয়োগ কৰাত অতিশয় আগৰণুৱা।বিভিন্ন ধৰণৰ বন দৰৱৰ গুণ তেওঁ লোকৰ মুখে মুখে প্ৰচলিত হৈ আহিছে।আজিও অসমত বহু অঞ্চলত জনজাতি বা জনগোষ্ঠী লোক আছে য'ত যি বেমাৰেই নহওক লাগে বনদৰৱৰ দ্বাৰা প্ৰথমে আৰোগ্য কৰিবলৈ চেষ্টা কৰে।
বৰ্তমান বহুতো লোকে ঔষধি গছ-লতা বোৰক ঘৰচীয়াকৰণ কৰিবলৈ চেষ্টা কৰিছে।অনেক প্ৰকৃতিপ্ৰেমী,স্বেচ্ছাসেৱী সঙগঠন,অনুষ্ঠান,প্ৰতিষ্ঠান, বিদ্যালয়,মহা বিদ্যালয়,বিশ্ব বিদ্যালয়ত আলোচনা চক্ৰ, প্ৰশিক্ষণ শিৱিৰ,কৰ্ম্মশালা, সন্মিলন আদি অনুষ্ঠিত কৰি বণৌষধি উদ্ভিদৰ গুৰুত্ব লাভ কৰিছে আৰু বন ঔষধৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ যত্নপৰ হৈছে।
বনষৌধি উদ্ভিদৰ প্ৰতি বৰ্তমান দূৰ্তগঠিত ভাবুকি আহিছে ।তথ্য মতে ভাৰতবৰ্ষৰ মুঠ বনৌষধি উদ্ভিদৰ ৯৩% শতাঙশই ভাবুকি গ্ৰস্হ।এই তথ্য প্ৰকাশ পাইছে বটানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ এটা শেহতীয়া সমীক্ষাত।সমীক্ষাটোত প্ৰকাশ পোৱা মতে ৩৫৯টা প্ৰজাতিৰ প্ৰধান বনৌষধিৰ ক্ষেত্ৰত চলোৱা অধ্যয়নত গৰিষ্ঠ সঙখ্যক প্ৰজাতিয়েই ভাবুকি গ্ৰস্হ বুলি জানিব পৰা গৈছে।ইতিমধ্যে বনৌষধি প্ৰজাতিৰ ৩৩৫টা "ৰেড লিষ্ট"ত অতিশয় ভাবুকি গ্ৰস্হ হিচাবে তালিকা ভুক্ত হৈছে বুলিও জানিব পৰা গৈছে। স্বাস্হ্য মণ্ট্ৰনালয়ৰ "আয়ুস" বিভাগে সদৰী কৰা মতে অৰুনাচল প্ৰদেশ,পশ্চিমঘাট আৰু ছিকিমৰ কেইবাটাও বিৰল প্ৰজাতিৰ বনৌষধি উদ্ভিদ লুপ্তপ্ৰায় বা অতিশয় ভাবুকি গ্ৰস্হ হৈছে।
No comments:
Post a Comment